July 13, 2024 1:06 PM

views 1

আজিৰে পৰা উত্তৰ-পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ

● কেন্দ্রীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু অৰুণাচল প্ৰদেশত আজিৰে পৰা ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে। উত্তৰ-পূবৰ উপৰিও ওড়িশা, পশ্চিমবংগ, বিহাৰ, পূব-পশ্চিম উত্তৰ প্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড আদিতো অহা দুদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। উল্লেখযোগ্য যে বিগত প্রায় এমাহধৰি অৰুণাচল প্রদেশ, অসম তথা উত্তৰ-পূবত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে অসমত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল ৷ সম্প্রতি বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বহু অঞ্চল এতিয়াও বানৰ কবলত আছে। আনহাতে ধাৰাষাৰ বৰষুণৰ ফলত ছিকিম, নাগালেণ্ড...

May 21, 2024 11:37 AM

উত্তৰ-পশ্চিম ভাৰত, উত্তৰ মধ্যপ্ৰদেশ আৰু গুজৰাটত গ্ৰীষ্মপ্ৰৱাহৰ বাবে অহা চাৰিদিনলৈ ৰেড এলার্ট জাৰি

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা চাৰিদিনলৈ উত্তৰ-পশ্চিম ভাৰত, উত্তৰ মধ্যপ্ৰদেশ আৰু গুজৰাটত গ্ৰীষ্মপ্ৰৱাহৰ আগলি বতৰাৰে ৰেড এলার্ট জাৰি কৰিছে। বিভাগে জনোৱা অনুসৰি অহা ২৪ মে'পর্যন্ত পাঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, পশ্চিম ৰাজস্থান, পশ্চিম উত্তৰ প্রদেশ, পূব ৰাজস্থান আৰু উত্তৰ-পশ্চিম মধ্যপ্ৰদেশত প্ৰচণ্ড গ্রীষ্মপ্ৰৱাহৰ আশংকা কৰা হৈছে। ইয়াৰ বিপৰীতে বিভাগে দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত দেশৰ দক্ষিণ অংশত অহা পাঁচ দিনলৈ ধাৰাষাৰ বৰষুণৰ বাবে অৰেঞ্জ এলার্ট জাৰি কৰিছে। তামিলনাডু পুড়ুচেৰী, কাৰাইকাল, ...