August 31, 2024 8:53 PM
লাঅ’চস্থিত ভাৰতীয় দূতাবাসে বোকেঅ’ প্ৰদেশত আৱদ্ধ ৪৭ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে
লাঅ’চস্থিত ভাৰতীয় দূতাবাসে বোকেঅ’ প্ৰদেশৰ গোল্ডেন ট্রায়েংগল বিশেষ অর্থনৈতিক ক্ষেত্ৰত অৱস্থিত চাইবাৰ কেলেংকাৰী কেন্দ্ৰত আৱদ্ধ ৪৭ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে। দূতাবাসে সামাজিক মাধ্যমযোগে লাঅ'চ কর্তৃপক্ষই বিশেষ অর্থনৈতিক ক্ষেত্ৰত অবৈধ কাম-কাজৰ বিৰুদ্ধে অভিযান চলাই ২৯ গৰাকী লোকক চমজাই দিয়া বুলি প্ৰকাশ কৰিছে। দূতাবাসে লগতে বাকী ১৮ জন লোকে পোনপটীয়াকৈ দূতাবাসৰ সৈতে যোগাযোগ কৰা বুলি জানিবলৈ দিছে। লাঅচত থকা ভাৰতীয় ৰাষ্ট্রদূত প্ৰচণ্ড আগৰৱালে ৱিয়েনটিয়ানেত উপস্থিত হোৱাত উদ্ধাৰ কৰা লোককেইজনক আদৰণি...