May 7, 2024 2:44 PM

ভাৰত বৰ্তমান ইতিহাসৰ জটিল সন্ধিক্ষণত উপস্থিত হৈছেঃ প্ৰধানমন্ত্ৰী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত বৰ্তমান ইতিহাসৰ জটিল সন্ধিক্ষণত উপস্থিত হৈছে। মধ্য প্ৰদেশৰ খাৰগনেত এখন জনসভাত ভাষণ দি শ্রী মোদীয়ে কয় যে আই এন ডি আই জোঁটে তেওঁলোকৰ বংশানুক্রমিকতা অব্যাহত ৰখাৰ বাবেহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বিৰোধী মৰ্চাৰ নেতাসকলে দেশ আৰু জনসাধাৰণৰ প্ৰতি থাকিবলগীয়া আগ্রহ হেৰুৱাই পেলাইছে বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। ভাষণ প্ৰসংগত শ্ৰী মোদীয়ে এন ডি এ চৰকাৰে যোৱা ১০ বছৰত সমাজৰ দুৰ্বল শ্ৰেণী, জনজাতি, কৃষক আৰু মহিলাসকলৰ বাবে গ্ৰহণ কৰা বিভিন্...

May 4, 2024 12:20 PM

২০ মে’ৰ পিছত ঘোষণা কৰা হ’ব চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

♦ কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ২০ মে'ৰ পাছত ঘোষণা কৰা হ’ব। শুকুৰবাৰে চি বি এছ ইয়ে এক বিবৃতিযোগে এই কথা ঘোষণা কৰিছে। এইবাৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাৰ ফলাফল একেটা দিনতেই ঘোষণা কৰা হ’ব। পৰীক্ষাৰ ফলাফল চি বি এছ ইৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব বুলি প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে এইবাৰৰ চি বি এছ ইব বোর্ড পৰীক্ষাত মুঠ ৩৯ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে।

May 3, 2024 12:21 PM

আজি ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত দিল্লীত যুটীয়া প্ৰতিৰক্ষা সহযোগিতা সমিতিৰ সপ্তমখন বৈঠক অনুষ্ঠিত হ’ব

♦ ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত আজি নতুন দিল্লীত যুটীয়া প্ৰতিৰক্ষা সহযোগিতা সমিতিৰ সপ্তমখন বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত ভাৰতৰ প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানে আৰু ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা সচিব প্রধান অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল ডনি এৰমাৱান টাউফাণ্টোৱে সহ-অধ্যক্ষতা কৰিব। দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ অহা ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা সচিব প্ৰধানগৰাকীয়ে নতুন দিল্লী আৰু পুনেত প্ৰতিৰক্ষা খণ্ডৰ সৈতে জড়িত ভাৰতীয় উদ্যোগসমূহৰ সৈতেও আলোচনাত মিলিত হ'ব।

May 2, 2024 11:57 AM

কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলৰ শিক্ষা আৰু ছাত্রাবাস ভাট্টা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ

◊ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলৰ শিক্ষা আৰু ছাত্রাবাস ভাট্টা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা জানুৱাৰীত মৰগীয়া বানচ ৫০ শতাংশ স্পৰ্শ কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। কৰ্মচাৰী, ৰাজহুৱা ওজৰ- আপত্তি নিষ্পত্তি আৰু প্ৰশিক্ষণ মন্ত্ৰ্যালয়ে ২০১৮ চনৰ নিৰ্দেশনা অনুযায়ী এই সিদ্ধান্ত লৈছে। ২০১৮ চনৰ নিৰ্দেশনা অনুসৰি মৰগীয়া বানচ ৫০ শতাংশ বৃদ্ধি পালে ভাট্টা আৰু ৰাজ সাহায্য ২৫ শতাংশ বৃদ্ধি পায়। মন্ত্ৰ্যালয়ে গ্রহণ কৰা সিদ্ধান্ত অনুযায়ী শিক্ষা ভাট্টা প্রতি মাহে ২,৮১২ টকা আৰু ছাত্ৰাবাস ৰাজ সাহা...

April 5, 2024 8:52 PM

ইউ পি ব’র্ড অব মাদ্রাছা শিক্ষা আইন, ২০০৪-ক এলাহাবাদ উচ্চ ন্যায়ালয়ে অসাংবিধানিক আৰু ধৰ্ম নিৰপেক্ষতা উলংঘা কৰা কৰা ঘোষণাৰ ওপৰত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

◊উচ্চতম ন্যায়ালয়ে আজি ইউ পি ব'র্ড অব মাদ্রাছা শিক্ষা আইন, ২০০৪-ক এলাহাবাদ উচ্চ ন্যায়ালয়ে অসাংবিধানিক আৰু ধৰ্ম নিৰপেক্ষতা উলংঘা কৰা বুলি কৰা ঘোষণাৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰ চুড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্রত্যাহ্বান জনোৱা আবেদন সন্দৰ্ভত কেন্দ্ৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰক জাননী জাৰি কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰই নিজৰ আবেদনত দৃঢ়তাৰে কয় যে এই ৰায়দানত ভাৰতীয় সংবিধানত সন্নিবিষ্ট ধৰ্মনিৰপেক্ষতাৰ ধাৰণাটো ভুলকৈ ব্যাখ্যা কৰা হ'ব পাৰে।

April 5, 2024 8:44 PM

আপৰ অভিযোগঃ কেজৰিৱালক ষড়যন্ত্ৰৰ বলি কৰি কাৰাগাৰত বন্দী কৰি ৰখা হৈছে

◊ আম আদমী পাৰ্টীয়ে আজি অভিযোগ কৰে যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ষড়যন্ত্ৰৰ বলি কৰি কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। নতুন দিল্লীত সংবাদ মাধ্যমক অৱগত কৰি আপৰ নেতা সঞ্জয় সিঙে অভিযোগ কৰে যে সাংসদ মগুন্তা ৰেড্ডীক কেজৰিৱালৰ বিৰুদ্ধে ভুৱা বক্তব্য দিবলৈ হেঁচা প্ৰদান কৰা হৈছিল আৰু যেতিয়া তেওঁ নাকচ কৰিছিল তেতিয়া তেওঁৰ পুত্ৰ ৰাঘৱ ৰেড্ডীক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ লগতে কয় যে নিৰন্তৰ সোধা-পোছাৰ অন্তত ৰাঘৱ ৰেড্ডীয়ে কেজৰিৱালৰ বিৰুদ্ধে নিজৰ বক্তব্য সলনি কৰে আৰু ইয়াৰ ফলতে আপৰ নেতাসকলক ভুৱা অভিযোগত অভিযুক্...

April 5, 2024 8:42 PM

দিল্লীৰ এখন আদালতৰ কেজৰিৱাল সৈতে নিজা অধিবক্তাৰ আইনী বৈঠকৰ সংখ্যা সপ্তাহত ২ৰ পৰা ৫লৈ বৃদ্ধিৰ অনুৰোধ সংৰক্ষণ

♦দিল্লীৰ এখন আদালতে আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ অধিবক্তাৰ সৈতে আইনী বৈঠকৰ সংখ্যা, সপ্তাহত দুবাৰৰ পৰা পাঁচবাৰলৈ বৃদ্ধি কৰাৰ বাবে কৰা অনুৰোধটো সংৰক্ষণ কৰে। ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই এই বিষয়টোৰ ওপৰত আদেশ পাবলৈ ৯ এপ্ৰিলৰ দিনটো ধাৰ্য কৰিছে। উল্লেখযোগ্য যে সোমবাৰে আদালতে আবকাৰী নীতিৰ কেলেংকাৰীত ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্রী কেজৰিৱালক ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

April 5, 2024 8:28 PM

সমগ্র দেশে উন্নত ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি আছেঃ মোদী

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বর্তমান সমগ্র দেশে উন্নত ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি আছে। শ্ৰী মোদীয়ে আজি ৰাজস্থানৰ শেখাৱতী অঞ্চলৰ চুৰুৰ এখন নিৰ্বাচনী সভাত ভাষণ দি এইদৰে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে বিগত ১০ বছৰত তেওঁৰ চৰকাৰে জনসাধাৰণৰ কেইবা দশকজোৰা বুনিয়াদী আৱশ্যকতা পূৰণ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে বিগত ১০ বছৰত উন্নত ভাৰতবৰ্ষৰ বাবে ভেঁটি নিৰ্মাণ কৰা হৈছে। সম্প্ৰতি সমগ্ৰ বিশ্ব ভাৰতৰ দ্ৰুত প্ৰগতিক লৈ আশ্চর্যচকিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে...

April 5, 2024 7:06 PM

ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ সৈতে সংগতি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত সাল-সলনি

♦ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ সৈতে সংগতি ৰাখি পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত কিছু সাল-সলনি ঘটাইছে। নতুন পদ্ধতি অনুসৰি এতিয়া দক্ষতাভিত্তিক প্রশ্ন অধিক হোৱাৰ পৰিৱৰ্তে বিস্তৃত উত্তৰৰ প্ৰশ্নৰ সংখ্যা কম হ'ব। সংশোধিত নিৰ্দেশাৱলী অনুসৰি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বহুবিকল্প থকা প্ৰশ্নৰ ৰূপত দক্ষতাভিত্তিক প্রশ্নসমূহ পূৰ্বৰ ৪০ শতাংশৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। আনহাতে, ২০২৪-২৫ শৈক্ষিক বৰ্ষত চমু তথা দীঘলীয়া উত্তৰৰ প্ৰশ্নকে ধৰি বিস্তৃত উত্তৰৰ প্ৰশ্নসমূহ ৪০ শতাংশৰ পৰা ৩০ শ...

April 5, 2024 12:22 PM

বিশাখাপট্টনমৰ নৌবিজ্ঞান আৰু আৰু প্ৰযুক্তি পৰীক্ষাগাৰত বৃহস্পতিবাৰে দশম ডি আৰ ডি অ’ যুৱ বিজ্ঞানী সমাৰোহ অনুষ্ঠিত

♦ বিশাখাপট্টনমৰ নৌবিজ্ঞান আৰু আৰু প্ৰযুক্তি পৰীক্ষাগাৰত কালি দশম ডি আৰ ডি অ' যুৱ বিজ্ঞানী সমাৰোহ অনুষ্ঠিত হয়। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা-ডি আৰ ডি অ'ৰ অধ্যক্ষ তথা ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা আৰু গৱেষণা বিভাগৰ সচিব ড০ সমীৰ ভি কামাটে তিনিদিনীয়া এই সমাৰোহ উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী কামাটে ডি আৰ ডি অ’ক উন্নত শিখৰলৈ লৈ যোৱাৰ বাবে পৰিৱৰ্তিত গোলকীয় শৃংখলা আৰু প্ৰযুক্তি গ্ৰহণ কৰিবলৈ যুৱ বিজ্ঞানীসকলৰ প্ৰতি আহ্বান জনায়। ডি আৰ ডি অ' যুৱ বিজ্ঞানী সমাৰোহে প্ৰতিৰক্ষা বিজ্ঞান আৰু প্ৰযুক্ত...