June 1, 2024 8:45 PM

টাইৱান এথলেটিকছ অ’পেন প্ৰতিযোগিতাৰ জেভলিন থ্ৰ’ত ডি পি মনুৰ সোণৰ পদক অৰ্জন

ভাৰতৰ ডি পি মনুৱে টাইৱানত অনুষ্ঠিত টাইৱান এথলেটিকছ অ'পেন প্ৰতিযোগিতাৰ জেভলিন থ্ৰ'ত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ৮১.৫৮ মিটাৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে এই পদক হস্তগত কৰে। চীন টাইপেইৰ চাও চুন চেং আৰু চাও হং হুৱাঙে এই শিতানত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।

May 19, 2024 1:31 PM

পৰ্টুগালৰ লিছবনত অনুষ্ঠিত প্রতিযোগিতাত পুৰুষৰ জেভলিন থ্র’ত ভাৰতৰ বিক্ৰান্ত মাল্লিকৰ খিতাপ অৰ্জন

ভাৰতৰ বিক্ৰান্ত মাল্লিকে পৰ্টুগালৰ লিছবনত অনুষ্ঠিত মিটিং সিডেড দি লিছবোৱা ২০২৪ এথলেটিকছ প্রতিযোগিতাৰ পুৰুষৰ জেভলিন থ্র’ত খিতাপ অৰ্জন কৰিছে। বিক্রান্তে নিজৰ তৃতীয় প্ৰয়াসত ৮০.৩০ মিটাৰ দলিয়াই এই খিতাপ অৰ্জন কৰে। ২৮ বছৰীয়া মাল্লিকে প্ৰথম আৰু দ্বিতীয় প্ৰয়াসত ক্ৰমে ৭১.৭৩ আৰু ৭৪. ২৩ মিটাৰ দলিয়াই নিজৰ শিতানত আধিপত্য বৰ্তাই ৰাখে। ইপিনে পুৰুষৰ শ্ব’টপুটত ভাৰতৰ ধনবীৰ সিঙে দ্বিতীয় স্থান দখল কৰে। পুৰুষৰ হেমাৰ থ্ৰ'ত ধনমিত সিঙে ৬৫. ৯৪ মিটাৰ দলিয়াই তৃতীয় স্থানত থাকে ।