August 29, 2024 1:15 PM
মস্কোত জৰুৰীকালীন ব্যৱস্থাপনা সম্পৰ্কীয় ভাৰত-ৰাছিয়া যুটীয়া আয়োগৰ দ্বিতীয়লানি বৈঠক
জৰুৰীকালীন ব্যৱস্থাপনাৰ ক্ষেত্ৰৰ সহযোগিতা সম্পৰ্কীয় ভাৰত-ৰাছিয়া যুটীয়া আয়োগৰ দ্বিতীয়লানি বৈঠক কালি ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে বৈঠকত ভাগ লোৱা ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব বহন কৰে। বৈঠকৰ প্ৰথম দিনা ২০২৫-২৬ বৰ্ষৰ বাবে জৰুৰীকালীন ব্যৱস্থাপনাৰ ক্ষেত্ৰৰ সহযোগিতা সন্দৰ্ভত ভাৰত-ৰাছিয়া যুটীয়া আয়োগৰ কাৰ্য পৰিকল্পনাত মন্ত্ৰী ৰায় আৰু ৰাছিয়াৰ অসামৰিক সুৰক্ষা, জৰুৰীকালীন পৰিস্থিতি আৰু প্ৰাকৃতিক বিপর্যয় ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কুৰেনকোব অলেক্সান্দ্ৰ...