August 24, 2024 11:52 AM

বিশ্ব চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা মল্লযোদ্ধাসকলৰ আধিপত্য অক্ষুন্ন

ভাৰতীয় মহিলা মল্লযোদ্ধাসকলে জর্দানৰ আম্মানত অনুষ্ঠিত ১৭ বছৰৰ অনুৰ্ধৰ বিশ্ব চেম্পিয়নশ্বিপত নিজৰ আধিপত্য অক্ষুন্ন ৰাখি ১৮৫ পইণ্টেৰে দলীয় শিতানত প্ৰথমটো খিতাপ দখল কৰিছে। এই শিতানত জাপানে ১৪৬ পইণ্টেৰে দ্বিতীয় আৰু কাজাখস্তানে ৭৯ পইণ্টেৰে তৃতীয় স্থান লাভ কৰিছে। কাজল প্রতিযোগিতাত দেশৰ হকে স্বর্ণ পদক অৰ্জন কৰা পঞ্চমগৰাকী মহিলা মল্লযোদ্ধা হিচাপে পৰিগণিত হৈছে। কাজলে কালি ৬৯ কিলোগ্রাম ওজন শাখাত ইউক্রেইনৰ আলেকজেণ্ডা ৰয়বকক ৯-২ ফলাফলেৰে পৰাস্ত কৰে। অৱশ্যে দেশৰ আন এগৰাকী মল্লযোদ্ধা শ্রুতিকা পার্টিলে ৪৬ ক...

July 7, 2024 12:33 PM

গ্রাঁ প্রি প্ৰতিযোগিতাৰ মহিলাৰ ৫০ কিলোগ্রাম ওজন শাখাত ৱিনেশ ফোগটৰ সোণৰ পদক অৰ্জন

 ভাৰতৰ এক নম্বৰ মল্লযোদ্ধা ৱিনেশ ফোগটে কালি মাড্ৰিডৰ স্পেইনত অনুষ্ঠিত গ্রাঁ প্রি প্ৰতিযোগিতাৰ মহিলাৰ ৫০ কিলোগ্রাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰিছে। বিশ্ব চেম্পিয়নশ্বিপত দুবাৰকৈ ব্ৰঞ্জৰ পদক বিজেতা ফোগটে ফাইনেলত ৰাছিয়াৰ মাৰিয়া টিউমেৰেক’ভাক ১০-৫ ফলাফলত পৰাস্ত কৰি খিতাপ দখল কৰে। স্পেইনত প্রশিক্ষণ তথা প্ৰতিযোগিতা সামৰি খেলুৱৈগৰাকীয়ে পেৰিছ গেমছত অংশগ্ৰহণ কৰাৰ বাবে ২০ দিনীয়া প্রশিক্ষণৰ উদ্দেশ্যে ফ্ৰান্সলৈ যাত্ৰা কৰিব।

May 13, 2024 11:06 AM

পেৰিচ অলিম্পিকত ৬ গৰাকী ভাৰতীয় মল্লযোদ্ধাৰ অংশগ্রহণ

এই আসন্ন পেৰিচ অলিম্পিকত ৬ গৰাকী ভাৰতীয় মল্লযোদ্ধাই অংশগ্রহণ কৰিব। ইয়াৰে ভিতৰত ৫ গৰাকী মহিলা মল্লযোদ্ধা আছে। অমন ছহৰাৰ্ট আৰু নিশা দাহিয়াই তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত বিশ্ব অলিম্পিক মল্লযুদ্ধ কোৱালিফায়াৰ প্ৰতিযোগিতাত ভাৰতৰ ক’টাৰ সংখ্যা ৬ লৈ বৃদ্ধি কৰে। ইয়াৰ পূৰ্বে ৱিনেশ ফ’গাটে ৫০ কিলোগ্রাম, অন্তিম পংঘালে ৫৩ কিলোগ্রাম, অংশু মালিকে ৫৭ কিলোগ্ৰাম আৰু ৰীতিকা হুড়াই ৭৬ কিলোগ্রাম ওজন শাখাত পেৰিচ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছিল। ইস্তানবুল প্রতিযোগিতা মল্লযোদ্ধাসকলৰ বাবে পেৰিচ অলিম্পিকলৈ যোগ্যতা অৰ্জ...