May 25, 2024 5:52 PM

কাইলৈ আই পি এলৰ ফাইনেলত ছানৰাইজাৰ্ছ হায়দাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

আই পি এল ক্রিকেট প্রতিযোগিতাত কাইলৈ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া ফাইনেলত ছানৰাইজাৰ্ছ হায়দাবাদ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে, ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

May 25, 2024 11:42 AM

আই পি এল ক্রিকেটত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দাবাদৰ ফাইনেলত প্ৰৱেশ

ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । ৰাজস্থান ৰয়েলছে ১৭৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৩৯ ৰানহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ ধ্রুব জুৰেলে ৩৫টা বলত ৫৬ ৰান কৰি আউট নোহোৱাকৈ থাকে। হায়দাবাদৰ শ্বাহবাদ আহমেদে তিনিটা আৰু অভিষেক শৰ্মাই দুটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দাবাদে প্ৰথমে বেট ধৰা...

May 24, 2024 8:40 PM

আই পি এলৰ দ্বিতীয়খন কোৱালিফায়াৰ খেল ৰাজস্থান ৰয়েলছ বনাম  ছানৰাইজাৰ্ছ হায়দাবাদ

চেন্নাইৰ এম এ চিডাম্বৰম ষ্টেডিয়ামত আজি আই পি এল ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ  ছানৰাইজাৰ্ছ হায়দাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ৰাজস্থান ৰয়েলছে টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দাবাদক পৰাস্ত কৰি ইতিমধ্যে প্রতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে।

May 20, 2024 12:49 PM

অসমৰ জুনিয়ৰ ক্ৰিকেটাৰসকলৰ সৈতে কুমাৰ ছাংগাকাৰাৰ আজি বাৰ্তালাপ

আই পি এল দল ৰাজস্থান ৰয়েল্‌ছৰ ক্ৰিকেট সঞ্চালক তথা দলটোৰ মুখ্য প্রশিক্ষক কুমাৰ ছাংগাকাৰাই আজি অসমৰ জুনিয়ৰ ক্ৰিকেটাৰসকলৰ লগত এটা বাৰ্তালাপ অনুষ্ঠানত অংশ ল'ব। ইতিমধ্যে অসম ক্রিকেট একাডেমীয়ে এই অনুষ্ঠানৰ বাবে ৩৩ গৰাকী খেলুৱৈ বাছনি কৰিছে। ৰাজ্যৰ ১৯ বছৰ অনুৰ্ধৰ পুৰুষ আৰু মহিলা ক্রিকেটাৰে এই অনুষ্ঠানত অংশ ল'ব।

May 18, 2024 10:48 PM

আই পি এলঃ বৰ্ষাপাৰাত টি-২০ খেলৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ টি-২০ ক্রিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ যাতায়তৰ সুবিধা হোৱাৰ লগতে জৰুৰীকালীন বাহন যেনে এম্বুলেন্স, স্কুল বাছ, অগ্নি নিৰ্বাপক বাহন আদিৰ চলাচল সুচল হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসাৰে কাইলৈ দিনৰ ৩ বজাৰ পৰা নিশা ১২ বজালৈ ২৭ নম্বৰ ৰাষ্ট্ৰ...

May 17, 2024 4:50 PM

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বনাম মুম্বাই ইণ্ডিয়ানছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ বাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে আই পি এলত ছানৰাইজাৰ্ছ হায়দাবাদ আৰু গুজৰাট টাইটানছৰ মাজত কালিৰ খেলখন বৰষুণৰ বাবে টছ নোহোৱাকৈয়ে পৰিত্যক্ত ঘোষণা কৰা হয়। ফলত হায়দাবাদ দলটো প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰে। প্লে অফ পৰ্যায়ৰ চতুৰ্থ তথা অন্তিম স্থানৰ বাবে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত প্ৰতিদ্বন্দ্বিতা অব্যাহত আছ...

May 14, 2024 11:44 AM

আই পি এলত গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেল পৰিত্যক্ত ঘোষণা

গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া আই  পি এল ক্রিকেট প্রতিযোগিতাৰ খেলখন বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা  কৰাত গুজৰাট দলটো প্ৰতিযোগিতাৰ প্লেঅফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। খেলখন পৰিত্যক্ত ঘোষণা কৰাত কলকাতা আৰু গুজৰাট উভয় দলে এক পইণ্টকৈ লাভ কৰে। ফলত প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষ দুটা দলৰ মাজত ইতিমধ্যে প্লেঅফ পৰ্যায়ত প্রবেশ কৰা কলকাতা নাইট ৰাইডাৰ্ছৰ স্থান নিশ্চিত হৈ পৰে। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল...

May 11, 2024 5:48 PM

আই পি এলঃ বৰ্ষাপাৰা ষ্টেডিয়ামত ১৫ আৰু ১৯ মে’ত আই পি এলৰ দুখন খেল

আই পি এল ক্রিকেট প্রতিযোগিতাৰ দুখন খেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ১৫ আৰু ১৯ মে'ত অনুষ্ঠিত হ'ব। ১৫ মে'ত সন্ধিয়া ৭.৩০ বজাত ৰাজস্থান ৰয়েলছ পাঞ্জাব কিংছৰ আৰু ১৯ মে'ত দলটো কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে খেলি থকা ৰাজস্থান ৰয়েলছ দলৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰৰ উপস্থিতত আজি বি চি চি আইৰ যুটীয়া সচিব দেৱজিত শ‍ইকীয়াই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, খেল দুখনৰ বাবে অহা ১৩ মে'ত ৰাজস্থান ৰয়েলছ দলটো গুৱাহাটীত উপস্থিত হ'ব। সংবাদমেলত ৰাজস্থান ৰয...

May 11, 2024 2:54 PM

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

● আই পি এল ক্রিকেট প্রতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইফালে গুজৰাট টাইটানছে যোৱানিশা আহমেদাবাদত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৩৫ ৰানত পৰাস্ত কৰে। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে ২৩২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৯৬ ৰানহে সংগ্ৰহ কৰে। চেন্নাইৰ হৈ ডেৰিল মিছেলে সৰ্বাধিক ৬৩ ৰান কৰে। গুজৰাটৰ মোহিত শৰ্মাই ...

May 9, 2024 5:10 PM

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত পাঞ্জাব কিংছ বনাম ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু

♦ আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ধৰ্মশালাত হ’বলগীয়া এখন খেলত পাঞ্জাব কিংছ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। যোৱানিশা হায়দাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ১০ উইকেট পৰাস্ত কৰে। খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত চাৰিটা উইকেট হেৰুৱাই ১৬৫ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দাবাদে মাত্র ৯ ...