September 13, 2024 9:11 PM

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা কেমেৰুণৰ প্ৰধানমন্ত্রী ফিলেমোন য়াঙক বিদেশ মন্ত্রী জয়শংকৰৰ অভিনন্দন

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৯ সংখ্যক অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে কেমেৰুণৰ প্ৰধানমন্ত্রী ফিলেমোন য়াঙক অভিনন্দন জনাইছে। ড০ জয়শংকৰে সামাজিক মাধ্যমযোগে কৈছে যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ নেতৃত্ব উন্নয়নশীল দেশৰ অগ্ৰাধিকাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় যে ভাৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ নতুন নেতৃত্বৰ অধীনত এই উমৈহতীয়া লক্ষ্যসমূহত উপনীত হোৱাৰ বাবে ইতিবাচক ভূমিকা পালন কৰিবলৈ বদ্ধপৰিকৰ। ইয়াৰ পূৰ্বে যোৱা ৬ জুনত ফিলেমোন য়াঙক নিউয়র্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য ক...

July 16, 2024 1:36 PM

আজিৰে পৰা দুদিনীয়া চৰকাৰী সূচীৰে বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ মৰিচাছ ভ্ৰমণ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজিৰে পৰা দুদিনীয়া চৰকাৰী সূচীৰে মৰিচাছ ভ্ৰমণ কৰিব। ভ্ৰমণকালত বিদেশ মন্ত্ৰীগৰাকীয়ে দেশখনৰ প্ৰধানমন্ত্রী প্রবীন্দ যুগনাথক সাক্ষাৎ কৰিব আৰু দেশখনৰ অন্যান্য জ্যেষ্ঠ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। তেওঁ লগতে দেশখনৰ অন্যান্য বিশেষ নেতাসকলৰ সৈতেও মত বিনিময় কৰিব। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি মন্ত্ৰীগৰাকীৰ এই ভ্রমণে ভাৰত আৰু মৰিচাছৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ অগ্ৰগতিৰ বুজ লোৱাত সহায় কৰিব। মন্ত্ৰ্যালয়ে কয় যে, বিদেশ মন্ত্ৰীগৰাকীৰ এই ভ্রমণে উভয...

July 4, 2024 2:45 PM

চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িক সাক্ষাৎ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ

■ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি আস্তানাত চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই সীমান্ত অঞ্চলৰ বাকী থকা বিষয়সমূহৰ ক্ষেত্ৰত আগতীয়া সমাধান সম্পর্কে পর্যালোচনা কৰে। উভয় পক্ষই সামৰিক আৰু কূটনৈতিক দুয়োটা ক্ষেত্ৰতে প্ৰচেষ্টা দুগুণ বৃদ্ধি কৰি এই লক্ষ্যত উপনীত হোৱাৰ বাবে সমর্থন আগবঢ়ায়। ড০ জয়শংকৰে কয় যে, প্রকৃত নিয়ন্ত্ৰণ ৰেখা এল এ চিৰ প্ৰতি সন্মান ৰাখি সীমান্ত অঞ্চলৰ শান্তি আৰু সম্প্ৰীতি নিশ্চিত কৰাটো অতি প্রয়োজন। তেওঁ কয় যে, ভাৰত-চীন দ্বিপাক্ষিক বান্ধোন, তিনিটা পাৰস্পৰিক...

March 29, 2024 7:50 PM

নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আৰু ইউক্রেইনৰ বিদেশ মন্ত্ৰী ডিমাইট্ৰ’ কুলেবাৰ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আৰু ইউক্রেইনৰ বিদেশ মন্ত্ৰী ডিমাইট্ৰ’ কুলেবা নতুন দিল্লীত বৈঠকত মিলিত হৈছে। দুয়োগৰাকী মন্ত্ৰীয়ে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহত দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু সহযোগিতাৰ বিষয়ে আলোচনা কৰিছে। উল্লেখযোগ্য যে ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী ডিমাইট্ৰ’ কুলেবা দুদিনীয়া ভ্রমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হৈছিল। এই ভ্ৰমণৰ সময়ত শ্ৰী কুলেবাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ সৈতে আনুষ্ঠানিক বৈঠককে ধৰি কেইবাটাও বিষয়ত আলোচনাত ...