May 5, 2024 2:03 PM

জম্মু-কাশ্মীৰত গুলিয়াগুলীৰ ঘটনাত  শ্বহীদ বীৰ সৈনিক বিক্কি পহাড়েলৈ ভাৰতীয় বায়ু সেনা বাহিনীৰ শ্রদ্ধার্ঘ

সুৰক্ষা বাহিনীয়ে জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী পুঞ্চ জিলাত কালি বিয়লি ভাৰতীয় বায়ু সেনা বাহিনীৰ কনভয়ৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনা সংক্রান্তত ৪ জন লোকক আটক কৰিছে। এই আক্ৰমণত বায়ু সেনা বাহিনীৰ এজন জোৱান শ্বহীদ হৈছিল আৰু ৫ জন আহত হৈছিল। গ্ৰেপ্তাৰ কৰা লোককেইজনে আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীক সহায় কৰা বুলি সন্দেহ কৰা হৈছে। আক্ৰমণৰ সংঘটিত হোৱাৰ সময়ত বায়ু সেনা বাহিনীৰ কনভয়টো শশীধৰ বনাঞ্চলৰ পৰা ছনাই টোপ অভিমুখে গৈ আছিল। ৰাষ্ট্ৰীয় ৰাইফলছে আক্ৰমণৰ সৈতে জড়িত সন্ত্রাসবাদী সকলক কৰায়ত্ত কৰাৰ বাবে অঞ্চলটোত ...

May 5, 2024 12:41 PM

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন জোৱান শ্বহীদ

জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী পুঞ্চ জিলাত বায়ুসেনাৰ কনভয়ৰ ওপৰত কালি সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন জোৱান শ্বহীদ হোৱাৰ লগতে আন পাঁচজন আহত হয়। আহতসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে পুঞ্চ জিলাৰ শ্বাহ চাত্তাৰ বনাঞ্চল এলেকাত এই আক্রমণ সংঘটিত হয়। এই আক্রমণ অঞ্চলটোত এই বছৰ সংঘটিত প্ৰথমটো গুৰুতৰ সন্ত্ৰাসবাদী আক্রমণ।

April 28, 2024 8:14 PM

জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত সন্ত্ৰাসবাদীৰে গুলিয়াগুলীত গাওঁৰক্ষী বাহিনীৰ এজন লোক নিহত

জম্মু-কাশ্মীৰৰ জম্মু খণ্ডৰ উধমপুৰ জিলাত আজি সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলিয়াগুলীত গাওঁৰক্ষী বাহিনীৰ এজন লোক নিহত হয়। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিয়া মতে উধমপুৰ জিলাৰ বসন্তগড় অঞ্চলত আজি পুৱা সন্ত্ৰাসবাদীৰ সৈতে আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীৰ এটা যুটীয়া দলৰ গুলিয়াগুলীৰ সূত্ৰপাত হয় । নিহত লোকজনক খানেদৰ মহম্মদ শ্বৰীফ বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাৰ পাছতে উধমপুৰৰ পৰা সেনা বাহিনী, চি আৰ পি এফ আৰু আৰক্ষীৰ বিশেষ বাহিনী ততালিকে অঞ্চলটোলৈ ৰাওনা হয়। অঞ্চলটোত তালাচী অভিযান অব্যাহত আছে আৰু পাকিস্...