May 21, 2024 11:49 AM
ইৰানৰ ৰাষ্ট্ৰপতিৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত ভাৰতত আজি ৰাষ্ট্ৰীয় শোক পালন
ইৰানৰ ৰাষ্ট্ৰপতি ড° চয়িদ ইব্রাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ মৃত্যুৰ পৰিপপ্ৰেক্ষিতত ভাৰতে আজি এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰিছে। সেই অনুসৰি সমগ্ৰ দেশতে নিয়মীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উৰি থকা ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হৈছে। লগতে আজিৰ দিনটোত কোনোধৰণৰ আনুষ্ঠানিক মনোৰঞ্জনমূলক কাৰ্যসূচী পালন কৰা নহ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। একেদৰে অসম চৰকাৰেও আজিৰ দিনটোত ৰাজ্যিক শোক ঘোষণা কৰিছে। ৰাজ্যখনৰ নিয়মীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উৰি থকা ভৱনসমূহত আজি পতাকা অৰ্ধনমিত...