September 7, 2024 9:19 PM

পেৰিছ পেৰালিম্পিকত ভাৰতৰ বৰ্তমানলৈকে ৬ টা সোণ, ৯ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জসহ মুঠ ২৭ টা পদক লাভ

ভাৰতে বৰ্তমানলৈকে পেৰিছ পেৰালিম্পিকত ৬ টা সোণ, ৯ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জসহ মুঠ ২৭ টা পদক লাভ কৰিছে। কেইবাগৰাকীও ভাৰতীয় খেলুৱৈ আজি পদকৰ যুঁজত অৱতীৰ্ণ হ'ব। দৌৰবিদ চিমৰণ মহিলাৰ ২০০ মিটাৰত টি টুৱেল্ভ, দিলীপ গাৱিট পুৰষৰ ৪০০ মিটাৰৰ টি ফ'টি ছেভেন আৰু নৱদীপ পুৰুষৰ জেভলিন থ্ৰৰ এফ ফৰ্টি ৱান শিতানত অৱতীৰ্ণ হ'ব।

September 3, 2024 6:36 PM

পেৰিছ পেৰালিম্পিকছৰ জেভলিন থ্র’ত ভাৰতৰ সুমিত অন্তিলৰ নতুন অভিলেখ স্থাপনেৰে খিতাপ

ভাৰতৰ সুমিত অন্তিলে নতুন অভিলেখ স্থাপনেৰে পেৰিছ পেৰালিম্পিকছৰ জেভলিন থ্র'ত খিতাপ অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। খেলুৱৈগৰাকীয়ে নিজৰ দ্বিতীয়টো প্ৰচেষ্টাত ৭০.৫৯ মিটাৰ দূৰত্বলৈ জেভলিন দলিয়াই কালি এই কৃতিত্ব অর্জন কৰে। একেদৰে নিতেশ কুমাৰে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ SL-3 শিতানত ডেনিয়েল বেটহেলক ২১-১৪, ১৮-২১, ২৩-২১ গেমত পৰাস্ত কৰি দেশৰ হকে দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰে। আনহাতে পুৰুষৰ ছিংগলছৰ SL-4 শিতানত ভাৰতৰ সুহাছ য়াথীৰাজেও ৰূপৰ পদক লাভ কৰে। খেলুৱৈগৰাকী ফাইনেলত যোৱাবাৰৰ বিজয়ী লুকাছ মাজুৰৰ বিৰুদ্ধে ৯...

August 2, 2024 8:01 AM

পেৰিছ অলিম্পিকত বেডমিণ্টনত পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ লক্ষ্য সেন চীনা টাইপেইৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

■ ভাৰতৰ লক্ষ্য সেন আজি পেৰিছ অলিম্পিকৰ সপ্তম দিনা বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে এইবাৰৰ অলিম্পিকত দুটাকৈ পদক বিজয়ী মনু ভাকৰে আজি বিয়লি মহিলাৰ ২৫ মিটাৰ এয়াৰ পিষ্টলৰ যোগ্যতা নিৰূপণ ৰাউণ্ডত অভিযান আৰম্ভ কৰিব। যুডোত তুলিকা মানে মহিলাৰ ৭৮ কিলোগ্রাম ঊৰ্ধৰ ওজন শাখাৰ এখন খেলত কিউবাৰ ইদালিত অৰ্টিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ ২.১৫ মিনিটত অনুষ্ঠিত হ'ব। এই ওজন শাখাৰ ফাইনেলসহ সকলো খেল আজিয়ে অনুষ্ঠিত হ'ব। আৰ্চাৰীত ভাৰতৰ ধীৰাজ বোমদ...

July 29, 2024 8:30 PM

পেৰিছ অলিম্পিকত ভাৰতৰ পুৰুষৰ হকী দল আৰ্জেণ্টিনাৰ সৈতে হোৱা খেলত ১-১ গলত ড্ৰ’

পেৰিছ অলিম্পিকত আজি ভাৰতৰ পুৰুষৰ হকী দল আৰ্জেণ্টিনাৰ সৈতে হোৱা খেলখন ১-১ গলত ড্ৰ’ হয়। আৰ্জেণ্টিনাৰ লুকাচ মার্টিনেজে খেলৰ প্ৰথম হাফত ১ গলত আগুৱাই থকাৰ পাছত ভাৰতৰ অধিনায়ক হৰমন প্রীত সিঙে শেষৰটো মিনিটত দলৰ হৈ দিয়া গলটোৰ ফলত খেলখন ড্ৰ’ হয়। ভাৰতৰ পুৰুষ হকী দলটোৱে নিজৰ পৰৱৰ্তী খেলখনত আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হব। আয়াৰলেণ্ড ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ সৈতে হোৱা খেলখনত ১-২ গলৰ ব্যৱধানত পৰাস্ত হৈছিল।

July 25, 2024 10:53 AM

পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক উদ্বোধনীৰ এদিন পূৰ্বে আজি ভাৰতৰ নিজৰ অভিযান আৰম্ভ

ভাৰতে পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানৰ এদিন পূৰ্বে আজি নিজৰ অভিযান আৰম্ভ কৰিব। ভাৰতৰ দিপীকা কুমাৰী, অংকিতা ভকত, ভজন কৌৰ, বি ধীৰাজ, তৰুণদ্বীপ ৰায় আৰু প্ৰবীণ যাদৱে আৰ্চাৰীৰ ব্যক্তিগত ৰেংকিং ৰাউণ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰ্চাৰীৰ পৰৱৰ্তী পৰ্যায়ৰ খেলসমূহ অহা ২৮ জুলাইৰ পৰা ৪ আগষ্টলৈ খেলোৱা হ'ব। মহিলাৰ ৰেংকিং ৰাউণ্ডৰ খেলসমূহ ভাৰতীয় সময় অনুসৰি দিনৰ ১ বজাত আৰু পুৰুষ ৰেংকিং ৰাউণ্ডৰ খেলসমূহ বিয়লি ৫ -৪৫ মিনিটত আৰম্ভ হ'ব।