July 6, 2024 6:29 PM

যোৰহাট আৱৰ্ত ভৱনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰ্যালোচনা সভাত মন্ত্রী বিমল বৰাৰ অংশগ্ৰহণ

ৰাজ্যৰ উদোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বৰাই আজি যোৰহাট আৱৰ্ত ভৱনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। এই সভাত সাম্প্রতিক বান পৰিস্থিতি আৰু ইয়াৰ জোৰা মৰাৰ বাবে ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ক্ষয়-ক্ষতিৰ সম্পৰ্কত বুজ লৈ সংশ্লিষ্ট সকলো বিভাগকে দুৰ্যোগৰ সময়ত জনসাধাৰণৰ কাষত থাকি সহযোগিতা আগবঢ়াবলৈ নির্দেশ দিয়ে। তদুপৰি ক্ষতিগ্ৰস্ত ৰাইজে যাতে সাহায্য, চিকিৎসাসেৱা, বিশুদ্ধ খোৱাপানীকে ধৰি অত্...

June 27, 2024 7:48 PM

যোৰহাট জিলাখনৰ অপৰাধৰ তথ্য পৰ্যালোচনা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রৰ

যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রই আজি জিলাখনৰ অপৰাধৰ তথ্য পৰ্যালোচনা কৰে। জিলাখনত আজি অনুষ্ঠিত অপৰাধ পর্যালোচনা বৈঠকত শান্তি শৃংখলা অটুট ৰাখিবলৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত বিগত মাহত ভাল ফল দেখুৱাবলৈ সক্ষম হোৱা আৰক্ষী কৰ্মীক সম্বৰ্ধনা জনোৱা হয়।

June 18, 2024 6:28 PM

উত্তৰ যোৰহাটৰ নিমাতী সমীপৱৰ্তী বৰআলি কৈৱৰ্ত গাঁৱৰ ৰংগমঞ্চত বাল্য বিবাহ প্রতিৰোধ সম্পৰ্কীয় সজাগতা সভা

উত্তৰ যোৰহাটৰ নিমাতী সমীপৱৰ্তী বৰআলি কৈৱৰ্ত গাঁৱৰ ৰংগমঞ্চত আজি গাঁওপ্ৰধানৰ উদ্যোগত বাল্য বিবাহ প্রতিৰোধ সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাত উপস্থিত থকা বিভিন্নজনে বাল্য বিবাহৰ অপকাৰিতা, চৰকাৰী আইন, বাল্য বিবাহ প্রতিবোধ সম্পর্কত ভাষণ দিয়ে। অনুষ্ঠানটোত অঞ্চলটোব শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে।

June 13, 2024 7:01 PM

বিশ্ব শিশু শ্রম বিৰোধী দিৱস উপলক্ষে আজি যোৰহাটৰ চকলাটিং চাহ বাগিচাত সজাগতা সভা

বিশ্ব শিশু শ্রম বিৰোধী দিৱস উপলক্ষে আজি যোৰহাট জিলাৰ চকলাটিং চাহ বাগিচাত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত শিশু শ্ৰমিকৰ সমস্যা আৰু আনুষংগিক বিপদসমূহৰ বিষয়ে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে আলোচনা আগবঢ়ায়।

June 13, 2024 6:06 PM

যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন

যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজসমূহৰ বিষয়ে আলোচনা কৰা হয়। জলসম্পদ, বন, লোকনিৰ্মাণ, আভ্যন্তৰীণ জল পৰিবহণ, পৰিবহণ, খাদ্য আৰু অসামৰিক যোগান বিভাগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, কৃষি, পশুপালন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জলসিঞ্চন, আবকাৰী, সমাজ কল্যাণ, সমবায়, নগৰ পানীযোগান, দুগ্ধ উন্নয়ন আদি বিভিন্ন বিভাগৰ কাম-কাজৰ বিষয়ে জিলা আয়ুক্তগৰাকীয়ে বিভাগীয় বিষয়াসকলৰ সৈতে আ...

June 8, 2024 2:06 PM

যোৰহাটত আড়ম্বৰপূৰ্ণভাৱে পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতি দিৱস পালন

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতি দিৱস কালি যোৰহাটত আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সহযোগত যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত স্মৃতি দিৱস পালন কৰা হয়। যোৰহাট জিলাৰ সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাতুল চন্দ্ৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা স্মৃতি দিৱসৰ কাৰ্যসূচীত কৃষ্ণকান্ত সন্দিকৈৰ জীৱন আৰু দৰ্শনৰ সম্পৰ্কে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ অদিতি বেজবৰুৱাই বক্তৃতা প্ৰদান কৰে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি গল্পকাৰ আশিস ঘাটোৱাৰ...

June 1, 2024 2:01 PM

যোৰহাটৰ কে বি ৰোডত কাইলৈৰ পৰা ৪ জুন পর্যন্ত পুৱা ৫ বজাৰ পৰা ৯ বজালৈ নগৰৰ কিছু এলেকাত বিদ্যুৎ যোগান বন্ধ থাকিব

যোৰহাটৰ কে বি ৰোডত নির্মীয়মান ৰে’লৱে অভাৰব্ৰীজত কাম চলাৰ বাবে কাইলৈৰ পৰা ৪ জুন পর্যন্ত পুৱা ৫ বজাৰ পৰা ৯ বজালৈ যোৰহাট নগৰৰ উপকণ্ঠৰ কিছু এলেকাত বিদ্যুৎ যোগান বন্ধ থাকিব। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ যোৰহাট বৈদ্যুতিক উপসংমণ্ডলে জনোৱা অনুসৰি যোৰহাট ৩, ৭ নং আৰু বৰভেটা ফিডাৰৰ অন্তৰ্গত ছেউনী গাঁও, ডি চি বি ৰোড, জেইল বোড, বৰভেটা, মিছন চৌহদৰ লগতে আটিলা গাঁৱৰ কিছু এলেকাত বিদ্যুৎ সৰবৰাহ বন্ধ থাকিব।

May 31, 2024 7:31 PM

যোৰহাটৰ নাগিনীজান চাহ বাগিছাৰ ৯ নম্বৰ লাইনত আফ্রিকান ছোৱাইন ফিভাৰ

যোৰহাট জিলাৰ নাগিনীজান চাহ বাগিছাৰ ৯ নম্বৰ লাইনত আফ্রিকান ছোৱাইন ফিভাৰ ধৰা পৰিছে। যোৰহাট জিলা আয়ুক্তই এই সন্দৰ্ভত পশু আইন, ২০০৯ৰ ৬(১) ধাৰাৰ-সংক্রামক আৰু সংক্ৰমিত ৰোগ প্ৰতিৰোধ নিয়ন্ত্ৰণৰ অধীনত বাগিছাখনৰ ৯ নম্বৰ লাইনক আফ্রিকান ছোৱাইন ফিভাৰৰ মূল কেন্দ্ৰ হিচাপে ঘোষণা কৰিছে। এই সম্পৰ্কে জাৰি কৰা অধিসূচনা অনুসৰি নাগিনীজান চাহ বাগিছাৰ ৯ নম্বৰ লাইনৰ পৰা ১০ কিলোমিটাৰ এলেকাৰ ভিতৰত গাহৰি বেপাৰৰ লগতে আদান-প্রদান, বিক্ৰী আদি কাৰ্য বন্ধ কৰিব লাগিব। 

May 26, 2024 8:56 PM

যোৰহাট জিলা আয়ুক্তৰ সভাপতিত্বত গ্রীষ্মকালীন ৰোগ প্ৰতিৰোধ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা

যোৰহাট চিকিৎসা মহাবিদ্যালয় সভাকক্ষত যোৰহাট জিলা আয়ুক্তৰ সভাপতিত্বত গ্রীষ্মকালীন ৰোগ প্ৰতিৰোধ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। জিলাখনত গ্ৰীষ্মকালীন ৰোগ তথা মহ, মাখি আদিৰ দ্বাৰা সংক্রমিত হ'ব পৰা বিভিন্ন ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগ আৰু চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষক কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে। জিলাখনৰ বিভিন্ন ৰাজহ চক্ৰসমূহত কার্যবাহী দণ্ডাধীশসকলৰ উদ্যোগত এই সন্দৰ্ভত সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ লগতে ...

May 18, 2024 10:33 PM

ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট প্ৰশাসনৰ বিহিত ব্যৱস্থা গ্ৰহণ

যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ নাগিনীজান, গাভৰু গোহাঁইবাৰী চাহ বাগিচা অঞ্চলত ভালেসংখ্যক গাহৰিৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আজি পশুপালন বিভাগৰ বিষয়াসকলে অঞ্চলসমূহ পৰিদৰ্শন কৰি এই ৰোগৰ সংক্ৰমণ নিশ্চিত কৰাৰ বাবে নমুনা সংগ্ৰহ কৰে। আনহাতে জিলা পশুপালন বিভাগে জিলাখনত আজিৰে পৰা গাহৰিৰ মাংস বিক্ৰী নিষিদ্ধ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে।