August 13, 2024 3:27 PM

৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযান উদযাপন নাগপুৰ পৌৰ নিগমৰ

নাগপুৰ পৌৰ নিগমে যোৱা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে উদ্যম আৰু উৎসাহেৰে গ্ৰহণ কৰা হৰ ঘৰ তিৰংগা অভিযান উদযাপন কৰিছে। এই উদযাপনৰ অংশ হিচাপে আজি তিৰংগা মাৰাথন আয়োজন কৰা হয়। নাগপুৰ পৌৰ নিগমৰ সহকাৰী পৌৰ আয়ুক্ত প্রকাশ ৱাহেঁড়ে ছেইণ্ট উছুলা বিদ্যালয়ত অনুষ্ঠিত মাৰাথন দৌৰৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। এই মাৰাথনত বহুসংখ্যক নাগৰিকেও অংশগ্ৰহণ কৰে৷

August 13, 2024 3:25 PM

জম্মু আৰু কাশ্মীৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জম্মু এলেকাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ

জম্মু আৰু কাশ্মীৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জম্মু এলেকাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে প্ৰশাসনে নিৰাপত্তা আৰু স্বাধীনতা দিৱসৰ অনুষ্ঠান সুকলমে উদযাপন কৰাৰ ক্ষেত্ৰত যাতে কোনো সুৰুঙা ৰৈ নাযায়, তাৰ নিশ্চিত ব্যৱস্থা হাতত লৈছে। স্বাধীনতা দিৱসৰ মূল অনুষ্ঠান শ্ৰীনগৰৰ বাক্সি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আৰু লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিন্হাই অভিবাদন গ্রহণ কৰাৰ লগতে অনুষ্ঠানত সভাপতিত্ব কৰিব। হাজাৰতকৈও অধিক লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

August 13, 2024 1:50 PM

ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ত্ৰিৰংগ সমলয় অনুষ্ঠানৰ আয়োজন

ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত স্বাধীনতা সংগ্ৰামীসকললৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজি ত্ৰিৰংগ সমলয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

August 13, 2024 1:48 PM

ৰাজ্যৰ বিভিন্ন জিলাত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

♦ ৰিাজ্যৰ বিভিন্ন জিলাত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলাই থকা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া অনুষ্ঠানৰ বাবে আৰক্ষী বেটেলিয়ন, অৰ্ধসামৰিক বাহিনী আৰু এন চি চিৰ দলসমূহে পেৰেডৰ অনুশীলন চলাই আছে। ৰাজ্যৰ কেইটামান উগ্রপন্থী সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ বাবে জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰত প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ৰে'ল সুৰক্ষা বাহিনীৰ ৰে'ল ষ্টেচনত স্নিফাৰ ডগৰ সহায়ত সুৰক্ষা ব্যৱস্থাৰ তদাৰক কৰি আছে। ৰে'ল লাইন আৰু অন...

August 6, 2024 9:10 PM

হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্কি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই অভিযানে বিগত দুবছৰ ধৰি ৰাষ্ট্ৰীয় আন্দোলন হিচাপে গঢ় লৈ উঠিছে।