July 28, 2024 11:23 AM
নতুন দিল্লীত অনুষ্ঠিত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক বৈঠকত উপস্থিত থকা সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক দল-সংগঠনৰ আদৰণি
নতুন দিল্লীত অনুষ্ঠিত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক বৈঠকত অংশ লোৱা সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক একাধিক দল-সংগঠনে আদৰণি জনায়। চৰাইদেউৰ ঐতিহাসিক মৈদাম ক্ষেত্ৰই আনুষ্ঠানিক স্বীকৃতি লাভ কৰাৰ বিৰল ক্ষণৰ সাক্ষী হ'বলৈ দিল্লীত বাহৰ পাতি থকা বিধায়কগৰাকী কালি চৰাইদেউত উপস্থিত হয়। মৈদাম ক্ষেত্ৰত উপস্থিত হৈ বিধায়কগৰাকী চাও চি ৰেন গৃহত বন্তি প্ৰজ্বলন কৰি স্বৰ্গদেউসকলক স্মৰণ কৰে। এই ঐতিহাসিক স্বীকৃতি লাভ কৰাৰ বাবে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা আৰু দেশৰ প্ৰধানমন্ত্ৰী...