September 9, 2024 8:31 PM

ভাৰত আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্র-ইউৰ মাজত ৫ খন চুক্তি স্বাক্ষৰ

ভাৰত আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্র-ইউ এ ইয়ে পাৰমানৱিক শক্তি আৰু পেট্রলিয়ামকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ৫ খন চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰে ভিতৰত বাৰাকাহ পাৰমানবিক শক্তি প্ৰকল্পৰ সঞ্চালন আৰু তদাৰক সন্দৰ্ভত এমিৰ্টেছ নিউক্লিয়াৰ এনার্জী কোম্পানী আৰু নিউক্লিয়াৰ পাৱাৰ কৰ্পৰেছন অৱ ইণ্ডিয়া লিমিটেডৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি আছে। ইয়াৰ উপৰি আবুধাবিত নেচনেল অইল কোম্পানী আৰু ইণ্ডিয়ান অইল কৰ্পৰেশ্বন লিমিটেডৰ মাজত দীর্ঘকালিন প্রাকৃতিক গেছ যোগান সন্দৰ্ভত এখন চুক্তি সম্পাদিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...