May 27, 2024 12:07 PM

তৃতীয়বাৰৰ বাবে আই পি এল ক্রিকেটৰ চেম্পিয়নৰ খিতাপ অৰ্জন কলকাতা নাইট ৰাইডাৰছৰ

কলকাতা নাইট ৰাইডাৰ্ছে কালি ছানৰাইৰ্জাছ হায়দৰাবাদক ৮ উইকেটত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে আই পি এল ক্রিকেটৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত কলকাতাই ১১৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মাত্র ১০ অভাৰ ৩টা বলতে দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলটোৰ হৈ ৰহমানুল্লা গুৰবাজে ৩৯ ৰান কৰাৰ বিপৰীতে ভেংকটেশ আয়াৰে ৫২ ৰান কৰি আউট নোহোৱাকৈ থাকে । ইয়াৰ পূৰ্বে ছানৰাইৰ্জাছ হায়দৰাবাদে টছত জিকি প্রথম বেট ধৰাৰ সিদ্ধান্ত লয়। দলটোৱে ১৮ অভাৰ...

May 26, 2024 12:52 PM

আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীর্ণ

ছানৰাইজাৰ্ছ হায়দৰাবাদ আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্রতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমখন কোৱালিফায়াৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে।

May 25, 2024 5:52 PM

কাইলৈ আই পি এলৰ ফাইনেলত ছানৰাইজাৰ্ছ হায়দাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

আই পি এল ক্রিকেট প্রতিযোগিতাত কাইলৈ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া ফাইনেলত ছানৰাইজাৰ্ছ হায়দাবাদ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে, ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

May 24, 2024 11:56 AM

আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ আজি দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰাজস্থান ৰয়েলছ

ৰাজস্থান ৰয়েলছ আজি চেন্নাইৰ এম এ চিডাম্বৰৰ্ম ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। এই খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি ইতিমধ্যে প্রতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে।

May 23, 2024 8:42 PM

আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰাজস্থান ৰয়েলছ

ৰাজস্থান ৰয়েলছ কাইলৈ চেন্নাইৰ এম এ চিডাম্বৰৰ্ম ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। এই খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। ৰাজস্থান ৰয়েলছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখনত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুক চাৰি উইকেটত পৰাস্ত কৰে।

May 23, 2024 6:47 PM

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়

ৰাজস্থান ৰয়েলছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক এলিমিনেটৰ খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক চাৰি উইকেটত পৰাস্ত কৰে। বেংগালুৰুৰ দলটোৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অ’ভাৰত ৮ উইকেটৰ বিনিময়ত ১৭২ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে ১৯ অ’ভাৰত ছটা উইকেট হেৰুৱাই ১৭৪ ৰাণ কৰে। ৰাজস্থান ৰয়েলছৰ হৈ যশস্বী জয়ছোৱালে ৩০ টা বলত ৪৫ আৰু ৰিয়ান পৰাগে ২৬ টা বলত ৩৬ ৰান সংগ্ৰহ কৰে। খেলখনত ৰবিচন্দ্রন অশ্বিন...

May 20, 2024 8:53 PM

আইপিএল ক্ৰিকেটৰ প্ৰথমখন কোৱালিফায়াৰত কাইলৈ ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ চলিত বৰ্ষৰ সংস্কৰণৰ প্লেঅফ পৰ্যায়ৰ খেল কাইলৈৰ পৰা আৰম্ভ হ’ব। কাইলৈ প্ৰথমখন কোৱালিফায়াৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ-কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। আনহাতে, একেই ষ্টেডিয়ামতে বুধবাৰে ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু এলিমিনেটৰ খেলত মুখামুখি হ'ব। চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়ামত ২৪ মে’ত দ্বিতীয়খন কোৱালিফায়াৰ আৰু ২৬ মে'ত ফাইনেল খেলখন অনুষ্ঠিত হ'ব।

May 20, 2024 6:35 PM

গুৱাহাটীত অনুষ্ঠিত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেলখন বৰষুণৰ বাবে বাতিল

আই পি এল ক্রিকেট প্রতিযোগিতাৰ কালি ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত গুৱাহাটীৰ বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয়। বৰষুণৰ বাবে নিৰ্ধাৰিত সময়তকৈ চাৰে ৩ ঘণ্টা পলমকৈ হোৱা টছত জিকি কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰতিকূল বতৰৰ বাবে খেলখন ৭ অভাৰলৈ সীমিত কৰিবলৈ বাধ্য হয় যদিও ইয়াৰ ঠিক পাছতেই পুনৰ বৰষুণ হোৱাত খেলখন সম্পূৰ্ণৰূপে বাতিল ঘোষণা কৰা হয়। ফলাফলবিহীন এই খেলখনৰ বাবে ৰাজস্থান ৰয়েলছ প্ৰতিযোগি...

May 18, 2024 10:48 PM

আই পি এলঃ বৰ্ষাপাৰাত টি-২০ খেলৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ টি-২০ ক্রিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ যাতায়তৰ সুবিধা হোৱাৰ লগতে জৰুৰীকালীন বাহন যেনে এম্বুলেন্স, স্কুল বাছ, অগ্নি নিৰ্বাপক বাহন আদিৰ চলাচল সুচল হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসাৰে কাইলৈ দিনৰ ৩ বজাৰ পৰা নিশা ১২ বজালৈ ২৭ নম্বৰ ৰাষ্ট্ৰ...

May 17, 2024 4:50 PM

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বনাম মুম্বাই ইণ্ডিয়ানছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ বাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে আই পি এলত ছানৰাইজাৰ্ছ হায়দাবাদ আৰু গুজৰাট টাইটানছৰ মাজত কালিৰ খেলখন বৰষুণৰ বাবে টছ নোহোৱাকৈয়ে পৰিত্যক্ত ঘোষণা কৰা হয়। ফলত হায়দাবাদ দলটো প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰে। প্লে অফ পৰ্যায়ৰ চতুৰ্থ তথা অন্তিম স্থানৰ বাবে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত প্ৰতিদ্বন্দ্বিতা অব্যাহত আছ...