June 23, 2024 12:12 PM

বেংগালুৰুত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্রিকেট দলৰ মাজৰ চলিত এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি বিয়লি বেংগালুৰুৰ এম ছিন্নাস্বামী ষ্টেডিমায়ত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটোৱে আজিৰ খেলখনত জয় লাভ কৰি শৃংখলাৰ আটাইকেইখন খেলতে বিজয়ী হোৱাৰ গৌৰৱ অৰ্জনৰ বাবে চেষ্টা চলাব। ভাৰতে শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ১৪৩ ৰানত পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত ৪ ৰানৰ ব্যৱধানত জয়লাভ কৰিবলৈ সমৰ্থ হৈছে।