September 16, 2024 7:46 PM

এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলৰ ফাইনেলত প্ৰৱেশ

চীনৰ হুলুনবুইৰত চলি থকা ২০২৪ বৰ্ষৰ এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতে-দক্ষিণ কোৰিয়াক ৪-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে, আনখন ছেমিফাইনেলত আজি আয়োজক দল চীনে-পাকিস্তানক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰে। কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব।

September 12, 2024 8:07 PM

পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত কোৰিয়াক ৩-১ গলত পৰাস্ত ভাৰতৰ

ভাৰতে আজি চীনৰ হুলুনবুইৰত অনুষ্ঠিত পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ এখন খেলত কোৰিয়াক ৩-১ গলত পৰাস্ত কৰি প্ৰতিযোগিতাত একেৰাহে চতুর্থ বিজয় সাবস্ত কৰে। খেলখনত ভাৰতৰ হৈ অৰিজিত সিং হুন্দল আৰু অধিনায়ক হৰমন প্রীত সিঙে গল দিয়ে। ইয়াং জিহুৱানে কোৰিয়াৰ হৈ একমাত্ৰ গলটো দিয়ে। ভাৰতে ইতিমধ্যে প্রথন তিনিখন খেলত চীন, জাপান আৰু মালয়েছিয়াক পৰাস্ত কৰি প্ৰতিযোগিতাৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰত পৰহিলৈ হ'বলগীয়া লীগ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত পাকিস্তনৰ সন্মুখীন হ'ব। ৬ খন দেশে অংশগ্ৰহ...

August 2, 2024 2:54 PM

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেল পৰ্যায়লৈ উন্নীত হোৱা ভাৰতীয় দলটোৱে আজি বিয়লি ৪.৪৫ মিনিটত হ'বলগীয়া পুল মেটচত অংশগ্ৰহণ কৰিব। ভাৰতৰ হৈ শ্বুটিং, আৰ্চাৰী, বেডমিণ্টন, জুডো আৰু এথলেটিকছ শাখাত কেইবাগৰাকীও খেলুৱৈ আজি প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। বেডমিণ্টনৰ পুৰুষৰ ছিংগলছ প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈ লক্ষ্য সেন আজি কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। জুডোত মহিলাৰ ৭৮ কিলোগ্রাম উৰ্ধৰ ওজন শাখাৰ এখন খেলত তুলিকা ম...