April 3, 2024 1:16 PM

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্ৰ’ছ অধনোম ঘেব্ৰেয়াছাছক সাক্ষাৎ অৰিন্দম বাগচিৰ

♦ ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি অৰিন্দম বাগচিয়ে কালি জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্ৰ'ছ অধনোম ঘেব্ৰেয়াছাছক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত দুয়োগৰাকী নেতাই গোলকীয় স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগিতাকে ধৰি পৰম্পৰাগত ঔষধ আৰু ডিজিটীয় স্বাস্থ্যৰ বিষয়ে আলোচনা কৰে বুলি উল্লেখ কৰা হৈছে ৷ বিদেশ মন্ত্ৰালয়ৰ প্ৰাক্তন মুখপাত্র শ্রীবাগচীক বিগত অক্টোবৰত জেনেভাত ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ ভাৰতৰ পৰৱৰ্তীগৰাকী স্থায়ী প্রতি...

April 2, 2024 7:21 PM

চট্টিশগড়ত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত ৯জন মাওবাদী নিহত

♦ চট্টিশগড়ত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত ৯জন মাওবাদী নিহত হয়। চি আৰ পি এফ, কোব্ৰা বেটেলিয়ন, জিলা সংৰক্ষিত বাহিনী আৰু বিশেষ কাৰ্য্য বাহিনীৰ এটা যৌথ দলে বাস্তাৰ সংমণ্ডলৰ বিজাপুৰ জিলাৰ গংগালুৰ এলেকাত চলোৱা তালাচী অভিযানৰ সময়ত কেন্দ্ৰ-কোৰচ'লি বনাঞ্চলত সূত্রপাত হোৱা গুলিয়াগুলিত এই মাওবাদীকেইজন নিহত হয়। গুলিয়াগুলিৰ পাছত সুৰক্ষা কৰ্মীয়ে মাওবাদীৰ ৯টা শৱদেহ উদ্ধাৰ কৰে। সংঘৰ্ষ স্থলীৰ পৰা এটা এল এম জি, এটা বেৰেল গ্রেনেড লঞ্চাৰসহ ভালেমান অস্ত্র-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ হয়।

April 2, 2024 1:30 PM

লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ আৰু দুগৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ

♦ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে কালি দুগৰাকী প্ৰাৰ্থীৰ নাম থকা আন এখন তালিকা প্ৰকাশ কৰে। তালিকা অনুসৰি মহাৰাষ্ট্ৰৰ অক'লা সমষ্টিত অভয় কাশীনাথ পাৰ্টিলে আৰু তেলেংগানাৰ ৱাৰাংগল সমষ্টিত কাডিয়াম কাব্যই নির্বাচনী যুঁজত অৱতীৰ্ণ হ'ব।

April 2, 2024 1:48 PM

হিন্দুস্তান এৰ’ন’টিক্স লিমিটেডৰ গায়ানাৰ প্ৰতিৰক্ষা বাহিনীক ডৰ্নীয়াৰ-228 শ্ৰেণীৰ দুখন এয়াৰক্রাফ্‌ট প্ৰদান

♦ হিন্দুস্তান এৰ'ন'টিক্স লিমিটেডে গায়ানাৰ প্ৰতিৰক্ষা বাহিনীক ডৰ্নীয়াৰ 228 শ্ৰেণীৰ দুখন এয়াৰক্রাফ্‌ট প্ৰদান কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী কয় যে, বয়িং C-17 শ্ৰেণীৰ দুখন গ্লোব মাষ্টাৰ সামৰিক পৰিবহণ বিমানৰ জৰিয়তে ডৰ্নীয়াৰ এয়াৰক্রাফ্‌ট দুখন কালি বিয়লি চেড্ডী জাগান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। ইপিনে বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে কৈছে যে, এই কাৰ্যই ভাৰত-গায়ানা দ্বিপাক্ষিক সম্পৰ্কত এটা নতুন অধ্যায়ৰ সূচনা কৰিলে। Read More News ...

April 2, 2024 1:11 PM

কেজৰিৱালৰ সপক্ষে আম আদমী পাৰ্টীয়ে জনতাৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰা কাৰ্যত ভাৰতীয় জনতা পাৰ্টীৰ তীব্র প্রতিক্রিয়া

◊ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সপক্ষে আম আদমী পাৰ্টীয়ে জনতাৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰা কাৰ্যত ভাৰতীয় জনতা পাৰ্টীয়ে তীব্র প্রতিক্রীয়া প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয় যে, দিল্লীৰ আদালতে সুনির্দিষ্ট প্ৰমানৰ ভিত্তিত তেওঁক জেললৈ প্ৰেৰণৰ নিৰ্দেশ দিছে। তেওঁ লগতে কয় এই গোচৰত দিল্লী চৰকাৰৰ স্থিতি ক্রমান্বয়ে স্পষ্ট হ'বলৈ আৰম্ভ কৰিছে।  Read More News :  ভাৰতে ১০০ কোটি টনতকৈও অধিক কয়লা আৰু লিগনাইট উৎপাদন কৰিব পৰাটো দেশৰ বাব...

April 2, 2024 1:04 PM

ভাৰতে ১০০ কোটি টনতকৈও অধিক কয়লা আৰু লিগনাইট উৎপাদন কৰিব পৰাটো দেশৰ বাবে ঐতিহাসিক মাইলৰ খুঁটিঃ প্রধানমন্ত্ৰী মোদী

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতে ১০০ কোটি টনতকৈও অধিক কয়লা আৰু লিগনাইট উৎপাদন কৰিব পৰাটো দেশৰ বাবে ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত প্ৰধান মন্ত্রী মোডীয়ে কয় যে ইয়াৰ জৰিয়তে ভাৰত আত্মনিৰ্ভৰশীলতাৰ দিশত আৰু এখোজ আগবাঢ়ি যোৱাটো নিশ্চিত হৈছে। Read More News : উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত নির্বাচনী প্ৰচাৰ সভাত প্রধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব  শ্বিলং আৰু তুৰা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ'বঃ মুখ্য নির্বাচনী বিষয়া ড° ...

April 2, 2024 1:04 PM

সীমান্তত সংঘাত অব্যাহত থকা পৰ্যন্ত পাকিস্তানৰ সৈতে কোনো ধৰণৰ বাণিজ্যৰ সম্ভাৱনা নাইঃ বিদেশ মন্ত্ৰী জয়শংকৰ

♦ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কৈছে যে, সীমান্তত সংঘাত অব্যাহত থকা পৰ্যন্ত পাকিস্তানৰ সৈতে কোনো ধৰণৰ বাণিজ্যৰ সম্ভাৱনা নাই। ছুৰাটত দক্ষিণ গুজৰাট চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইষ্ট্ৰীয়ে আয়োজন কৰা ভাৰতৰ অৰ্থনৈতিক বিকাশ সম্পৰ্কীয় এখন বাণিজ্যিক সন্মিলনত অংশগ্রহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। কোনো ধৰণৰ সন্ত্ৰাসবাদ সহ্য কৰা নহ'ব বুলিও ড০ জয়শংকৰে স্পষ্ট কৰে। Read More News : গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়ুক্ত ডাঃ পি উদয় প্রবীণৰ সভাপতিত্বত দুর্যোগ ব্যৱস্থাপনা বিভাগৰ বৈঠক  আই পি এলত স...

April 2, 2024 12:40 PM

উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত নির্বাচনী প্ৰচাৰ সভাত প্রধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব

◊ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ নাইনিটাল উধমসিং নগৰ লোকসভা সমষ্টিৰ অধীনৰ ৰুদ্ৰপুৰত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমষ্টিটোত দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ৰাজ্যমন্ত্ৰী অজয় ভাটৰ হৈ প্ৰচাৰ চলাব। Read More News :  ৰঙালী বিহুৰ আগে-পাছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্রী  শ্বিলং আৰু তুৰা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ'বঃ মুখ্য নির্বাচনী বিষয়া ড° বি ডি আৰ তিৱাৰী  সমষ্টিটোত বিজেপি প্রার্থীগৰাকীৰ বিৰুদ্ধে...

April 2, 2024 12:17 PM

এদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটকলৈ গৃহমন্ত্রী অমিত শ্বাহ

♦ জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি এদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটকলৈ যাব। মন্ত্ৰীগৰাকীয়ে আজি পুৱা বেংগালুৰুত দলীয় কর্মীসকলক সাক্ষাৎ কৰিব। বিয়লি শ্রীশ্বাহে বাংগালোৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ চান্নাপাটনাত হ'বলগীয়া এটা বোড শ্বত অংশ ল'ব। Read More News :  ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষুণ অব্যাহত থকাৰ আগজাননী  ভাৰতীয় সেনাবাহিনীৰ অসম ৰেজিমেণ্টৰ অৱসৰপ্ৰাপ্ত সৈনিক চুবেদাৰ থানেচেইয়াৰ মৃত্যুত সমগ্ৰ দেশতে শোকৰ ছাঁ ৰাজ্যত প্রাকৃতিক দু...

April 2, 2024 12:28 PM

ৰাজ্যত প্রাকৃতিক দুৰ্যোগ আৰু ধ্বংসলীলাক লৈ গৃহমন্ত্রী অমিত শ্বাহৰ গভীৰ উদ্বেগ প্রকাশ

♦ ৰাজ্যত প্ৰচণ্ড ধুমুহা, শিল বৰষুণে সংহাৰী ৰূপ লোৱাৰ পাছত এই প্রাকৃতিক দুৰ্যোগ আৰু ধ্বংসলীলাক লৈ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে গভীৰ উদ্বেগ প্রকাশ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে পৰিস্থিতিৰ বুজ লৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে। শ্ৰীশ্বাহে মোদী কা পৰিবাৰ নামৰ এক্স হেণ্ডেলযোগে অসম, পশ্চিমবংগ আৰু মণিপুৰত হোৱা ভয়ংকৰ ক্ষয়-ক্ষতিত উদ্বিগ্নতা প্ৰকাশ কৰি নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। Read More News : ৰঙাল...