June 4, 2024 9:06 PM

নিউ হাফলং-চন্দ্ৰনাথপুৰৰ ৰেলপথৰ ক্ষতিৰ বাবে ৫ জুনলৈকে কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল

ৰীমাল পৰৱৰ্তী প্ৰবল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত হোৱা বানপানীয়ে ১৩ খন জিলাৰ ৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত কৰিছে। কাছাৰ জিলাত ৪ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৮ লৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ ৫৭৭ খন গাঁও প্লাৱিত হোৱাৰ লগতে ৬ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি কেইবাখনো জিলাৰ পথ, মথাউৰি আৰু আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে বানৰ কবলত পৰা জিলাসমূহত ইতিমধ্যে ১৯১টা সাহায্য শিবিৰ আৰু ১০৮টা সাহায...

May 12, 2024 12:05 PM

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেইখনমান ৰে’লগাড়ীৰ সময় সূচীৰ সাল-সলনি

লামডিং মণ্ডলৰ অধীনস্থ জাতিংগা-লামপুৰ আৰু নিউ হাবাং হাজাও ৰে'ল ষ্টেচনৰ মাজত ৰেলপথ মেৰামতিৰ কাম চলি থকাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ কেইখনমান ৰে'লগাড়ীৰ চলাচল বাতিল কৰাৰ লগতে সময় সূচীৰ সাল-সলনি ঘটোৱা হৈছে। সেই অনুসৰি আজি যাত্ৰা কৰিবলগীয়া ১৫৬১৫ আৰু ১৫৬১৬ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ যাত্ৰা বাতিল কৰা হৈছে। লগতে আলিপুৰদুৱাৰ-লামডিং ইণ্টাৰচিটী এক্সপ্ৰেছ আৰু পৰহিলৈ যাত্ৰা কৰিবলগীয়া আলিপুৰদুৱাৰ-গুৱাহাটী ছিফুং এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰা হৈছে। আনহাতে, কামৰূপ এক্সপ্ৰেছ, ব্রহ্মপুত্র মেইল, নর্...

May 8, 2024 8:07 PM

উত্তৰ-পূব সীমান্ত ৰে’লৱে লোকসভা নিৰ্বাচনৰ সময়ছোৱাত কোনো কোনো ঠাইত অতিৰিক্তভাৱে ৰে’লগাড়ী ২ মিনিটকৈ ৰখোৱাৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সময়ছোৱাত হোৱা যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোৰ বাবে কেইবাখনো ৰে'লগাড়ী কোনো কোনো ঠাইত অতিৰিক্তভাৱে ২ মিনিটকৈ ৰখোৱাৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি আজি হাওৰা-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছ বিজনী আৰু কৈঠালকুছিত, পুৰী-কামাখ্যা এক্সপ্ৰেছ বিজনী, সৰভোগ, পাঠশালা, টিহু আৰু নলবাৰীত, টম্বাৰাম-শিলঘাট টাউন এক্সপ্ৰেছ বৰপেটা ৰোড আৰু নলবাৰীত, শিয়ালদহ-শিলঘাট কাঞ্চনজংঘা এক্সপ্ৰেছ নলবাৰীত, শিলচৰ-সৰভোগ এক্সপ্ৰেছ নলবাৰী আৰু বিজনীত, গুৱাহাটী-জম্মু টাৱাই ...

May 6, 2024 1:16 PM

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত নামনি অসমত সাময়িকভাৱে ৰে’ল চলাচল বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ

♦ অসম ৰে’ল যাত্ৰী সংস্থাৰ আপত্তি মৰ্মে কাইলৈ ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোত উত্তৰ-পূব সীমান্ত ৰে'লৱেই নামনি অসমত সাময়িকভাৱে ৰে'ল চলাচল বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই ঘগ্ৰাপাৰ ষ্টেচনত ফুট অভাৰব্ৰীজ নিৰ্মাণ আৰু দ্বৈত ৰে'লপথ নিৰ্মাণ সংক্ৰান্তীয় কামৰ বাবে কাইলৈ কেইঘণ্টামানৰ বাবে এই ৰে'ল পথছোৱাৰে ৰে'লৰ চলাচল বন্ধ কৰিছিল।

April 28, 2024 1:20 PM

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটী আৰু নিউ তিনিচুকীয়াৰ পৰা সাপ্তাহিক বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

গ্রীষ্মকালত ৰে'লযাত্ৰীৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱেই গুৱাহাটী আৰু নিউ তিনিচুকীয়াৰ পৰা সাপ্তাহিক বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। এখন বিশেষ ৰে'ল গুৱাহাটী আৰু ৰাজস্থানৰ শ্ৰীগংগানগৰৰ মাজত আৰু আনখন নিউ তিনিচুকীয়া আৰু এছ এম ভি টি বেংগালুৰুৰ মাজত চলাচল কৰিব। গুৱাহাটী আৰু ৰাজস্থানৰ শ্ৰীগংগানগৰৰ মাজৰ বিশেষ ৰে'লখন অহা ১ মে'ৰ পৰা ২৬ জুনলৈ প্ৰতি বুধবাৰে সন্ধিয়া ৬.১৫ মিনিটত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি শনিবাৰে নিশা ৩.৩০ বজাত শ্ৰীগংগানগৰ পাবগৈ। ৰে'লখনে ৫ মে'ৰ পৰা ৩০ জুনলৈ উভতন...

April 21, 2024 12:49 PM

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটীৰ পৰা দুখন বিশেষ গ্ৰীষ্মকালীন ৰে’ল চলাচলৰ ব্যৱস্থা

গ্রীষ্মকালীন বন্ধৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰে'লৱেই গুৱাহাটীৰ পৰা দুখন বিশেষ গ্ৰীষ্মকালীন ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। ৰে'ল দুখনৰ এখন গুৱাহাটী আৰু ওড়িশাৰ সম্বলপুৰৰ মাজত চলাচল কৰাৰ বিপৰীতে আনখন গুৱাহাটী আৰু জম্মুৰ কাটৰাৰ মাজত চলাচল কৰিব। উভয় দিশত দুয়োখন বিশেষ ৰে'লৰ দহোটাকৈ যাত্ৰা সেৱা পৰিচালনা কৰা হ'ব বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই জানিবলৈ দিছে। সম্বলপুৰ আৰু গুৱাহাটীৰ মাজত চলিবলগীয়া ৰে'লখনে কাইলৈৰ পৰা ২৪ জুনলৈ সম্বলপুৰৰ পৰা প্ৰতি সোমবাৰ...