June 17, 2024 12:27 PM
কেন্দ্রীয় কয়লা আৰু খনি, ড’নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ দেওবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ
কেন্দ্রীয় কয়লা আৰু খনি, ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে দেওবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ৰাজ্যৰ সমৃদ্ধিশালী খনিজাত সম্পদৰ উপযুক্ত ব্যৱহাৰ সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰীৰ বৈঠকত ৰাজ্যত অব্যহাৰিত হৈ থকা খনিজাত সম্পদৰ ব্যৱহাৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠনৰ সিদ্ধান্ত গ্রহণ কৰা হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জি কিষাণ ৰেড্ডীক উত্তৰ-পূব মন্ত্ৰ্যালয়ৰ দায়িত্ব লাভৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।