June 16, 2024 7:14 PM

আলাস্কাৰ এইলচন বায়ু সেনা ঘাটিত ৰেড ফ্লেগ ২০২৪ শীৰ্ষক অনুশীলনত ভাৰতীয় বায়ু সেনাৰ অংশগ্ৰহণ

ভাৰতীয় বায়ু সেনাৰ এটা দলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কাৰ এইলচন বায়ু সেনা ঘাটিত আয়োজন কৰা ৰেড ফ্লেগ ২০২৪ শীৰ্ষক অনুশীলনত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে আমেৰিকা বায়ু সেনাই বছৰত ৪ বাৰকৈ আকাশী যুদ্ধ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে। এই অনুশীলনত ভাৰতীয় বায়ু সেনাৰ লগতে ছিংগাপুৰ, যুক্তৰাষ্ট্ৰ, নেডাৰলেণ্ড আৰু জাৰ্মান বায়ু সেনাই অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত ভাৰতীয় বায়ু সেনাৰ দলটোৱে ৰাফেল বিমান আৰু বিমান কর্মী, অভিযন্তা, নিয়ন্ত্ৰক আৰু আন বিষয়ৰ বিশেষজ্ঞৰে গঠিত এটা দলৰ সৈতে অংশগ্ৰহণ কৰে। য...

June 14, 2024 5:11 PM

কুৱেইটত অগ্নিকাণ্ডত নিহতসকলৰ মৃতদেহ কঢ়িয়াই অনা ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ বিমানখন ক’ছিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত

কুৱেইটত সংঘটিত অগ্নিকাণ্ডত নিহত হোৱা লোকসকলৰ মৃতদেহ কঢ়িয়াই অনা ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ বিমানখন আহি ক'ছিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছেহি। কুৱেইটত মৃত্যু হোৱা ৪৫ জন লোকৰ মৃতদেহ ক'ছিলৈ লৈ অহা হৈছে। বিমান বন্দৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ৪৫টা মৃতদেহৰ নথিপত্ৰ সংক্ৰান্তীয় সকলো কাম-কাজ বিমান বন্দৰতে সম্পন্ন কৰা হৈছে। ক'ছিন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নমোৱা ৩১টা শদেহৰ ভিতৰত ২৩টা কেৰালাৰ, ৭টা তামিলনাডুৰ আৰু এটা কৰ্ণাটকৰ।তামিলনাডুৰ সংখ্যালঘু কল্যান মন্ত্রী জিনজি কে এছ মাস্তানে ৰা...

May 5, 2024 12:41 PM

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন জোৱান শ্বহীদ

জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী পুঞ্চ জিলাত বায়ুসেনাৰ কনভয়ৰ ওপৰত কালি সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন জোৱান শ্বহীদ হোৱাৰ লগতে আন পাঁচজন আহত হয়। আহতসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে পুঞ্চ জিলাৰ শ্বাহ চাত্তাৰ বনাঞ্চল এলেকাত এই আক্রমণ সংঘটিত হয়। এই আক্রমণ অঞ্চলটোত এই বছৰ সংঘটিত প্ৰথমটো গুৰুতৰ সন্ত্ৰাসবাদী আক্রমণ।

April 2, 2024 7:18 PM

পোখৰাণত ভাৰতীয় বায়ু সেনাৰ সৰ্ববৃহৎ অনুশীলন গগণ শক্তিৰ আয়োজন

♦ ভাৰতীয় বায়ু সেনাই ৰাজস্থানৰ জয়চালমাৰ জিলাৰ পোখৰাণত সৰ্ববৃহৎ অনুশীলন গগণ শক্তিৰ আয়োজন কৰিছে। কালি আৰম্ভ হোৱা এই অনুশীলন ১০ এপ্ৰিললৈকে চলিব। এই অনুশীলনত বায়ু সেনাই সকলো ডাঙৰ যুদ্ধ বিমান আৰু আধুনিক হেলিকপ্তাৰেৰে নিজৰ আক্ৰমণাত্মক ক্ষমতা প্ৰদৰ্শন কৰিছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি, ভাৰতীয় সেনাই এই মেগা অনুশীলনৰ বাবে ৰচদ-পাতিৰ সহায় আগবঢ়াইছে। এই অনুশীলনত তেজছ, ৰাফেল, চুখয়-থাৰ্টি, জেগুৱাৰ, গ্লোৱমাষ্টাৰ, চিনুক, আপাচী, প্রচাণ্ডাকে ধৰি বহু যুদ্ধ বিমান আৰু হেলিকপ্তাৰে অংশগ্ৰহণ কৰিব বুলি আকাশবাণী...