September 11, 2024 6:42 PM

যোৰহাটত এইডছ আৰু মাদক দ্রব্য বিৰোধী পথ সজাগতা সভা অনুষ্ঠিত

যোৰহাট জিলাৰ বিভিন্ন স্থানত অসম চৰকাৰৰ এইডছ কনট্‌ল ছ'চাইটি আৰু যোৰহাট জিলা প্ৰশাসনৰ হৈ জিলা এইডছ নিয়ন্ত্রণ বিভাগৰ সৌজন্যত আজি এইডছ আৰু মাদক দ্রব্য বিৰোধী পথ সজাগতা সভা অনুষ্ঠিত হয়। অনুষ্ঠানত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বিশেষ পৰামৰ্শদাতাই এইডছ ৰোগ সংক্ৰমণ, প্ৰতিৰোধ আৰু এই ৰোগৰ ভয়াৱহতাৰ বিষয়ে বাহনা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। সজাগতা সভাৰ লগত সংগতি ৰাখি বাহনা অঞ্চলৰ বুধবৰীয়া সপ্তাহিক বজাৰ আৰু নিমাতী কমলাবাৰী ঘাটতো এইডছ আৰু মাদক দ্ৰব্যৰ অপকাৰিতা সন্দৰ্ভত দৃশ্য-শ্ৰব্য মাধ্যমেৰে উপস...

August 30, 2024 7:47 PM

যোৰহাট জিলাত নিৰীক্ষণ ভ্ৰমণ কাৰ্যসূচী ৰূপায়ণ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এটা দলে আজি যোৰহাট জিলাত নিৰীক্ষণ ভ্ৰমণ কাৰ্যসূচী ৰূপায়ণ কৰে। ভ্ৰমণৰ সময়ত দলটোৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ নৱজাতকৰ যত্ন কেন্দ্ৰ, শিশু যত্ন কেন্দ্র, শিশু বিভাগ আৰু স্ত্ৰী ৰোগ বিভাগকে ধৰি তাৎপৰ্যপূৰ্ণ স্বাস্থ্য সেৱাৰ সুবিধাসমূহ পৰিদৰ্শন কৰে। ইয়াৰ লগতে দলটোৱে ল'ৰাৰ কাৰণে নিৰ্দিষ্ট শিশু পর্যবেক্ষণ গৃহ ‘স্বৰাজ’-ও পৰিদৰ্শন কৰে। দলটোৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় তথা চিকিৎ‍সালয়ৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰৰ সৈতে আলোচনাত মিলিত হৈ চিকিৎসাল...

August 27, 2024 7:09 PM

যোৰহাট জিলাত কেইবাগৰাকীও অতিৰিক্ত জিলা দণ্ডাধীশক লৈ টাস্ক ফোৰ্চ গঠন

যোৰহাট জিলাত আইন শৃংখলা বৰ্তাই ৰখাৰ লগতে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে জিলা আয়ুক্তই নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি কেইবাগৰাকীও অতিৰিক্ত জিলা দণ্ডাধীশক লৈ টাস্ক ফোৰ্চ গঠন কৰা হৈছে। জনসাধাৰণে নিৰাপত্তাজনিত সমস্যাৰ সন্মুখীন হ'লে সংশ্লিষ্ট এলেকাৰ দায়িত্বত থকা অতিৰিক্ত জিলা দণ্ডাধীশসকলৰ সৈতে যোগাযোগ কৰিব পাৰিব। তদুপৰি থানা এলেকাসমূহত আইন শৃংখলা জনিত পৰিস্থিতিৰ উদ্ভৱ হ'লে অতিৰিক্ত দণ্ডাধীশৰ লগতে কাৰ্যবাহী দণ্ডাধীশ আৰু থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক যোগাযোগ কৰিবলৈ কোৱা হৈছে। এই আদেশ জি...

August 17, 2024 7:54 PM

যোৰহাট জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ তত্বাৱধানত বিভিন্ন ঠাইত ডিজিটেল শস্য জৰীপ আৰম্ভ

যোৰহাট জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ বিষয়াসকলৰ তত্বাৱধানত আজি জিলাখনৰ বিভিন্ন ঠাইত ডিজিটেল শস্য জৰীপ আৰম্ভ হৈছে। পূব যোৰহাট, পশ্চিম যোৰহাট, তিতাবৰ, মৰিয়নি আৰু টীয়কৰ বিভিন্ন ঠাইত কৃষি বিভাগৰ ডিজিটেল শস্য জৰীপৰ লগত জড়িত জৰীপকর্তা, তত্বাৱধায়ক আৰু প্ৰামাণিকসকলৰ সহযোগত এই জৰীপ কাৰ্য সম্পাদন কৰিবলৈ লোৱা হৈছে। এই ব্যৱস্থাই জিলাখনৰ কৃষকসকলৰ এখন সম্পূৰ্ণ ডাটাবেছ প্ৰস্তুত কৰি ভৱিষ্যতে প্রয়োজন সাপেক্ষে কৃষকৰ তথ্যসমূহ ব্যৱহাৰৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিব। শস্যৰ জৰীপে কৃষিভূমিৰ তথ্য সংৰক্ষণ কৰাৰ উপৰি আন...

July 28, 2024 7:16 PM

যোৰহাটত ডিজিটেল জৰীপ ব্যৱস্থা, খাৰিফ ২০২৪ সন্দৰ্ভত প্রস্তুতিমূলক সভা

যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি যোৰহাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত ডিজিটেল জৰীপ ব্যৱস্থা, খাৰিফ ২০২৪ সন্দৰ্ভত এখন প্রস্তুতিমূলক সভা অনুষ্ঠিত হয়। সভাখনত অংশগ্ৰহণ কৰি যোৰহাট জিলাৰ আয়ুক্ত পুলক মহন্তই ডিজিটেল জৰীপ ব্যৱস্থাৰ বিষয়ে আলোকপাত কৰে। অহা ৩ আগষ্টৰ পৰা জিলাখনত ডিজিটেল জৰীপ ব্যৱস্থাৰ প্ৰশিক্ষণ আৰম্ভ হ'ব বুলিও তেওঁ ঘোষণা কৰে। সভাখনত জিলা আয়ুক্তৰ লগতে জিলা উন্নয়ন আয়ুক্ত, কৃষি বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি বিভিন্ন বি...