September 20, 2024 7:23 PM
কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ জয়ন্ত হাজৰিকাৰ ৮১ সংখ্যক জন্মদিন উদযাপন
কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ তথা সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ ৮১ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটীৰ চানমাৰিৰ জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত আয়োজন কৰা অনুষ্ঠানত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক, চৰকাৰী বিষয়া তথা বহুকেইজন জ্যেষ্ঠ শিল্পীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত শিল্পীগৰাকীক স্মৰণ, পুস্পাঞ্জলি তৰ্পন আদিৰ লগতে তেখেতৰ গীত পৰিবেশন কৰা হয় ৷