June 18, 2024 5:23 PM

শৰীৰ আৰু মনৰ বাবে অকল যোগাভ্যাসেই নহয়, বৰং শ্রীঅন্নৰূপে জনাজাত মিলেটৰ লেখীয়া শক্তিদায়ক খাদ্যও জৰুৰীঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাঁও পঞ্চায়তৰ মুৰব্বীসকলক যোগাভ্যাস আৰু মিলেটৰ বিষয়ে সজাগতা সৃষ্টি কৰি সৰ্বাত্মক স্বাস্থ্যৰ বিষয়টো গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনাইছে। গাঁও পঞ্চায়তসমূহলৈ লিখা এখন পত্ৰত শ্ৰী মোদীয়ে কৈছে যে পঞ্চায়ত চৌহদ, বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, সমূহীয়া স্বাস্থ্য কেন্দ্ৰ আৰু এনেধৰণৰ আন স্থানত যোগ আধাৰিত কাৰ্যসূচীৰ আয়োজন কৰি জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক দুঃশ্চিন্তামুক্ত জীৱনশৈলী আঁকোৱালি ল'বলৈ অনুপ্ৰাণিত কৰিব পাৰি। দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে গাঁও পঞ...

June 15, 2024 2:32 PM

দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রৰ ১০ দিনীয়া যোগ মহোৎসৱৰ আয়োজন

দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে ভাৰতীয় উচ্চায়ুক্তৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রই ১০ দিনীয়া যোগ মহোৎসৱৰ আয়োজন কৰিছে। শনিবাৰে ৰাতিপুৱা কলম্বো টাউন হলত পৰিয়ালৰ বাবে যোগ যোগ শীর্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটোত ভাৰতীয় সংস্থা সদগামায়া ফাউণ্ডেচন আৰু গংগাৰামায়া মন্দিৰেও সহযোগিতা আগবঢ়াইছিল। যোগ দিৱসৰ লগত সংগতি ৰাখি দেশখনত ২২ জুনলৈকে কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হ'ব।

June 15, 2024 2:30 PM

আন্তর্জাতিক যোগ দিৱস উপলক্ষে সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰী মোদীৰ অর্ধচক্ৰাসনৰ ভিডিঅ’ প’ষ্ট

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুনত উদযাপন কৰিবলগীয়া দশম আন্তর্জাতিক যোগ দিৱস উপলক্ষে আজি সামাজিক মাধ্যম এক্সত অর্ধচক্ৰাসনৰ ভিডিঅ' প'ষ্ট কৰিছে। ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে হৃদযন্ত্ৰ ভালে ৰখা আৰু শৰীৰত তেজৰ চলাচল উন্নত কৰাৰ বাবে এই আসন অভ্যাস কৰিবলৈ সকলোকে আহ্বান জনায়। ভিডিঅ'টোত এই আসন কিদৰে কৰিব লাগে তাৰো বৰ্ণনা দিয়া হৈছে।

June 15, 2024 12:24 PM

যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে

দৈনন্দিন জীৱনশৈলী সুস্থ আৰু সুন্দৰ কৰি তোলাৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে। ২০১৪ চনত ৰাষ্ট্ৰসংঘত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণত এই বিষয়ে উত্থাপন কৰাৰ পাছতেই ২০১৫ চনৰ ২১ জুনৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন আৰম্ভ কৰা হয়। বিশ্বৰ বিভিন্ন দেশে যোগৰ উপকাৰিতাক মান্যতা দিয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় স্তৰত যোগৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে।

June 15, 2024 12:23 PM

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নেহৰু ষ্টেডিয়ামত জিলা পৰ্যায়ত যোগ দিৱসৰ আয়োজন

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে অহা ২১ জুনত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নেহৰু ষ্টেডিয়ামত জিলা পৰ্যায়ত যোগ দিৱসৰ আয়োজন কৰা হৈছে। এই যোগ দিৱসত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই অংশগ্ৰহণ কৰিব। যোগ দিৱসৰ প্ৰস্তুতিক লৈ কালি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত ত্ৰিদিব কোঁৱৰৰ সভাপতিত্বত এখন আলোচনা সভা অনুষ্ঠিত হয়। সভাত অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে যোগ দিৱসৰ দিনা জিলা পৰ্যায়ত যোগাসন প্রতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা প্রকাশ কৰে। মুঠ ৪টা শাখাত ক্ৰমে ১০ বছৰ তলৰ, ১০ৰ পৰা ১৮ ...

June 13, 2024 11:54 AM

ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য অংশৰ লগতে অসমতো এই দিৱসৰ প্ৰস্তুতি অব্যাহত আছে। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে - ‘মহিলা সৱলীকৰণৰ বাবে যোগ'। শৰীৰ আৰু মনৰ সুস্থতা ৰক্ষাৰ ক্ষেত্ৰত যোগাভ্যাসৰ গুৰুত্ব বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে উপলব্ধি কৰাৰ পৰিপ্ৰেক্ষিতত এই দিৱসৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে।