August 8, 2024 2:08 PM

জলজীৱন অভিযানৰ জৰিয়তে সমগ্ৰ দেশতে ৭৭ শতাংশ গ্রাম্য বাসগৃহত নলযোগে পানীৰ ব্যৱস্থা

জলজীৱন অভিযানৰ জৰিয়তে চৰকাৰে সমগ্ৰ দেশতে ৭৭ শতাংশ গ্রাম্য বাসগৃহত নলযোগে পানীৰ ব্যৱস্থা কৰিছে। লোকসভাৰ প্রশ্নোত্তৰ কালত আজি এটা পৰিপূৰক উত্তৰত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে কয় যে ২০১৯ চনত নৰেন্দ্ৰ মোদী চৰকাৰে এই আঁচনি আৰম্ভ কৰিছিল আৰু এতিয়ালৈকে ১৫ কোটি পৰিয়াললৈ নলযোগে পানীৰ সুবিধা প্ৰদান কৰা হৈছে। শ্ৰী পাটিলে কয় যে পৰিয়ালসমূহলৈ পৰিষ্কাৰ খোৱাপানী যোগানৰ ফলত বেমাৰ-আজাৰ দূৰ হোৱাৰ বাবে ৮ লাখ কোটিতকৈও অধিক টকা জমা কৰিব পৰা গৈছে বুলি অধ্যয়নৰ যোগেদি জানিব পৰা গৈছে।

July 22, 2024 6:55 PM

‘হৰ ঘৰ জল’ৰ অধীনত দেশত প্রায় ১১ কোটি ৭৫ লাখ গ্রামীণ পৰিয়ালক খোৱাপানীৰ সংযোগ প্রদান

কেন্দ্রীয় চৰকাৰে বিগত পাঁচটা বছৰত জলজীৱন অভিযান 'হৰ ঘৰ জল'ৰ অধীনত দেশত প্রায় ১১ কোটি ৭৫ লাখ গ্রামীণ পৰিয়ালক খোৱাপানীৰ সংযোগ প্রদান কৰিছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত জলশক্তি মন্ত্র্যালয়ৰ ৰাজ্য মন্ত্রী ভি সুমন্নাই আজি এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে ২০১৯ চনত এই অভিযান আৰম্ভ কৰাৰ সময়ত দেশৰ ৩ কোটি ২৩ লাখ গ্রামীণ পৰিয়ালতহে নলযোগে খোৱাপানীৰ সংযোগ প্রদান কৰা হৈছিল। সম্প্রতি দেশৰ ৭৭ শতাংশ গ্রামীণ পৰিয়ালতে নলযোগে খোৱাপানীৰ সংযোগ দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে প্রতিদিনে প্...