August 4, 2024 6:15 PM

ইজৰাইলৰ উত্তৰ প্ৰান্তৰ বিট হিলেল চহৰক লক্ষ্য কৰি লেবাননৰ পৰা হিজবুল্লাৰ কেইবাটাও ৰকেট নিক্ষেপ

লেবাননৰ পৰা সন্ত্ৰাসবাদী কাম-কাজ চলাই থকা হিজবুল্লাই যোৱা নিশা ইজৰাইলৰ উত্তৰ প্ৰান্তৰ বিট হিলেল চহৰক লক্ষ্য কৰি কেইবাটাও ৰকেট নিক্ষেপ কৰে। ইৰাণৰ সমৰ্থনপ্ৰাপ্ত সন্ত্ৰাসবাদী গোটটোৱে কৈছে যে, পেলেষ্টাইনৰ জনসাধাৰণৰ প্ৰতি সংহতি প্ৰদৰ্শনৰ উদ্দেশ্যে এই আক্ৰমণ কৰা হৈছে। লেবাননৰ কেফৰ কেলা আৰু ডীৰ চিৰিয়ানে চহৰৰ ওপৰত ইজৰাইলে চলোৱা আক্ৰমণত প্ৰত্যুত্তৰত এই আক্ৰমণ কৰা হৈছে বুলি হিজবুল্লাই প্ৰকাশ কৰিছে । ইজৰাইলে কালি হিজবুল্লাক লক্ষ্য কৰি গুলিবর্ষণ কৰে আৰু দেশখনৰ নিয়ন্ত্ৰণত থকা পশ্চিম তীৰ তথা গাজা চহৰৰ এখন স...

April 15, 2024 1:40 PM

ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ ইৰান-ইজৰাইলক সংযম ৰক্ষা কৰাৰ আহ্বান

ইৰানে ইজৰাইলৰ ভূ-খণ্ডত ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰাৰ পাছত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে ইৰান-ইজৰাইলৰ বিদেশ মন্ত্ৰীৰ লগত বাৰ্তালাপ কৰি দুই দেশক সংযম ৰক্ষা কৰাৰ আহ্বান জনায়। ইৰানে ইজৰাইলত ২০০ৰো অধিক ড্ৰোণ আৰু ক্ষেপণাস্ত্ৰৰে আঘাত কৰাৰ ২৪ ঘণ্টা পাছত দুয়ো দেশৰ বিদেশমন্ত্ৰীগৰাকীয়ে পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ইৰানৰ বিদেশ মন্ত্ৰীৰে হোৱা বাৰ্তালাপত ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ইৰানে বন্দী কৰা ১৭ ভাৰতীয় নাগৰিকক মুকলি কৰি দিবলৈ আহ্বান জনায়।