May 3, 2024 11:38 AM

ডিমা হাচাও জিলা প্রশাসনৰ প্রতিকুল বতৰৰ বাবে সতর্কতামূলক নির্দেশনা

◊গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ নিৰ্দেশনা মৰ্মে ডিমা হাচাও জিলা প্রশাসনে প্রতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি সতর্কতামূলক নির্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠান কাইলৈ পৰ্যন্ত বন্ধ থাকিব। আনহাতে প্ৰশাসনে জিলাখনৰ লোকসকলক পৰাপক্ষত ঘৰৰ পৰা বাহিৰলৈ নাযাবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি পাহাৰীয়া জিলাখনত বৰষুণ অব্যাহত আছে। ধাৰাসাৰ বৰষুণৰ বাবে জিলাখনত স্বাভাৱিক জন জীৱন ব্যাহত হৈছে। গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰয়েও ধুমুহা, ব্রজপাত আৰু বৰষুণৰ সতৰ্কতা জাৰি কৰিছে। জিল...

April 5, 2024 8:42 PM

মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ছিকিম আৰু পশ্চিমবংগত পৰৱৰ্তী ৭ দিনত বিজুলী-ঢেৰেকণিৰে মজলীয়া বৰষুণ হ'ব পাৰে আৰু প্ৰতি ঘণ্টাত ৫০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে বতাহ বলিব পাৰে। ঝাৰখণ্ড আৰু ওড়িশাত কাইলৈ একেধৰণৰ বতৰ হ'ব পাৰে বুলি বিভাগে প্ৰকাশ কৰিছে। 

April 4, 2024 1:13 PM

views 1

উত্তৰ-পূৰ্বাঞ্চলত দেওবাৰলৈকে ধুমুহা, বৰষুণ হোৱাৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলত দেওবাৰলৈকে ধুমুহা, বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে, অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। পৰৱৰ্তী ৫ দিনত দেশৰ পূব আৰু উপদ্বীপ অঞ্চলসমূহত গ্রীষ্ম প্রবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলিও বিভাগে আগলি বতৰা দিছে। এই সময়ছোৱাত কৰ্ণাটকৰ উত্তৰ অংশৰ দুৰ্গম এলেকা, পশ্চিমবংগৰ গংগা নৈৰ ...

April 4, 2024 11:54 AM

views 1

আগন্তুক ৫ দিনত দেশৰ পূৱ আৰু উপদ্বীপ অঞ্চলসমূহত গ্রীষ্ম প্রবাহৰ প্ৰকোপ অব্যাহত থকাৰ সম্ভাৱনা

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৫ দিনত দেশৰ পূৱ আৰু উপদ্বীপ অঞ্চলসমূহত গ্রীষ্ম প্রবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত কৰ্ণাটকৰ উত্তৰ অংশৰ দুৰ্গম এলেকা, পশ্চিমবংগৰ গংগা নৈৰ কাষৰীয়া অঞ্চল, ঝাৰখণ্ড, ওড়িশা, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলসমূহত গ্রীষ্ম প্রবাহ থকাৰ আশংকা আছে। বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৩ দিনত পূৱ ভাৰতৰ ভালেমান ঠাইত সর্বোচ্চ তাপমাত্রা ২ৰ পৰা ৩ ডিগ্রী ছেলচিয়াচ বৃদ্ধি পাব পাৰে বুলি পূর্বানুমান প্ৰকাশ কৰিছে। বিভাগটোৱে লগতে উত্তৰ-পূৰ্বাঞ্চলত ...

April 2, 2024 7:09 PM

আগন্তুক ৭দিনত পশ্চিম হিমালয় অঞ্চলৰ ঠাইবিশেষে পাতলীয়া বৰষুণ আৰু তুষাৰপাতৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী সাত দিনত পশ্চিম হিমালয় অঞ্চলৰ ঠাইবিশেষে পাতলীয়া বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে ৫ এপ্রিল পৰ্য্যন্ত উত্তৰ-পশ্চিম ভাৰতৰ সমভূমি অঞ্চলৰ কেতবোৰ ঠাইত মজলীয়া বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। জম্মু-কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান, মুজফ্‌ফ্ফৰাবাদ আৰু হিমাচল প্ৰদেশত অহা তিনি দিন পর্য্যন্ত বিজুলী ঢেৰেকণিৰে ধুমুহা-বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে সম্ভাৱনা প্ৰকাশ কৰিছে। বিভাগটোৱে লগতে অসম আৰু উত্তৰ-পূব বিহাৰত পৃথিৱী প...

April 1, 2024 8:37 PM

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষুণ অব্যাহত থকাৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষুণ অব্যাহত থাকিব বুলি আগজাননী দিছে। অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা দুই তিনিদিনলৈকে ধুমুহা-বৰষুণৰ লগতে শিলাবৃষ্টিও হ'ব বুলি বিভাগে প্ৰকাশ কৰিছে। হিমালয়ৰ পশ্চিমাঞ্চলত হোৱা বতৰৰ পৰিৱৰ্তনৰ ফলত অহা ৫ এপ্ৰিললৈকে উত্তৰ পূব ভাৰতৰ বতৰ শোচনীয় হৈ থাকিব বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে। বিভাগৰ মতে, জম্মু-কাশ্মীৰ, লাডাখ, মুজ্জাফৰবাদ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত বতৰৰ এনে অৱস্থা ৬ এপ্ৰিল...

March 31, 2024 8:48 PM

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা শিলাবৃষ্টিত বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিয়লিৰ ভাগত অহা এজাক ধুমুহা শিলাবৃষ্টিয়ে বিভিন্ন অঞ্চলত ক্ষতি কৰিছে। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ বিভিন্ন স্থানত আজি বিয়লি প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণৰ ফলত উজান বাঁহবাৰী, আওহাটা, ৰাজাবিল অঞ্চলি, জালাহ শিমলাকে ধৰি কেবাটাও স্থানত বিস্তৰ ক্ষতি হৈছে। এই অঞ্চলসমূহৰ কেইবাটাও বাসগৃহৰ টিনপাত ফুটি যোৱাৰ লগতে ভালেসংখ্যক পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাগি পৰা বুলিও জানিব পৰা গৈছে। কোনো কোনো ঠাইত গছ গছনি উভালি পৰাৰ ফলত বিদ্যুৎ সেৱা আৰু পথ যোগাযোগো ব্যাহত হৈছে। ইপিনে, যোৰহাট জি...

March 31, 2024 7:25 PM

কাইলৈপৰ্যন্ত উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ অব্যাহত থাকিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে। বতৰ বিজ্ঞান বিভাগে ওড়িশা, পশ্চিমবংগৰ গংগা নৈৰ কাষৰীয়া অঞ্চল, ঝাৰখণ্ড, পূব মধ্যপ্রদেশ, মধ্য মহাৰাষ্ট্ৰ, বিদৰ্ভা আৰু চত্তিশগড়ত আজি পৰ্যন্ত বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। বিভাগটোৱে লগতে উত্তৰ কৰ্ণাটক, তেলেংগানা আৰু ৰায়েলছিমাত বুধবাৰলৈ গ্রীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যা...