September 16, 2024 8:04 PM

দিল্লীত ভাৰত ষ্টার্ট আপ ন’লেজ এছেছ ৰেজিষ্ট্রি ভাস্কৰ মুকলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলৰ

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি নতুন দিল্লীত ভাৰত ষ্টার্ট আপ ন'লেজ এছেছ ৰেজিষ্ট্রি ভাস্কৰ মুকলি কৰে। ভাস্কৰ হৈছে অনলাইন আদান-প্ৰদানৰ এখন মঞ্চ, যিয়ে ষ্টার্ট-আপ বিনিয়োগকাৰী সেৱা প্ৰদানকাৰী আৰু নিয়ন্ত্ৰণকাৰী সংস্থাসমূহকে ধৰি ঔদ্যোগীকৰণৰ মূল অংশীদাৰসকলৰ মাজত সহযোগিতা কেন্দ্ৰীভূত, সুশৃংখলিত আৰু বৃদ্ধি কৰে। অনুষ্ঠানত ভাষণ দি শ্রীগোৱেলে কয় যে, উদ্যোগী আৰু আন অংশীদাৰসকলক ভাৰতক ষ্টাৰ্ট-আপ জৈৱ প্ৰক্ৰিয়াৰ গোলকীয় হাব হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ভাস্কৰে ষ্টাৰ্ট-আপসমূহক স...

September 16, 2024 6:15 PM

কাইলৈৰে পৰা দিল্লীত অষ্টম ভাৰত জল সপ্তাহ, ২০২৪ অনুষ্ঠিত হ’ব

অষ্টম ভাৰত জল সপ্তাহ, ২০২৪ কাইলৈৰে পৰা নতুন দিল্লীত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰত মণ্ডপমত এই কাৰ্যসূচী উদ্বোধন কৰিব। চাৰিদিনীয়া এই কাৰ্যসূচীত ২০০ গৰাকী বিদেশী প্রতিনিধিসহ ৪০ খন দেশৰ প্ৰায় ৪ হাজাৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব। প্ৰদৰ্শনীৰ সময়ছোৱাত ১০০ কৈও অধিক প্ৰদৰ্শক আৰু ষ্টার্টআপে জল ক্ষেত্ৰত নিজ নিজ ভাৱাদৰ্শ প্ৰদৰ্শন কৰিব। নতুন দিল্লীত অনুষ্ঠিত সংবাদমেলত জলশক্তি মন্ত্ৰ্যালয়ৰ সচিব দেৱশ্ৰী মুখার্জীয়ে কয় যে উপযুক্ত জল ব্যৱস্থাপনাই দেশৰ আৰ্থিক বৃদ্ধি ত্বৰান্বিত কৰিব। ত...

September 14, 2024 3:02 PM

দেশত বাছমতী চাউলৰ ৰপ্তানি বৃদ্ধিৰ উদ্দেশ্যে এই চাউলৰ গুৰিৰ মূল্য সম্পুর্ণভাৱে আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ

কেন্দ্রই উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি ভাৰতবৰ্ষত বাছমতী চাউলৰ ৰপ্তানি বৃদ্ধিৰ উদ্দেশ্যে এই চাউলৰ গুৰিৰ মূল্য সম্পুর্ণভাৱে আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চলিত বাণিজ্যক উদ্বেগ আৰু চাউলৰ পৰ্যাপ্ত ঘৰুৱা উপলব্ধতাৰ প্ৰতি সহাৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ঘৰুৱা চাউলৰ বৰ্ধিত মূল্য আৰু যোগানৰ কটকটীয়া ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ২০২৩ চনৰ আগষ্ট মাহত এই গুৰিৰ মূল্য প্রতি মেট্রিকটনত ১২০০ ডলাৰ নিৰ্ধাৰণ কৰা হৈছিল। পিছলৈ অৰ্থাৎ‍ ২০২৩ চনৰ অক্টোবৰ মাহত এই মূল্য প্রতি মেট্রিকটনত ৯৫০ ডলাৰলৈ অৱনমিত কৰা হয়।

September 13, 2024 5:48 PM

দ্বিপাক্ষিক সম্পর্ক স্বাভাৱিক কৰি তোলাৰ বাবে সকলো এলেকাত শান্তি আৰু বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাৰ প্ৰতি সন্মান অতি জৰুৰীঃ অজিত দোভাল

ভাৰত আৰু চীনে নিয়ন্ত্ৰণ ৰেখাৰ বাকী এলেকাসমূহৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি অহাৰ প্ৰয়াসৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল আৰু চীনৰ কমিউনিষ্ট পাৰ্টীৰ পোলিত ব্যুৰোৰ সদস্য তথা কেন্দ্ৰীয় বিদেশ পৰিক্ৰমা আয়োগৰ সঞ্চালক ৱাং য়িৰ মাজত কালি ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গত হোৱা বৈঠকত এই বিষয়ত সহমত গঢ়ি উঠে। ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ সুৰক্ষা বিষয়ৰ বাবে দায়িত্বত থকা উচ্চ পৰ্যায়ৰ বিষয়া আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাসকলৰ বৈঠকত ভাগ লোৱাৰ সুযোগ...

September 12, 2024 1:47 PM

দুদিনীয়া ভ্রমণসূচীৰে বিদেশ মন্ত্রী ড° এছ জয়শংকৰ ছুইজাৰলেণ্ডত উপস্থিত হ’ব

বিদেশ মন্ত্রী ড° এছ জয়শংকৰ আজি দুদিনীয়া ভ্রমণসূচীৰে ছুইজাৰলেণ্ডত উপস্থিত হ'ব। মন্ত্ৰীগৰাকীৰ ছৌদি আৰব, জার্মানী আৰু ছুইজাৰলেণ্ড ভ্ৰমণৰ এয়া তৃতীয় তথা অন্তিম পর্যায়। জেনেভাত বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ সৈতে সক্রিয়ভাৱে জড়িত আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ মুৰব্বী আৰু প্রতিনিধিসকলক সাক্ষাৎ কৰিব। জেনেভাত ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ কাৰ্যালয় আছে। তেওঁ ছুইজাৰলেণ্ডৰ বিদেশ মন্ত্রীকো সাক্ষাৎ কৰিব আৰু উভয় দেশৰ ঘনিষ্ঠ সহযোগিতাৰ পর্যালোচনা কৰিব। দুয়োগৰাকী মন্ত্ৰীয়ে দ্বিপাক্ষিক...

September 12, 2024 12:54 PM

কেন্দ্ৰীয় কেবিনেটৰ মিছন মৌচম যোজনাৰ প্ৰস্তাৱত অনুমোদন

কেন্দ্ৰীয় কেবিনেটে বতৰৰ আগলি বতৰা আৰু জলবায়ু সম্পৰ্কীয় তথ্যৰ ক্ষেত্ৰত অধিক সামর্থ আহৰণৰ উদ্দেশ্য মিছন মৌচম যোজনাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই যোজনাৰ বাবদ ২ বছৰত ২ হাজাৰ কোটি টকা ব্যয় হ'ব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ধৰিত্ৰী বিজ্ঞান বিভাগে ৰূপায়ণ কৰিবলগীয়া এই যোজনাৰ ফলত দেশত বতৰ আৰু জলবায়ু সম্পৰ্কীয় বিজ্ঞান, গৱেষণা আৰু সেৱাৰ প্ৰসাৰ ঘটিব। এই অভিযানে সময়মতে বতৰ আৰু জয়বায়ুৰ সঠিক তথ্য প্ৰদানত সহায় কৰিব। মিছন মৌচমৰ অধী...

September 3, 2024 7:22 PM

অনগ্ৰসৰ শ্ৰমিকসকলৰ সুবিধাৰ্থে প্রধানমন্ত্রী আবাস যোজনাৰ সময়সীমা বৃদ্ধি কৰাৰ ব্যৱস্থা শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ

শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ে অনগ্ৰসৰ শ্ৰমিকসকলৰ সুবিধা হোৱাকৈ প্রধানমন্ত্রী আবাস যোজনাৰ সময়সীমা বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শ্রম মন্ত্ৰালয়ে সকলো ৰাজ্য চৰকাৰলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰি নিৰ্মাণ খণ্ডৰ শ্ৰমিকৰ লগতে চুক্তিবদ্ধ শ্রমিক তথা অন্যান্য অ-সংগঠিত খণ্ডৰ শ্ৰমিকক ইয়াত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। কেন্দ্রীয় মন্ত্রী সভাই প্রধানমন্ত্রী আবাস যোজনাৰ সুবিধাসমূহ ২০২৪-২৫ৰ পৰা ২০২৮-২৯ চনলৈ অতিৰিক্ত ৫ বছৰৰ কাৰণে বৃদ্ধি কৰাত অনুমোদন জনোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ...

August 13, 2024 3:09 PM

সম্প্ৰচাৰ সেৱা বিধেয়কৰ খচৰা সন্দৰ্ভত দিহা-পৰামৰ্শ গ্ৰহণৰ সময়সীমা ১৫ অক্টোবৰলৈ বৃদ্ধি

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে সম্প্ৰচাৰ সেৱা বিধেয়কৰ খচৰা সন্দৰ্ভত দিহা-পৰামৰ্শ গ্ৰহণৰ সময়সীমা ১৫ অক্টোবৰলৈ বৃদ্ধি কৰিছে। সময়সীমা বৃদ্ধি কৰি মন্ত্ৰালয়ে কয় যে বিশদ আলোচনাৰ অন্ততহে নতুন খচৰা বিধেয়কখন প্ৰকাশ কৰা হ'ব। বিধেয়কখনৰ খচৰা সংশ্লিষ্ট সকলো পক্ষ আৰু জনসাধাৰণৰ দিহা-পৰামৰ্শৰ বাবে ব্যাখ্যাত্মক টোকাৰ সৈতে যোৱা নৱেম্বৰত ৰাজহুৱা কৰা হৈছিল। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, বিধেয়কৰ খচৰা সন্দৰ্ভত বিভিন্ন সংস্থা তথা ব্যক্তিৰ পৰা দিহা-পৰামৰ্শ লাভ কৰা হৈছে।

August 1, 2024 8:38 PM

চৰকাৰে পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকললৈ নগদ ধন ৰহিত চিকিৎসা প্ৰদান কৰিছেঃ নীতিন গাডকাৰী

চৰকাৰে পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকললৈ নগদ ধন ৰহিত চিকিৎসা প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধীকৰণৰ সহযোগত চণ্ডীগড় আৰু অসমত পৰীক্ষামূলকভাৱে এনে চিকিৎসা প্রদান কৰা হৈছে। পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি লোকসভা এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, পথ দুৰ্ঘটনাত বলি হোৱা লোকসকলক আয়ুষ্মাণ ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত তালিকাভুক্ত চিকিৎসালয়ৰ ট্ৰমা আৰু পলিমা বিভাগত চিকিৎসা প্ৰদান কৰা হয়। ভুক্তভোগী লোকসকলক ৭দিনত ১.৫০ লাখ টকা পর্যন্ত সাহায্য প্ৰদান কৰা হয় ...

August 1, 2024 8:33 PM

দেশত ৰে’ল দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ

কেন্দ্ৰীয় চৰকাৰে কৈছে যে, দেশত ৰে'ল দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ আৰু ইউ পি এৰ শাসন কালৰ তুলনাত ৰে'ল দুৰ্ঘটনা ৬৮ শতাংশ হ্রাস পাইছে। লোকসভাত আজি ৰে'ল মন্ত্ৰ্যালয়ৰ দাবী মঞ্জুৰি সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ইউ পি এৰ শাসন কালত ৰে'ল দুৰ্ঘটনাৰ বাৰ্ষিক গড় ১৭১ আছিল । সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে অধিক প্ৰয়াসৰ আৱশ্যকতা আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে, ২০২২-২৩ বৰ্ষত সুৰক্ষাৰ বাবদ ৮৭ হাজাৰ কোটিৰো অধিক টকা ব্যয় কৰা হৈছে আৰু...