July 13, 2024 9:45 AM

থাইলেণ্ডৰ বিদেশ মন্ত্ৰী মাছি ছাংগিয়ামপংছাৰ সৈতে ড° এছ জয়শংকৰৰ বৈঠক

● বিদেশ পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কালি দিল্লীত থাইলেণ্ডৰ বিদেশ মন্ত্ৰী মাছি ছাংগিয়ামপংছাৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে ৰাজনৈতিক, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু বিনিয়োগ, ভৌতিক আৰু আৰ্থিক সংযোগ, পর্যটন আদি ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে ড° জয়শংকৰে কয় যে তেওঁলোকে আঞ্চলিক, ভাৰত-আছিয়ান, ভাৰত-প্রশান্ত মহাসাগৰীয় আৰু ৰাষ্ট্ৰসংঘত সহযোগিতা আদি বিষয় সম্পৰ্কেও মত-বিনিময় কৰে ৷

July 13, 2024 9:32 AM

আজি ৭ খন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা

● সাতখন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা আজি অনুষ্ঠিত হ'ব। পশ্চিমবংগৰ ৰায়গঞ্জ, ৰাণাঘাট দক্ষিণ, বাগ্‌দা আৰু মাণিকতোলা, হিমাচল প্ৰদেশৰ দেহেৰা, হমিৰপুৰ আৰু নালাগড়, উত্তৰাখণ্ডৰ বদ্রীনাথ আৰু মংলোৰ, বিহাৰৰ ৰূপৌলি, মধ্যপ্ৰদেশৰ অমৰৱাড়া, তামিলনাডুৰ ৱিক্ৰৱন্দি আৰু পাঞ্জাৱৰ জলন্ধৰ পশ্চিম আসনৰ বাবে বুধবাৰে ভোটগ্ৰহণ কৰা হৈছিল।

July 12, 2024 9:47 AM

দেশত আত্মহত্যা প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ পদক্ষেপসমূহৰ শেহতীয়া স্থিতিৰ প্রতিবেদন দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

■ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক দেশত আত্মহত্যা প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে লোৱা পদক্ষেপসমূহৰ শেহতীয়া স্থিতিৰ বিষয়ে প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক ৪ দিনৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে। ন্যায়ালয়ে শিশু আত্মহত্যাৰ ঘটনা অতি গুৰুতৰ বিষয় বুলি অনুভৱ কৰি কেন্দ্ৰীয় স্বাস্থ্য সঞ্চালকালয়ক এনে ঘটনা প্ৰতিৰোধৰ বাবে বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায়।

July 12, 2024 9:28 AM

ভাৰত ২০৪৭ চনৰ ভিতৰত মহাশক্তিত পৰিণত হ’ব বুলি পূর্বানুমান অর্থনৈতিক বিশেষজ্ঞ মার্টিন ৰুফৰ

■ Financial Times নামৰ ইংৰাজী ভাষাৰ দৈনিক বাতৰিখনৰ মুখ্য অর্থনৈতিক বিশেষজ্ঞ মার্টিন ৰুফে ভাৰত ২০৪৭ চনৰ ভিতৰত মহাশক্তিত পৰিণত হ'ব বুলি পূর্বানুমান কৰিছে। বাতৰি কাকতখনৰ এটা স্তম্ভলেখত ব্ৰিটেইনৰ অর্থনীতিবিদ রুফে কৈছে যে, ৪ গুন অধিক জনসংখ্যাৰে ২০৪৭ চন পর্যন্ত ভাৰতৰ আৰ্থিক উৎপাদন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান হ'ব। তেওঁ কয় যে, ২০৪৭ চনলৈকে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ বছৰি ৫ শতাংশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ২.৩ শতাংশ হ'লে ভাৰতৰ অৰ্থব্যৱস্থা ক্ৰয় শক্তি সমতাৰ ক্ষেত্ৰত আমেৰি...

July 12, 2024 9:23 AM

কেন্দ্রীয় বাহিনীসমূহে প্রাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰিব

■ কেন্দ্রীয় বাহিনীসমূহে প্রাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰিব। অগ্নীপথ আঁচনিক লৈ চলি থকা বিতৰ্কৰ মাজতেই কেন্দ্ৰীয় বাহিনীসমূহে প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে। সীমান্ত সুৰক্ষা বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু সশস্ত্ৰ সীমা বলৰ দৰে কেন্দ্ৰীয় বাহিনীসমূহৰ মুৰববীসকলে কৈছে যে, প্রাক্তন অগ্নিবীৰসকলে বয়সৰ উৰ্ধ সীমাৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব আৰু তেওঁলোকৰ বাবে শাৰিৰীক দক্ষতাৰ ...

July 11, 2024 2:38 PM

আজি বিশ্ব জনসংখ্যা দিৱস

আজি বিশ্ব জনসংখ্যা দিৱস। জনসংখ্যা বৃদ্ধিৰ ফলত অহা প্ৰত্যাহ্বানসমূহ আৰু সুবিধাসমূহক প্ৰতিফলিত কৰি প্ৰতিবছৰে ১১ জুলাইত এই দিৱস পালন কৰা হয়। বহনক্ষম ভৱিষ্যতৰ বাবে কাম কৰা আৰু জনসংখ্যা বৃদ্ধিৰ লগত জড়িত বিষয়সমূহৰ ক্ষেত্ৰত মোকাবিলা কৰাৰ বাবে প্ৰতিবছৰে এই জনসংখ্যা দিৱস পালন কৰা হয়। জনসংখ্যাৰ বিষয়সমূহৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ দিয়াৰ উদ্দেশ্যে ১৯৮৯ চনত ৰাষ্ট্ৰসংঘৰ প্ৰশাসনীয় পৰিষদে উন্নয়ন আঁচনিৰ অধীনত এই দিৱস আৰম্ভ কৰিছিল। ১৯৯০ চনত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই জ...

July 11, 2024 1:08 PM

নতুন দিল্লীত আজি বিমষ্টেকৰ বিদেশ মন্ত্ৰীসকলৰ দ্বিতীয়খন সন্মিলন আৰম্ভ হ’ব

নতুন দিল্লীত আজি বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্রযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা বিমষ্টেকৰ বিদেশ মন্ত্ৰীসকলৰ দ্বিতীয়খন সন্মিলন আৰম্ভ হ'ব। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে বিদেশ মন্ত্রী এছ জয়শংকৰে বিমষ্টেকৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰতিনিধিত্ব কৰিব। মন্ত্ৰালয়েলগতে জনাইছে যে এই সন্মিলনে বিমষ্টেক গোটৰ সদস্যসকলক বংগোপসাগৰৰ সুৰক্ষা, যোগাযোগ, ব্যৱসায়, বিনিয়োগ আদি বিভন্নি ক্ষেত্ৰত থকা সহযোগিতাক অধিক শক্তিশালী কৰিব। বিমস্টেকৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰথমখন সন্মিলন থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হৈছিল।

July 10, 2024 12:36 PM

প্ৰফেচাৰ ড০ সৌম্যা স্বামীনাথনক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধান উপদেষ্টা হিচাপে নিযুক্তি

প্ৰফেচাৰ ড০ সৌম্যা স্বামীনাথনক জন কল্যাণৰ ভিত্তিত ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধান উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীৰ প্ৰধান উপদেষ্টা হিচাপে প্ৰফেচাৰ স্বামীনাথনে কাৰ্যসূচীৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সামগ্ৰিক ৰণনীতি সন্দৰ্ভত কাৰিকৰী পৰামৰ্শ আগবঢ়াব। তেওঁ লগতে নীতিগত নিৰ্দেশাৱলী আৰু আৱশ্যকীয় উপায় তথা গৱেষণা নীতি সন্দৰ্ভতো পৰামৰ্শ...

July 10, 2024 12:06 PM

অসমতো অব্যাহত সম্পূর্ণতা অভিযান

নিটি আয়োগৰ বিশেষ কার্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্রথম তিনি মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে ২০১৫ চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনা...

July 10, 2024 12:04 PM

আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস

আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস। ১৯৫৭ চনৰ ১০ জুলাইত ভাৰতৰ দুগৰাকী বিজ্ঞানীয়ে মীন পালন ক্ষেত্ৰখনলৈ আগবঢ়াই থৈ যোৱা অনবদ্য অৱদানৰ স্মৃতি যুগমীয়া কৰাৰ লগতে দেশৰ প্ৰতিগৰাকী মীন পালক আৰু ভাৰতৰ মীন খণ্ডক সমৃদ্ধ কৰা সকলো বিজ্ঞানী তথা মৎস্য বিশেষজ্ঞলৈ ৰাজহুৱাকৈ ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে ২০০১ চনৰ পৰা প্ৰতি বছৰে ১০ জুলাইৰ দিনটো ৰাষ্ট্ৰীয় মীন পালক দিৱস হিচাপে সমগ্র দেশজুৰি পালন কৰি অহা হৈছে। অসমকো মৎস্য উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে মীন বিভাগে প্রধানমন্ত্রী মৎস্য সম্প...