June 19, 2024 9:03 PM

ৰক্তাল্পতা ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ ভাষণ

কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি কৈছে যে, কেৱল জনজাতীয় লোকসকল ৰক্তাল্পতা ৰোগত ভূগে বুলি সমাজত এটা ভুল ধাৰণা আছে। নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত আয়োজিত ৰক্তাল্পতা ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি বিষয়ক এখন ৰাষ্ট্ৰীয় সন্মিলনত সমবেত লোকসকলক সম্বোধন কৰি শ্ৰীওৰামে কয় যে এই ৰোগে যিকোনো লোককে আক্রান্ত কৰিব পাৰে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত অধিক সংখ্যক জনসাধাৰণ এই সন্দৰ্ভত সজাগ হোৱা উচিত। তেওঁ লগতে কয় যে, এই ৰোগৰ চিকিৎসাক মানৱীয় বিকাশৰ দৃষ্টিভংগীৰে চোৱা উচিত । তেওঁ লগ...