April 15, 2024 7:18 PM

চাৰি দিনীয়া ভ্রমণসূচীৰে উজবেকিস্তানলৈ সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে

সেনা বাহিনীৰ মুৰববী জেনেৰেল মনোজ পাণ্ডে আজিৰে পৰা চাৰি দিনীয়া ভ্রমণসূচীৰে উজবেকিস্তানলৈ ৰাওনা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কৈছে যে এই ভ্রমণসূচীৰ মূল লক্ষ্য হৈছে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ পাৰস্পৰিক বুজাবুজি আৰু দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰা। তেওঁ উজবেকিস্তানৰ প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ নেতৃবৰ্গৰ সৈতেও বৈঠকত মিলিত হ'ব। এই ভ্ৰমণৰ দ্বাৰা দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সহযোগিতাৰ নতুন পথ অন্বেষণ কৰা হ'ব বুলিও প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰে ৷

April 2, 2024 7:21 PM

চট্টিশগড়ত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত ৯জন মাওবাদী নিহত

♦ চট্টিশগড়ত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত ৯জন মাওবাদী নিহত হয়। চি আৰ পি এফ, কোব্ৰা বেটেলিয়ন, জিলা সংৰক্ষিত বাহিনী আৰু বিশেষ কাৰ্য্য বাহিনীৰ এটা যৌথ দলে বাস্তাৰ সংমণ্ডলৰ বিজাপুৰ জিলাৰ গংগালুৰ এলেকাত চলোৱা তালাচী অভিযানৰ সময়ত কেন্দ্ৰ-কোৰচ'লি বনাঞ্চলত সূত্রপাত হোৱা গুলিয়াগুলিত এই মাওবাদীকেইজন নিহত হয়। গুলিয়াগুলিৰ পাছত সুৰক্ষা কৰ্মীয়ে মাওবাদীৰ ৯টা শৱদেহ উদ্ধাৰ কৰে। সংঘৰ্ষ স্থলীৰ পৰা এটা এল এম জি, এটা বেৰেল গ্রেনেড লঞ্চাৰসহ ভালেমান অস্ত্র-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ হয়।