September 14, 2024 11:11 AM

আজি নিশা ৮.২ বজাত আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত প্রধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি সন্দৰ্ভত আলোচনা প্ৰচাৰ

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত প্রধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উপ প্ৰৱন্ধক বৈশালী তালুকদাৰ আৰু সহকাৰী প্ৰৱন্ধক বিনয় নাথ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১- ২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰত ফোন কৰি কথা পাতিব পাৰিব।

May 25, 2024 7:53 PM

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ’বলগীয়া 'দৃষ্টিপাত’ অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা কৰা হ’ব। এই অনুষ্ঠানত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান মুন্নাপ্ৰসাদ গুপ্তা অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

April 8, 2024 7:46 PM

লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নির্বাচন আয়োগৰ বিশেষ ব্যৱস্থা গ্ৰহণ

ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নির্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সুক্ষ্মভাৱে তদাৰক কৰি আছে। ৰাজ্যখনত নিৰ্বাচন প্ৰযুক্তিৰ সহায়ত পৰিচালনাৰ বাবে আয়োগে ভালেমান অত্যাধুনিক ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটদাতাৰ তালিকা প্ৰস্তুত কৰাৰ বাবে ইৰোনেট নামৰ ছফটৱেৰ ব্যৱহাৰৰ উপৰি ৰাজ্যখনত নিৰ্বাচন আচৰণবিধি উল...