April 24, 2024 5:36 PM

উত্তৰ-পূব ভাৰতত ২৯ এপ্ৰিললৈকে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৯ এপ্ৰিললৈকে উত্তৰ-পূব ভাৰতত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে অহা ২-৩ দিনত পশ্চিমবংগ, ওড়িশা আৰু ছিকিমত বৰষুণ দিব পাৰে বুলি পূর্বাভাস প্ৰকাশ কৰিছে। মধ্য মহাৰাষ্ট্ৰ, মাৰাথৱাড়া আৰু দক্ষিণ ভাৰতৰ কেইবাটাও অঞ্চলত বৰষুণ-ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে বুলি জনাইছে। গ্রীষ্ম প্রভাৱৰ কথা উল্লেখ কৰি বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা জনোৱা অনুসৰি পশ্চিমবংগ, ওড়িশা, কৰ্ণাটক, ৰায়েলচিমা, ছিকিম, তামিলনাড়ু, ঝাৰখণ্ড, বিহাৰ, তেলেংগানা, পূব উত্তৰপ্ৰদে...

April 21, 2024 12:13 PM

বতৰ বিজ্ঞান বিভাগৰ উত্তৰ-পূৰ্বাঞ্চলৰ ঠাই বিশেষে ২৪ এপ্রিল পর্যন্ত বৰষুণৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে ২৪ এপ্রিল পর্যন্ত বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে অৰুণাচল প্ৰদেশৰ কোনো কোনো অংশত বিজুলী ঢেৰেকনিৰে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি পূর্বানুমান প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে পশ্চিম বংগৰ গংগা নৈৰ কাষৰীয়া ভালেমান অংশত আজি আৰু ঝাৰখণ্ড তথা বিহাৰৰ ঠাইবিশেষে ২৪ এপ্ৰিললৈকে গ্ৰীষ্মপ্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি প্ৰকাশ কৰিছে।

April 8, 2024 8:35 PM

অহা ২৪ ঘণ্টালৈকে দেশৰ একাংশ উপদ্বিপীয় অঞ্চলত গ্রীষ্মপ্ৰৱাহ অব্যাহত থাকিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰকাশ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ একাংশ উপদ্বিপীয় অঞ্চলত অহা ২৪ ঘণ্টালৈকে গ্রীষ্মপ্ৰৱাহ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। এই সময়ছোৱাত অন্ধ্ৰপ্ৰদেশৰ উপকুলীয় অঞ্চল, য়ানাম, ৰেয়ালচিমা, তেলেংগানা আৰু উত্তৰ কৰ্ণাটকৰ কিছু অংশত গ্ৰীষ্ম প্রবাহৰ প্ৰভাৱ অনুভুত হব। আনহাতে, বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি অসম, পশ্চিমবংগ, চিকিম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা ৭ দিনৰ ভিতৰত পাতলীয়াৰ পৰা মধ্যম বৃষ্টিপাতৰ সম্ভাৱনা আছে।