April 21, 2024 12:56 PM

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু -কলকাতা নাইটৰাইডাৰ্ছ আৰু পাঞ্জাব কিংছ গুজৰাট টাইটানছৰ মুখামুুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। বিয়লি চাৰে ৩ বজাত কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইটৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে, সন্ধিয়া চাৰে ৭ বজাত চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন খেলত পাঞ্জাব কিংছ গুজৰাট টাইটানছৰ মুখামুুখি হ'ব। প্রতিযোগিতাত যোৱা নিশা ছানৰাইজাৰ্ছ হায়দৰাবাদে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দেলহি কেপিটেলছক ৬৭ ৰানত পৰাস্ত কৰে। দেলহি কেপিটেলছে ২৬৭ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অ'ভাৰ আৰু...

April 17, 2024 7:03 PM

আই পি এলত আজি গুজৰাট টাইটানছ দেলহি কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুজৰাট টাইটানছ দেলহি কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। যোৱা নিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত প্রতিযোগিতাৰ এখন উত্তেজনাপূর্ণ খেলত ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছক ২ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি কলকাতাই নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২২৩ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ সুনীল নাৰিনে ৫৬টা বলত ১০৯ ৰানৰ বৰঙণি আগবঢ়ায়। ৰাজস্থানৰ আবেশ খান আৰু কুলদ্বীপ সিঙে দু...

April 17, 2024 11:07 AM

আই পি এলত যোৱা নিশা অনুষ্ঠিত খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছক ২ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি কলকাতাই নিৰ্ধাৰিত ২০ অ'ভাৰত ৬টা উইকেট হেৰুৱাই ২২৩ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ সুনীল নাৰিনে ৫৬টা বলত ১০৯ ৰানৰ বৰঙণি আগবঢ়ায়। ৰাজস্থানৰ আবেশ খান আৰু কুলদ্বীপ সিঙে দুটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে জছ বাটলাৰৰ অপৰাজিত শতকৰ সহায়েৰে ইনিংছৰ অন্তিমটো বলত বিজয় লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ ৰিয়ান পৰাগে ১৪টা বল...

April 16, 2024 6:41 PM

আই পি এল ক্রিকেটত আজি ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

কলকাতা নাইট ৰাইডাৰ্ছ আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইপিনে, চানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুক ২৫ ৰানত পৰাস্ত কৰে। বেংগালুৰু দলটোৱে ২৮৮ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৬২ ৰানহে কৰিবলৈ সক্ষম হয়। ইয়াৰ আগেয়ে ছানৰাইজাৰ্ছ হায়দাবাদে প্ৰথমে বেট ধৰাৰ আমন...

April 16, 2024 11:54 AM

আই পি এল ক্রিকেট প্রতিযোগিতাৰ কালিৰ খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে চানৰাইজাৰ্ছ হায়দাবাদৰ জয়লাভ

চানৰাইজাৰ্ছ হায়দাবাদে বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত যোৱা নিশা ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুক ২৫ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। ২৮৮ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি বেংগালুৰু দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৬২ ৰানহে কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ দিনেশ কার্তিকে ৩৫ টা বলত সর্বাধিক ৮৩ ৰানৰ বৰঙণি আগবঢ়ায়। দলটোৰ অধিনায়ক ফাফ ডু প্লেছিছে ২৮ টা বলত ৬২ আৰু বিৰাট কোহলিয়ে ২০টা বলত ৪২ ৰান কৰে। হায়দাবাদৰ হৈ পেট কামিন্সে ৩টা, মায়ংক মার্কাণ্ডে ২টা আৰু ...

April 15, 2024 2:18 PM

আই পি এল ক্রিকেট ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ'ব। কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৮ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ১৬১ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ নিকোলাছ পুৰানে ৪৫ ৰান কৰাৰ লগতে কে এল ৰাহুলে ৩৯ ৰান কৰে। প্ৰত্যুত্তৰত কলকাতা ন...

April 11, 2024 6:48 PM

আই পি এলত আজি ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাই ৱাংখেড়ে ষ্টেডিয়ামত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাত কালি নিশা জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক ৩ উইকেটত পৰাজিত কৰে। ১৯৭ ৰানৰ লক্ষ্যৰে খেলিবলৈ লোৱা গুজৰাট টাইটানছে খেলখনৰ অন্তিমটো বলত ৰছিদ খানৰ বাউণ্ডেৰীৰ সহায়ত ৭ উইকেটৰ বিনিময়ত ১৯৯ ৰান কৰি বিজয় সাব্যস্ত কৰে। দলটোৰ হৈ অধিনায়ক শুভমন গিলে ৪৪টা বলত ৭২ ৰানৰ বৰঙনি আগবঢ়...

April 10, 2024 12:30 PM

আই পি এল ক্রিকেট প্রতিযোগিতাৰ খেলত পঞ্জাৱ কিংছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দাবাদৰ ৰোমাঞ্চকৰ জয়লাভ

ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা চণ্ডীগড়ৰ মহাৰাজা যাদবেন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক ২ ৰানত পৰাস্ত কৰে। পাঞ্জাব কিংছে ১৮৩ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৮০ ৰানহে কৰিবলৈ সমৰ্থ হয়। পাঞ্জাৱৰ হৈ শশাংক সিঙে ২৫টা বলত ৪৬ ৰান কৰে। ইয়াৰ আগেয়ে ছানৰাইজাৰ্ছ হায়দাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৮২ ৰান কৰে। হায়দাবাদৰ হৈ নিতীশ ৰেড্ডীয়ে ৩৭টা বলত...

April 7, 2024 9:31 PM

আই পি এল ক্রিকেট প্রতিযোগিতাত মুম্বাই ইণ্ডিয়ানছ দেলহি কেপিটেলছৰ বিৰুদ্ধে ২৯ ৰানত জয়ী

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে দেলহি কেপিটেলছক ২৯ ৰানত পৰাস্ত কৰে। প্রথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ২৩৪ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ৰোহিত শৰ্মাই ২৭টা বলত ৪৯ ৰান কৰাৰ বিপৰীতে টীম ডেভিডে ২১টা বলত ৪৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। ডেলহি কেপিটেলছে ত ৮টা উইকেট হেৰুৱাই ২০৫ ৰান সংগ্ৰহ কৰে। ডেলহি কেপিটেলছৰ হৈ অক্ষৰ পেটেল আৰু এন্দ্ৰিক নর্জে দুটাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাৰ দ্বিতীয়খন খেলত আজি গুজৰাট টাইট...

April 6, 2024 5:08 PM

আই পি এল ক্রিকেট প্রতিযোগিতাত ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব। আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা হায়দাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদে চেন্নাই ছুপাৰ কিংছক ৬ উইকেটত পৰাজিত কৰে। ১৬৬ ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ছানৰাইজাৰ্ছ হায়দাবাদে নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ ১১টা বল বাকী থকা অৱস্থাতেই ৬ উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কি...