August 6, 2024 8:07 PM

মেক ইন ইণ্ডিয়া উদ্যমৰ অধীনত ২৭টা নিৰ্মাণ আৰু সেৱাখণ্ড উপকৃত হৈছে

মেক ইন ইণ্ডিয়া উদ্যমৰ অধীনত বিমানাকাশ আৰু প্ৰতিৰক্ষা, মটৰ গাড়ী আৰু যান বাহনৰ যন্ত্রাংশ, জৈৱ প্রযুক্তি, বস্ত্ৰ আৰু সাজ-পাৰ, পৰ্যটন আৰু আতিথ্য, শিক্ষা সেৱাসহ ২৭ নিৰ্মাণ আৰু সেৱাখণ্ড উপকৃত হৈছে। লোকসভাত আজি এটা লিখিত উত্তৰত বাণিজ্য আৰু উদোগত ৰাজ্যমন্ত্রী জীতিন প্রসাদে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ২০১৪ চনৰ ২৫ চেপ্তেম্বৰত বিনিয়োগ আৰু উদ্ভাৱনৰ প্ৰসাৰ, শ্ৰেষ্ঠ বুনিয়াদি পৰিকাঠামোৰ নিৰ্মাণ আৰু ভাৰতবৰ্ষক নিৰ্মাণ ডিজাইন আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে মেক ইন ইণ্ডিয়া অভিযান আৰম্ভ কৰ...

August 1, 2024 8:25 PM

বিগত ১০ বছৰত ভাৰত আৰু ভিয়েটনামৰ মাজৰ সম্পর্ক অধিক সম্প্ৰসাৰিত আৰু গভীৰ হৈ পৰিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন চিনহৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত দুয়োগৰাকী নেতাই ভার্চুৱেল ব্যৱস্থাৰে ভিয়েটনামৰ নহা তৰাঙৰ দূৰ সংযোগ বিশ্ববিদ্যালয়ৰ সেনা ছফ্টৱেৰ উদ্যান মুকলি কৰে। ভাৰত আৰু ভিয়েটনামৰ মাজৰ সহযোগিতামূলক প্ৰকল্পৰ অধীনত এই উদ্যানখন নিৰ্মাণ কৰি উলিয়াইছে। ভাৰতে এই প্ৰকল্পৰ বাবে ৫০ লাখ ডলাৰৰ সাহায্য অনুদান আগবঢ়াইছে। দুয়ো পক্ষই সীমা শুল্ক, সামর্থ বৃদ্ধি, কৃষি গৱেষণা আৰু শিক্ষা, সামুদ্রিক ঐতিহ্য, ঔষধি গছ আৰু আইনী ক্ষেত্ৰত সহ...

August 1, 2024 1:21 PM

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ৰে’ল মন্ত্ৰালয়ৰ অধীনৰ অনুদানৰ দাবী সন্দৰ্ভত লোকসভাত পুনৰ আলোচনা

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ৰে'ল মন্ত্ৰালয়ৰ অধীনৰ অনুদানৰ দাবী সন্দৰ্ভত কালি লোকসভাত পুনৰ আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ সন্ধ্যা ৰায়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ৰে'ল খণ্ডত অভূতপূর্ব উন্নয়ন দেখা গৈছে আৰু ইয়াৰ কাম-কাজ তীব্ৰগতিত চলি আছে। ইপিনে আৰ এছ পিৰ এন কে প্রেমাচন্দ্ৰনে কয় যে সাধাৰণ জনতাৰ বাবে ৰে'লেই হৈছে পৰিবহণৰ প্ৰধান মাধ্যম আৰু সেয়েহে ইয়াত অধিক গুৰুত্ব দিয়া উচিত। তেওঁ লগতে সুকীয়া ৰে'ল বাজেটৰ দাবী উত্থাপন কৰে। আলোচনাত ভাগ লৈ বিজেপিৰ অনুৰাগ শৰ্মাই ...

July 29, 2024 8:33 PM

পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতৰ ৰমিতা জিন্দালৰ সপ্তম স্থান দখল

আজি পেৰিছ অলিম্পিকত ভাৰতৰ অৰ্জুন বাবুটাই ১০মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষ শাখাৰ ফাইনেলত চতুর্থ স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়। ইপিনে, ১০ মিটাৰ এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতৰ ৰমিতা জিন্দালে সপ্তম স্থান দখল কৰে। খেলত চীনৰ চেং লিহাওয়ে সোণৰ পদক, চুইডেনৰ ভিক্টৰ লিওগ্ৰীনে ৰূপ আৰু ক্ৰয়েছিয়াৰ মিৰান মেৰিকিকে ব্ৰঞ্জৰ পদক দখল কৰে।

July 29, 2024 6:27 PM

টকিঅ’ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি টকিঅ’ত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰে। ড০ জয়শংকৰ দুদিনীয়া জাপান ভ্রমণসূচীৰে কালি টকিঅ'ত উপস্থিত হৈছেগৈ। কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠক অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ কূটনীতিবিদসকলক একত্ৰিত কৰাৰ এখন মঞ্চ। বৈঠকত অংশগ্ৰহণ কৰি ড০ জয়শংকৰে কৈছে যে, বৰ্তমানৰ সময় হৈছে প্ৰত্যাহ্বানপূৰ্ণ সময় আৰু এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ স্থিৰ, নিৰাপত্তা, প্ৰগতি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন আছে। কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকৰ প...

July 18, 2024 9:02 PM

বিশ্বৰ পাঁচটা সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দুটা ভাৰতত অৱস্থিত

কয়লা মন্ত্ৰ্যালয়ে কৈছে যে বিশ্বৰ পাঁচটা সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দুটা ভাৰতত অৱস্থিত। চত্তীছগড়স্থিত গেৱৰা আৰু কুচ্ছমুণ্ডা খনি বিশ্বৰ সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দ্বিতীয় আৰু চতুর্থ স্থানত আছে। এই খনি দুটা ক'ল ইণ্ডিয়াৰ সহায়ক কোম্পানী ছাউথ ইষ্টার্ন ক'লফিল্ডছ লিমিটেডৰ। ৱৰ্ল্ড এটলাষ্ট ডট কমে এই তালিকা প্রকাশ কৰিছে।

July 18, 2024 5:20 PM

কিছুমান ৰাজনৈতিক দলৰ দ্বাৰা হিংসা আৰু হত্যাৰ দৰে শব্দসমূহ ৰাজনৈতিক লাভালাভৰ উদ্দেশ্যে ব্যৱহাৰ কৰাটো খুবেই দুর্ভাগ্যজনকঃ সুধাংশু ত্রিবেদী

বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কৈছে যে কিছুমান ৰাজনৈতিক দলৰ দ্বাৰা হিংসা আৰু হত্যাৰ দৰে শব্দসমূহ ৰাজনৈতিক লাভালাভৰ উদ্দেশ্যে ব্যৱহাৰ কৰাটো খুবেই দুর্ভাগ্যজনক। নতুন দিল্লীত আজি সংবাদ মাধ্যমক সম্বোধন কৰি শ্ৰী ত্রিবেদীয়ে লগতে কয় যে জাপানৰ প্ৰাক্তন প্রধানমন্ত্রী শিনজ’ আবেৰ হত্যা আৰু কিছুদিনৰ পূৰ্বে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ওপৰত হোৱা আক্রমণে হিংসাত্মক পৰিস্থিতিৰ ভয়াৱহতা প্ৰমাণ কৰিছে। তেনেস্থলত বিৰোধী দলে বিভিন্ন সময়ত হিংসা আৰু হত্যাৰ দৰে শব্দৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্...

July 16, 2024 1:36 PM

আজিৰে পৰা দুদিনীয়া চৰকাৰী সূচীৰে বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ মৰিচাছ ভ্ৰমণ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজিৰে পৰা দুদিনীয়া চৰকাৰী সূচীৰে মৰিচাছ ভ্ৰমণ কৰিব। ভ্ৰমণকালত বিদেশ মন্ত্ৰীগৰাকীয়ে দেশখনৰ প্ৰধানমন্ত্রী প্রবীন্দ যুগনাথক সাক্ষাৎ কৰিব আৰু দেশখনৰ অন্যান্য জ্যেষ্ঠ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। তেওঁ লগতে দেশখনৰ অন্যান্য বিশেষ নেতাসকলৰ সৈতেও মত বিনিময় কৰিব। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি মন্ত্ৰীগৰাকীৰ এই ভ্রমণে ভাৰত আৰু মৰিচাছৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ অগ্ৰগতিৰ বুজ লোৱাত সহায় কৰিব। মন্ত্ৰ্যালয়ে কয় যে, বিদেশ মন্ত্ৰীগৰাকীৰ এই ভ্রমণে উভয...

July 16, 2024 12:42 PM

দক্ষতা ভাৰত আঁচনিৰ অধীনত দেশত এই পর্যন্ত এক কোটি ৪৬ লাখৰো অধিক লোকৰ দক্ষতা বিকশাই তোলা হৈছে

দক্ষতা ভাৰত আঁচনিৰ অধীনত দেশত এই পর্যন্ত এক কোটি ৪৬ লাখৰো অধিক লোকৰ দক্ষতা বিকশাই তোলা হৈছে বুলি কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি আয়োজিত বিশ্ব যুৱ দক্ষতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, দক্ষতা বিকাশৰ ক্ষেত্ৰত ভাৰতৰ বিশেষ যাত্ৰাৰ অভিজ্ঞতা আছে আৰু ১০ বছৰ পূৰ্বে দক্ষতা বিকাশ আৰু উদ্যমিতাক পৃথক মন্ত্ৰ্যালয় হিচাপে গঠন কৰা হয়। বিগত ১০ বছৰৰ সাফল্যৰ পৰা শিক্ষা গ্ৰহণ কৰি তেওঁৰ মন্ত্ৰালয়ে সৰ্বাত্মক আঁচনি ৰূপায়ণৰ দ্বাৰা...

July 13, 2024 1:29 PM

দিব্যাংগসকলৰ সক্ষমতা বৃদ্ধিৰ বাবে কাম কৰি থকা সংস্থাসমূহক ৰাষ্ট্ৰীয় পুৰস্কাৰৰ আবেদন প্রক্ৰিয়াৰ বাবে আমন্ত্ৰণ দিব্যাংগ সবলীকৰণ বিভাগৰ

● দিব্যাংগ সবলীকৰণ বিভাগে দিব্যাংগসকলৰ সক্ষমতা বৃদ্ধিৰ বাবে কাম কৰি থকা সংস্থাসমূহক ৰাষ্ট্ৰীয় পুৰস্কাৰৰ আবেদন প্রক্ৰিয়াৰ বাবে আমন্ত্ৰণ জনাইছে। সামাজিক ন্যায় আৰু অধিকাৰিতা বিভাগে দিব্যাংগসকলৰ উদ্দেশ্যে কাম কৰা সংগঠনসমূহক উৎসাহিত কৰিবলৈ এই পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰিছে। প্ৰতি বছৰে ৩ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে বিশেষভাৱে সক্ষম লোকৰ উন্নতিৰ উদ্দেশ্যে কাম কৰা ব্যক্তি, সংস্থা, সংগঠন, ৰাজ্য আৰু জিলাসমূহক এই পুৰস্কাৰ প্ৰদান কৰি আহিছে। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ৰাষ...