July 13, 2024 8:57 PM
গোৱাত অহা ২০-২৪ নৱেম্বৰলৈ প্ৰথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন আয়োজন ভাৰতৰ
ভাৰতে অহা ২০ৰ পৰা ২৪ নৱেম্বৰলৈ গোৱাত প্ৰথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন (ৱেভছ) আয়োজন কৰিব। দিল্লীত আজি গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কয় যে, ভাৰত বিশ্বৰ সবাতোকৈ বৃহৎ চলচ্চিত্ৰ নিৰ্মাণকাৰী ৰাষ্ট্ৰসমূহৰ অন্যতম। তেওঁ কয় যে, ৱেভছ সন্মিলনে দেশৰ মিডিয়া আৰু মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যৎ গঢ় দিয়াৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ অনুষ্ঠানৰূপে পৰিগণিত হ'ব। এই উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ৱেভছ দেশৰ মনোৰঞ্জন উদ্যোগৰ বিকাশৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিৰূপে পৰিগণিত হ'ব। মিডিয়া আৰু ...