May 13, 2024 8:22 PM

ভাৰত আৰু ইৰাণৰ মাজত ছাবাহাৰৰ শ্বহিদ বেহেষ্টি বন্দৰৰ দীৰ্ঘম্যাদী পৰিচালনাৰ সন্দৰ্ভত চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ইৰাণে আজি ছাবাহাৰৰ শ্বহিদ বেহেষ্টি বন্দৰৰ দীৰ্ঘম্যাদী পৰিচালনাৰ সন্দৰ্ভত চুক্তিত স্বাক্ষৰ কৰে। ইৰাণত আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। শ্ৰীসোণোৱাল আজি পুৱা চৰকাৰী কাৰ্যসূচীৰে ইৰাণত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত ইণ্ডিয়া প’র্ট গ্লোবেল লিমিটেড আৰু ইৰাণৰ বন্দৰ আৰু সামুদ্রিক সংস্থাৰ মাজত চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিয়ে চাবাহাৰত ভাৰতৰ দীৰ্ঘম্যাদী যোগসূত্ৰৰ ভেঁটি স্থাপন কৰিব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। তেওঁ লগ...