May 25, 2024 6:36 PM

আই ডব্লিউ এফ বিশ্ব যুৱ ভাৰত্তোলন প্রতিযোগিতাত দেৱব্ৰত ভৰালীৰ স্বৰ্ণ পদক লাভ

পেৰুত অনুষ্ঠিত আই ডব্লিউ এফ বিশ্ব যুৱ ভাৰত্তোলন প্রতিযোগিতাত অসমৰ দেৱব্ৰত ভৰালীয়ে স্বৰ্ণ পদক লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে। ৭৩ কেজি শাখাত স্লেটছত ১৩৬ কেজি আৰু ক্লিন এণ্ড জাকত ১৬০ কেজি উত্তোলন কৰি ভৰালীয়ে এই সাফল্য অর্জন কৰিছে। যুৱ ভাৰত্তোলকৰ দলটো মুখ্য প্ৰশিক্ষক ৰূপত অসমৰ অলকেশ বৰুৱাই নেতৃত্ব প্ৰদান কৰিছে।

April 3, 2024 1:13 PM

IWF বিশ্বকাপ ভাৰোত্তোলন প্রতিযোগিতাত বিন্দিয়া ৰাণী দেৱীৰ ব্ৰঞ্জৰ পদক

♦ ভাৰতত বিন্দিয়া ৰাণী দেৱীয়ে কালি থাইলেণ্ডৰ ফুকেটত অনুষ্ঠিত IWF বিশ্বকাপ ভাৰোত্তোলন প্রতিযোগিতাৰ মহিলাৰ ৫৯ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। কমনৱেলথ গেমছত ৰূপ পদক বিজেতা বিন্দিয়া ৰাণীয়ে মুঠ ১৯৬ কিলোগ্রাম ভাৰ উত্তোলন কৰি তৃতীয় স্থান দখল কৰে। উত্তৰ কোৰিয়াৰ কাং হ্যোন গ্যোঙে সোণৰ আৰু ৰোমানিয়াৰ কেম্বেই মিহেলা- ৱেলেণ্টিনাই ৰূপৰ পদক অৰ্জন কৰে। মণিপুৰৰ ২৫ বছৰীয়া খেলুৱৈগৰাকীয়ে ক্লিন এণ্ড জার্ক শিতানত সৰ্বাধিক ১১৩ কিলোগ্রাম ভাৰ উত্তোলন কৰে। ইয়াৰ পূৰ্বে আঘাতৰ বাবে ৬ মাহ ধৰি খেলপথাৰৰ পৰা ...