July 29, 2024 6:07 PM

দেশত স্বীকৃতি প্রাপ্ত ষ্টার্টআপ উদ্যমসমূহে এই পর্যন্ত ১৫ লাখ ৫০ হাজাৰৰো অধিক কর্মসংস্থাপনৰ সৃষ্টি কৰিছে

দেশত স্বীকৃতি প্রাপ্ত ষ্টার্টআপ উদ্যমসমূহে এই পর্যন্ত ১৫ লাখ ৫০ হাজাৰৰো অধিক কর্মসংস্থাপনৰ সৃষ্টি কৰিছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগসমূহৰ অধীনত গ্ৰহণ কৰা পদক্ষেপৰ সহায়ত ষ্টার্টআপসমূহে অনাগত সময়ত অধিক কর্মসংস্থাপনৰ সৃষ্টি কৰাৰ লগতে যুৱ উদ্যমীসকলক আগবঢ়াই আনিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ঔদ্যোগীক বিকাশ আৰু অভ্যন্তৰীণ বাণিজ্য বিভাগে যোৱা ৩০ জুন পর্যন্ত এক লাখ ৪০ হাজাৰ ৮০৩টা ষ্টার্টআপক স্বীকৃতি দিছে বুলি লোকসভাত দক্ষতা বিকাশ আৰু উদ্যামি...

July 20, 2024 6:08 PM

ভাৰত মণ্ডপমত কাইলৈ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন আৰম্ভ

নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন আৰম্ভ হ’ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অধিৱেশন উদ্বোধন কৰিব। অধিৱেশনৰ ৩১ জুলাইত সামৰণি পৰিব। ভাৰতে প্ৰথমবাৰৰ বাবে এই অধিৱেশনৰ আয়োজন কৰিছে। অনুষ্ঠানত ইউনেস্ক'ৰ ৰ সঞ্চালক প্রধান মেডাম অড্রে আজৌলে আৰু ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সচিবালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বিভিন্ন দেশৰ সাংস্কৃতিক মন্ত্ৰী, ৰাষ্ট্ৰদূতকে ধৰি অন্যান্য ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিব। অধিৱেশনৰ পূৰ্বে এখন সংবাদমেলত কেন্দ্রীয় সাংস্কৃতিক আৰু পৰ্যটন মন্...

July 18, 2024 7:14 PM

কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে বিদেশ সচিব বিক্রম মিস্ৰী ভূটানলৈ যাব

কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে বিদেশ সচিব বিক্রম মিস্ৰী ভূটানলৈ যাব বিদেশ সচিব বিক্রম মিস্ৰী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানলৈ যাব। উল্লেখযোগ্য যে বিদেশ সচিবৰূপে কাৰ্যভাৰ গ্ৰহণৰ পাছত শ্ৰী মিজীৰ এইটোৱে প্ৰথমটো আনুষ্ঠানিক বিদেশ ভ্রমণ। ভ্রমণ কালছোৱাত বিদেশ সচিবগৰাকীয়ে ভূটানৰ ৰজাৰ উপস্থিতিত একাংশ জনতাৰ সৈতে মত বিনিময় কৰিব। শ্ৰী মিস্ৰীয়ে দেশখনৰ প্ৰধানমন্ত্রী, বিদেশ পৰিক্ৰমা আৰু বিদেশ বাণিজ্য মন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ লগতে ভূটান চৰকাৰৰ বৈদেশিক সচিব আৰু আন কেইবাজনো জ্যেষ্ঠ বিষয়াৰ সৈতে মত বিনিময় কৰি...

July 13, 2024 1:10 PM

প্ৰধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত অসমৰ বাবে ৩৭৮ কোটি ৬৮ লাখ টকা আৱণ্টন

● কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত ৰাজ্যৰ বাবে ৩৭৮ কোটি ৬৮ লাখ টকা আৱণ্টন দিছে। এই পুঁজিৰে ৫৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৭৮টা পথ আৰু ১৪ খন পকী দলং নিৰ্মাণ কৰা হ'ব। গ্রামোন্নয়ন মন্ত্রালয়ে কৈছে যে, এই প্রকল্পসমূহে স্বাস্থ্য, শিক্ষা আৰু বাণিজ্যৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ সুবিধা উন্নত কৰাৰ লগতে গ্রামাঞ্চলত সংযোগ বৃদ্ধি কৰিব।

July 13, 2024 9:36 AM

উত্তৰ-পূৰ্বাঞ্চলৰ অর্থনৈতিক বিকাশ ত্বৰান্বিতৰ উদ্দেশ্যৰে অসম আৰু ত্ৰিপুৰাৰ বাবে কেইবাটাও প্রকল্পত অনুমোদন কেন্দ্ৰৰ

● কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাম্য পথ যোগাযোগ সুদৃঢ় কৰাৰ লগতে অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যৰে অসম আৰু ত্ৰিপুৰাৰ বাবে কেইবাটাও প্রকল্পত অনুমোদন জনাইছে। গ্রামোন্নয়ন মন্ত্রালয়ে ৩৭৮ কোটিৰো অধিক টকা বিনিয়োগেৰে অসমত প্রধানমন্ত্রী গ্রাম সড়ক যোজনাৰ অধীনত ৫৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৭৮টা পথ আৰু ১৪খন দলং নিৰ্মাণত অনমোদন জনাইছে। মন্ত্ৰালয়ে ত্ৰিপুৰাৰ বাবে ১১৪ কোটি টকা বিনিয়োগেৰে ১১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪২টা পথ নিৰ্মাণত অনুমোদন জনাইছে। মন্ত্রালয়ে কৈছে যে এই প্রকল্পসমূহে স্বাস্থ্য, শিক...

July 12, 2024 9:23 AM

কেন্দ্রীয় বাহিনীসমূহে প্রাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰিব

■ কেন্দ্রীয় বাহিনীসমূহে প্রাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰিব। অগ্নীপথ আঁচনিক লৈ চলি থকা বিতৰ্কৰ মাজতেই কেন্দ্ৰীয় বাহিনীসমূহে প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে। সীমান্ত সুৰক্ষা বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু সশস্ত্ৰ সীমা বলৰ দৰে কেন্দ্ৰীয় বাহিনীসমূহৰ মুৰববীসকলে কৈছে যে, প্রাক্তন অগ্নিবীৰসকলে বয়সৰ উৰ্ধ সীমাৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব আৰু তেওঁলোকৰ বাবে শাৰিৰীক দক্ষতাৰ ...

July 11, 2024 8:57 PM

বিত্তমন্ত্রী নিৰ্মালা সীতাৰমন আৰু দেশৰ আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে দিল্লীত প্রধানমন্ত্রী মোদীৰ মত-বিনিময়

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি বিত্তমন্ত্রী নিৰ্মালা সীতাৰমন আৰু দেশৰ আগশাৰীৰ অর্থনীতিবিদসকলৰ সৈতে নতুন দিল্লীত মত-বিনিময় কৰে। শ্ৰীমোদীয়ে আসন্ন কেন্দ্রীয় বাজেট সন্দৰ্ভত তেওঁলোকৰ দিহা-পৰামৰ্শ গ্রহণ কৰে। অর্থনীতিবিদৰ উপৰি বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলো এই বৈঠকত উপস্থিত থাকে। বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰি আৰু অন্য সদস্যসকলেও অংশ লয়। উল্লেখযোগ্য যে, সংসদৰ বাজেট অধিবেশন ২২ জুলাইত আৰম্ভ হ'ব আৰু ২৩ জুলাইত বিত্ত মন্ত্রী নির্মলা সীতাৰমনে লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰ...

July 10, 2024 12:33 PM

দেশত ঘৰুৱা প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু উৎপাদনৰ অনুকূলতন্ত্ৰ গঢ়ি তোলাৰ বাবে অধিক সংস্কাৰ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ

দেশত ঘৰুৱা প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু উৎপাদনৰ অনুকূলতন্ত্ৰ গঢ়ি তোলাৰ বাবে অধিক সংস্কাৰ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। গুণগত সংস্কাৰ সন্দৰ্ভত অনুষ্ঠিত আলোচনাচক্রত ভার্চুৱেল মাধ্যমেৰে দিয়া ভাষণত প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানে এই কথা উল্লেখ কৰে। তেওঁ প্ৰতিৰক্ষা নিৰ্মাণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠাৰ আৱশ্যকতাত আৰু এই লক্ষ্যত উপনীত হোৱাৰ বাবে সকলো অংশীদাৰ বিশেষকৈ স্বদেশী প্ৰতিৰক্ষা উদ্যোগৰ উল্লেখযোগ্য ভূমিকাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত ভাষণ দি গুণগত নিশ্চয়তাৰ সঞ্চালক প্রধান লেফটেনেণ...

July 4, 2024 8:58 PM

ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন মিছনৰ অধীনত পৰীক্ষণৰ সা-সুবিধা, আন্তঃগাঁথনি আৰু প্রতিষ্ঠানিক সহায়ৰ বাবে নিৰ্দেশনা জাৰি

কেন্দ্ৰীয় চৰকাৰে আজি ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ'জেন মিছনৰ অধীনত পৰীক্ষণৰ সা-সুবিধা, আন্তঃগাঁথনি আৰু প্রতিষ্ঠানিক সহায়ৰ বাবে মন সম্পন্ন আৰু নিয়ন্ত্ৰণৰ পৰিকাঠামো বিকশাই তোলাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে কৈছে যে, এই আঁচনি ২০২৫-২৬ বিত্তীয় বর্ষলৈকে ২০০ কোটি টকা ব্যয়ৰে ৰূপায়ণ কৰা হ'ব। ৰাষ্ট্ৰীয় সৌৰশক্তি প্রতিষ্ঠানে ৰূপায়ণ কৰিব লগা এই আঁচনিয়ে উৎপাদন, প্রযুক্তি আৰু সেউজ হাইড্ৰ'জেনৰ মূল্য শৃংখলাৰ সুবিধাসমূহ আৰু বৰ্তমান ইয়াৰ আনুসংগিক পৰীক্ষণৰ ক্ষেত্ৰত থকা সুবিধা...

July 4, 2024 3:06 PM

দেশত কয়লাৰ উৎপাদন বৃদ্ধি পাই যোৱা জুন মাহত ৮ কোটি ৬৬ লাখ ৩০ হাজাৰ টন হৈছে

■ দেশত কয়লাৰ উৎপাদন ১৪.৫ শতাংশ বৃদ্ধি পাই যোৱা জুনত ৮ কোটি ৬৬ লাখ ৩০ হাজাৰ টন হৈছে। যোৱা বছৰ এই একে সময়ছোৱাত এই পৰিমাণ ৭ কোটি ৩৯ লাখ ২০ হাজাৰ টন আছিল। কয়লা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ক'ল ইণ্ডিয়া লিমিটেডে ৮.৮৭ শতাংশৰ বৃদ্ধিৰে ৬ কোটি ৩১ লাখ টন কয়লা উৎপাদন কৰিছে। ইয়াৰ উপৰি জুনত অন্য কোম্পানীসমূহে ১ কোটি ৬০ লাখ ৩০ হাজাৰ টন কয়লা উৎপাদন কৰে। এই পৰিমাণ যোৱা বছৰৰ তুলনাত ৫৫.৪৯ শতাংশ অধিক।