June 21, 2024 12:37 PM

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দেশবাসীলৈ শুভেচ্ছা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। আকাশবাণীৰে হোৱা কথা-বতৰাত কোবিন্দে যোগসাধনাই জাতি-ধর্ম-বর্ণ নির্বিশেষ বিশ্বৰ বিভিন্ন দেশৰ মাজত যোগসূত্ৰ স্থাপন কৰে বুলি মন্তব্য আগবঢ়ায়। যোগে শৰীৰ, মন আৰু আত্মাক একত্ৰিত কৰে বুলিও প্রাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। যোগ কোনো বিশেষ ধৰ্ম অথবা বিশ্বাসৰ লগত জড়িত নাই বুলিও তেওঁ প্ৰকাশ কৰে।  

June 19, 2024 12:25 PM

ৰাজ্যজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্রস্তুতি অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত আছে। জিলা প্ৰশাসনসমূহে যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এইবাৰৰ যোগ দিৱসৰ বিষয় হৈছে– নিজৰ লগতে সমাজৰ বাবে যোগ। ব্যক্তিৰ, শাৰীৰিক, মানসিক সুস্থতা আৰু আধ্যাত্মিক বিকাশৰ লক্ষ্যৰে উদযাপন কৰা যোগ দিৱসৰ সৈতে সংগতি ৰাখি যোগ অনুশীলনৰ শিৱিৰ মুকলি কৰাৰ লগতে বিভিন্ন স্থানত যোগৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। পৰিৱৰ্তিত জীৱনশৈলী, মানসিক চাপ দূৰীকৰণ আৰু শৰীৰটো সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত যোগৰ ভূমিকা অপৰিসীম। যোগ...

June 16, 2024 1:13 PM

২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বিভিন্ন কাৰ্যসূচী

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো এই দিৱসৰ বাবে প্রস্তুতি অব্যাহত আছে। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে নিজৰ আৰু সমাজৰ বাবে যোগ। ইপিনে যোগ দিৱস উপলক্ষে বিবেকানন্দ কেন্দ্র কন্যাকুমাৰী কামৰূপ শাখাৰ উদ্যোগত গুৱাহাটীৰ লতাশিল খেলপথাৰত অহা ২১ জুনৰ পুৱা ৬ বজাৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ কাৰ্যসূচী হাতত লোৱা হৈছে। আনহাতে যোগ দিৱসৰ লগত সংগতি ৰাখি কালি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসম আৰু শিৱসাগ...