May 8, 2024 4:39 PM

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত ছানৰাইজাৰ্ছ হায়দাবাদ বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি হায়াবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। দেলহি কেপিটেলছে যোৱানিশা দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছক ২০ ৰানত পৰাস্ত কৰে। খেলখনত দিল্লীয়ে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেটৰ বিনিময়ত ২২১ ৰান কৰে । প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে সুন্দৰ আৰম্ভণি কৰে যদিও দিল্লীৰ বলাৰসকলে ৰাজস্থানক ২০ অভাৰত ৮টা উইকেটৰ বি...

May 7, 2024 1:51 PM

আই পি এলঃ ৰাজস্থান ৰয়েলছ বনাম দিল্লী কেপিটেলছ

♦ আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ মুখামুখি হ'ব। বর্তমান পইণ্ট তালিকাত ৰাজস্থান দ্বিতীয় স্থানত থকাৰ বিপৰীতে দিল্লী ষষ্ঠ স্থানত আছে। প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দাবাদক ৭ উইকেটত পৰাস্ত কৰে। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ঘৰুৱা দলটোৱে আৰম্ভণিতেই তিনিটা উইকেট হেৰুৱাইছিল যদিও সূর্যকুমাৰ যাদবৰ অপৰাজিত শতকৰ সহায়ত ১৭ অভাৰ ২ টা বলত ১৭৪ ৰানৰ লক্ষ্য সফলতা...

May 6, 2024 1:36 PM

আই পি এলঃ কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৯৮ ৰানত পৰাজিত

♦আই পি এল ক্রিকেট প্রতিযোগিতাৰ লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৯৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে। ২৩৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি লক্ষ্ণৌয়ে ১৬ অভাৰ এটা বলতে আটাইকেইটা উইকেট হেৰুৱাই ১৩৭ ৰানহে কৰিবলৈ সক্ষম হয়। হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তীয়ে ৩টাকৈ মুঠ ৬টা উইকেট লাভ কৰি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বেটিং লাইন বিধবস্ত কৰে। দলটোৰ হৈ কে এল ৰাহুল আৰু মাৰ্কাছ ষ্ট’ইনিছে ৫০ ৰানৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই যদিও কে এল ৰাহুল আউট হোৱাৰ পাছতে সক...

May 4, 2024 12:52 PM

IPL: সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ VS ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ

♦ আই পি এল ক্রিকেট প্রতিযোগিতাত আজি বেংগালুৰুৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত গুজৰাট টাইটানছ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। ইফালে, কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক ২৪ ৰানত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে ১৭০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অ’ভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৪৫ ৰানহে কৰিবলৈ সমৰ্থ হয়। মুম্বাইৰ হৈ মিচেল ষ্টার্কে ৪টা উইকে...

May 3, 2024 12:03 PM

আই পি এলত ছানৰাইজাৰ্ছ হায়দাবাদে ৰাজস্থান ৰয়েলছক ১ ৰাণত পৰাস্ত

◊ ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা হায়দাবাদত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত ৰাজস্থান ৰয়েলছক ১ ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ২০২ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২০০ ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ যশস্বী জয়ছৱালে ৪০টা বলত ৬৭ আৰু ৰিয়ান পৰাগে ৪৯টা বলত ৭৭ ৰাণৰ বৰঙণি আগবঢ়ায়। হায়দাবাদৰ ভূৱনেশ্বৰ কুমাৰে তিনিটা আৰু পেট কামিনছ আৰু টি নটৰাজনে দুটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দাবাদে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধা...

May 2, 2024 12:12 PM

IPL: সন্ধিয়া ৭.৩০ বজাত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দাবাদৰ সন্মুখীন হ’ব

♦ আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজি হায়দাবাদত হ’বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দাবাদৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ৰাজস্থান ৰয়েলছ বৰ্তমানলৈকে খেলা ৯খন খেলৰ ভিতৰত ৮খনত জয়লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষত আছে। আনহাতে হায়দাবাদে ৯খন খেলৰ ভিতৰত পাঁচখনত জয়লাভ কৰি পঞ্চম স্থানত আছে। ইফালে, পাঞ্জাব কিংছে যোৱা নিশা চেন্নাই এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই চুপাৰ কিংছক সাত উইকেটত পৰাস্ত কৰে। পাঞ্জাব কিংছে ১৬৩ ৰাণৰ বিজয় লক্...

April 30, 2024 7:06 PM

আই পি এল ক্রিকেটত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু মুম্বাই ইণ্ডিয়ানছৰ খেল

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ'ব। ইপিনে, কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত দেলহী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰে। দেলহী কেপিটেলছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অ’ভাৰত ৯টা উইকেট হেৰুৱাই ১৫৩ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে ১৬ অ’ভাৰ আৰু ৩টা বলত ৩টা উইকেট হেৰুৱাই জয়...

April 29, 2024 12:52 PM

আই পি এলত আজি কলকাতা নাইট ৰাইডাৰ্ছ, দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি সন্ধিয়া চাৰে ৭ বজাত কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ, দেলহী কেপিটেলছৰ মুখামুখি হ'ব। আই পি এল ক্রিকেট প্রতিযোগিতাত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্রথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক ৯ উইকেটত পৰাস্ত কৰে। বেংগালুৰুৱে ২০১ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰত এটা উইকেট হেৰুৱাই ২০৬ ৰাণ কৰি বিজয় সাব্যস্ত কৰে। বেংগালুৰুৰ হৈ উইল জেকচে সর্বাধিক ১০০ ৰাণ কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে ৭০ ৰাণ কৰি অ...

April 27, 2024 11:33 AM

আই পি এল ক্রিকেট প্রতিযোগিতাৰ খেলত পাঞ্জাব কিংছৰ হাতত কলকাতা নাইট ৰাইডাৰ্ছ ৮ উইকেটত পৰাস্ত

 যোৱা নিশা কলকাতাৰ ইডেনগাৰ্ডেছত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত কলকাতা নাইটৰাইডাৰ্ছক ৮ উইকেটত পৰাস্ত কৰে। পাঞ্জাব কিংছে ২৬২ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু ৪ টা বলত ২টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। পাঞ্জাবৰ হৈ জনী বেয়ৰষ্টোই ১০৮ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। শশাংক সিঙে ৬৮ ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে কলকাতা নাইটৰাইডাছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ২৬১ ৰাণ কৰে। কলকাতাৰ হৈ ফিলিপ ছল্টে ৭৫ ৰাণ কৰাৰ বিপৰীতে সুনীল...

April 5, 2024 6:26 PM

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত চেন্নাই ছুপাৰ কিংছ vs ছানৰাইজাৰ্ছ হায়দাবাদ

♦আই পি এল ক্রিকেট প্রতিযোগিতাত আজি হায়দাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দাবাদ মুখামুখি হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব।