August 31, 2024 5:56 PM

দিল্লীত খাদী মহোৎসৱ ২০২৪ আয়োজনৰ সন্দৰ্ভত মন্ত্ৰী জিতন ৰাম মাঝিৰ পর্যালোচনা বৈঠক

কেন্দ্ৰীয় অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দপ্তৰৰ মন্ত্ৰী জিতন ৰাম মাঝিয়ে আজি নতুন দিল্লীত খাদী মহোৎসৱ ২০২৪ আয়োজনৰ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশ লয়। দেশত খাদী সামগ্ৰীৰ প্ৰচলনৰ বাবে চলিত বৰ্ষৰ অক্টোবৰ মাহত খাদী আৰু গ্ৰমোদ্যোগ আয়োগে এই মহোৎসৱৰ আয়োজন কৰিছে। বৈঠকত শ্রী মাঝিয়ে খাদী আৰু গ্ৰমোদ্যোগ খণ্ডৰ সাফল্যৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। তেওঁ এটা নিৰ্ধাৰিত লক্ষ্যৰে ইয়াৰ আঁচনিসমূহ ৰূপায়ণত এটা ব্যাপক প্ৰয়াসৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মাঝিয়ে লগতে সমগ্র দেশত খাদীৰ বস্ত...

June 28, 2024 1:34 PM

দিল্লীত বিশ্ব অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উপলক্ষে দুখন নতুন আঁচনিৰ শুভাৰম্ভ মন্ত্রী জিতন ৰাম মাঝিৰ

কেন্দ্ৰীয় অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্রী জিতন ৰাম মাঝিয়ে কালি নতুন দিল্লীত বিশ্ব অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উপলক্ষে দুখন নতুন আঁচনিৰ শুভাৰম্ভ কৰে। কালি মুকলি কৰা এম এছ এম ই টীম নামৰ আঁচনিখনৰ লক্ষ্য হৈছে— ডিজিটিয় বাণিজ্যৰ মুক্ত নেটৱৰ্কৰ বাবে পাঁচ লাখ অতি ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উদ্যোগক সুবিধা প্ৰদান কৰা। ইপিনে কালি মুকলি কৰা য়শস্বিনী শীৰ্ষক উদ্যমে মহিলাৰ মালিকানাধীন অনানুষ্ঠানিক অতি ক্ষুদ্র উদ্যোগসমূহক আনুষ্ঠানিক কৰি গঢ়ি তোলাৰ লগতে প্ৰয়োজনীয় সুবিধা আৰু সাহায্...