July 20, 2024 7:10 PM

বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী দেশলৈ উভতি আহিছে

বাংলাদেশত চলি থকা হিংসাত্মক প্ৰতিবাদ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী দেশলৈ উভতি আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুযায়ী দেশখনৰ বিভিন্ন বন্দৰেৰে ৭৭৮ গৰাকী ছাত্র-ছাত্রী ইতিমধ্যে দেশলৈ ঘূৰি আহিছে। ইয়াৰ উপৰি ঢাকা আৰু চট্টগং বিমান বন্দৰৰ নিয়মীয়া বিমান সেৱাৰে প্রায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰী ঘৰলৈ উভতি আহিছে। মন্ত্ৰ্যালয়ে জনোৱা অনুযায়ী ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ লগতে চট্টগং, ৰাজশ্বাহী, চিলেট আৰু খুলনাত থকা সহকাৰী উচ্চায়ুক্তই ভাৰতীয় নাগৰিকসকলক দেশলৈ...

July 20, 2024 6:45 PM

ভাৰত-বাংলাদেশ সীমান্ত ভ্ৰমণ কৰি কেইবাখনো চুইছ গেট পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

অসম চৰকাৰৰ জলসম্পদ আৰু তথ্য-জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি কাছাৰ জিলাৰ কাতিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্ত ভ্ৰমণ কৰি কেইবাখনো চুইছ গেট পৰিদৰ্শন কৰে। সমষ্টিটোত সীমান্ত পথ সংস্থাই নিৰ্মাণ কৰা ৬ খন চুইছ গেট জলসম্পদ বিভাগে ২০২২ চনৰ পৰা পৰিচালনা কৰি আহিছে। আজি মন্ত্ৰীগৰাকীয়ে বলেশ্বৰ আৰু ফইস্কা চুইচগেট পৰিদৰ্শন কৰি বিভাগীয় অভিযন্তা আৰু স্থানীয় নিৱাসীৰ পৰা গেটকেইখনৰ কাৰ্য ব্যৱস্থাৰ বিষয়ে বুজ লয়। চুইচগেট কেইখনৰ ৪০ খন শ্বাটাৰৰ ৩৩ খন বৰ্তমান কাৰ্যক্ষম হৈ থকা বুলি জানিব...