September 23, 2024 12:18 PM

ৰাজ্যত বিগত কেইবাদিনো ধৰি গৰমৰ প্ৰকোপ অব্যাহত

ৰাজ্যত বিগত কেইবাদিনো ধৰি গৰমৰ প্ৰকোপ অব্যাহত আছে। স্বাভাৱিক তাপমাত্ৰা চাৰিৰ পৰা পাঁচ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যবাসীয়ে অস্বস্তিকৰ পৰিৱেশৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি ৰাজ্যৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প্রবাহৰ মাত্ৰা অত্যধিক হাৰত বৃদ্ধি পাইছে। বিগত দিনকেইটাত তাপমাত্রা ৩৭ৰ পৰা ৩৮ ডিগ্রী চেলছিয়াছ হৈছে যদিও জলবায়ুৰ আৰ্দ্ৰতাৰ বাবে ৪৫ৰ পৰা ৪৮ ডিগ্ৰী চেলছিয়ালছলৈ গৰম অনুভূত হৈ আহিছে। আজি এই তাপমাত্ৰা নূন...

September 15, 2024 6:53 PM

views 1

উত্তৰ-পূৰ্বাঞ্চলৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে আজি ধাৰাষাৰ বৰষুণ হব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে কৈছে যে, পশ্চিমবংগৰ গংগা নৈৰ আশ পাশ এলেকাসমূহত সৃষ্টি হোৱা গভীৰ নিম্নচাপ ক্রমান্বয়ে পশ্চিম দিশলৈ গতি কৰাত আৰু বিয়লিৰ ভাগলৈ ইয়াৰ প্ৰাৱল্য গভীৰ হৈ থকাৰ সম্ভাৱনা আছে।

September 2, 2024 9:03 AM

অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত ধাৰাষাৰ বৰষুণৰ ফলত অভাৱনীয় পৰিস্থিতি

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰৰ পৰা প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱা হ'ব বুলি ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীক আশ্বাস প্ৰদান কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি শ্ৰীমোদীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱান্থ ৰেড্ডীৰ সৈতে প্ৰবল বৰষুণ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা বান সন্দৰ্ভত টেলিফোনেৰে বাৰ্তালাপ কৰে। হায়দাবাদকে ধৰি তেলেংগানাৰ বিভিন্ন অংশত কালিও ধাৰাষাৰ...

August 21, 2024 12:20 PM

দেশৰ কেইবাটাও স্থানত অহা ২৫ তাৰিখ পর্যন্ত অ’ৰেঞ্জ এলার্ট ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

■ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ পূব আৰু দক্ষিণ প্ৰান্তত অহা ২৫ তাৰিখ পর্যন্ত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা দি অ’ৰেঞ্জ এলার্ট জাৰি কৰিছে । বতৰ বিজ্ঞান বিভাগে কৈছে যে এই সময়ছোৱাত বাংলাদেশৰ মধ্য ভাগত সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ছিকিমত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটী মহানগৰীতো পৰহি নিশাৰেপৰা দি থকা নেৰানেপেৰা বৰষুণৰ ফলত চানমাৰি, শিলপুখুৰী, ছয়মাইল, পাঞ্জাবাৰী, বেলতলা আদি বিভিন্ন অঞ্চল জলমগ্ন হৈ প...

July 13, 2024 1:06 PM

views 1

আজিৰে পৰা উত্তৰ-পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ

● কেন্দ্রীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু অৰুণাচল প্ৰদেশত আজিৰে পৰা ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে। উত্তৰ-পূবৰ উপৰিও ওড়িশা, পশ্চিমবংগ, বিহাৰ, পূব-পশ্চিম উত্তৰ প্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড আদিতো অহা দুদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। উল্লেখযোগ্য যে বিগত প্রায় এমাহধৰি অৰুণাচল প্রদেশ, অসম তথা উত্তৰ-পূবত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে অসমত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল ৷ সম্প্রতি বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বহু অঞ্চল এতিয়াও বানৰ কবলত আছে। আনহাতে ধাৰাষাৰ বৰষুণৰ ফলত ছিকিম, নাগালেণ্ড...

July 6, 2024 6:43 PM

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি উজনি অসমৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

অসমত বছৰৰ দ্বিতীয়টো বানত ৩০ খন জিলাৰ ২৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত ২৪ ঘণ্টাত বানত ৰাজ্যখনত কোনো লোকৰ মৃত্যু হোৱা নাই। গুৱাহাটী মহানগৰত বৰষুণৰ পানীয়ে সৃষ্টি কৰা বানত স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। মহানগৰখনৰ বিভিন্ন পথ-উপপথত পানী জমা হৈ থকাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি উজনি অসমৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শেহতীয়া বানত ৰাজ্যখনৰ প্ৰায় ৪৭ হাজাৰ লোকে ঘৰ-বাৰী পানীত ডুব যোৱাত সাময়িকভাৱে সাহায্য শিবিৰত থাকিবলগী...

June 22, 2024 12:43 PM

অসম আৰু চৌপাশৰ এলেকাসমূহত ঘূর্ণী বতাহ হোৱাৰ সম্ভাৱনা প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু চৌপাশৰ এলেকাসমূহত ঘূর্ণী বতাহ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। ইয়াৰ প্ৰভাৱত পৰৱৰ্তী ৪ দিনত অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ হিমালয়ৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত কেৰালাৰ উপকূলভাগ, কৰ্ণাটকৰ দক্ষিণ প্ৰান্তৰ দুৰ্গম এলেকা, কংকণ গোৱাতো ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে।

June 19, 2024 12:14 PM

অহা ২৪ জুনলৈকে ৰাজ্যৰ আটাইকেইখন জিলাতেই পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা

গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৪ জুনলৈকে ৰাজ্যৰ আটাইকেইখন জিলাতেই পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। কেন্দ্ৰটোৱে কালি ৰাজ্যৰ ১১খন জিলাত প্ৰযোজ্য হোৱাকৈ ৰেড এলার্ট জাৰি কৰিছে। ৰেড এলার্ট জাৰি কৰা জিলাকেইখন হৈছে - কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, বাক্সা, চিৰাং, বৰপেটা, দক্ষিণ কাৰ্বি আংলং, তামুলপুৰ, গোৱালপাৰা, কাচাৰ আৰু ডিমা হাছাও। আনহাতে ওদালগুৰি, মৰিগাঁও, দৰং, নগাঁও, কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, ধেমাজি আৰু তিনিচুকীয়া জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। গুৱাহাটী...

June 18, 2024 7:50 PM

পৰৱৰ্তী ২-৩ দিনলৈ অসম, মেঘালয় আৰু পশ্চিমবংগৰ হিমালয়ৰ দাতিকাষৰীয়া অঞ্চলসমূহত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয় আৰু পশ্চিমবংগৰ হিমালয়ৰ দাতিকাষৰীয়া অঞ্চলসমূহত পৰৱৰ্তী ২-৩ দিনলৈ ধাৰাষাৰ বৰষুণ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত দাক্ষিণাত্যতো বিজুলী থেৰেকণীৰে ধুমুহা বৰষুণ হব পাৰে বুলি কোৱা হৈছে। বিভাগে লগতে উত্তৰ ভাৰতৰ ভালেমান ঠাইত পৰৱৰ্তী ২৪ ঘণ্টালৈ গ্ৰীষ্ম প্রবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে আৰু তাৰ পাছত লাহে লাহে গৰমৰ প্ৰকোপ হ্ৰাস পাব পাৰে বুলি প্ৰকাশ কৰিছে। ভূমধ্য সাগৰীয় অঞ্চলত বায়ুমণ্ডলৰ যথেষ্ট উচ্চতাত সৃষ্টি হোৱা প্ৰৱল ধুমহা বলয়ৰ প্ৰভাৱত উত্তৰ...

June 17, 2024 12:43 PM

অসমত ২০ জুনলৈ বিজুলী-ঢেৰেকনীৰে প্রবল বৃষ্টিপাত হোৱাৰ আশংকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত প্রবল বর্ষাবতৰ আশংকা কৰি ৰেড এলার্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্রই আজিৰে পৰা অহা ২০ জুনলৈ বিজুলী-ঢেৰেকনীৰে প্রবল বৃষ্টিপাত হোৱাৰ আগলি বতৰা দিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰে এই সম্পর্কে বিশেষ বতৰ বুলেটিনো প্রকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও আৰু তামুলপুৰত মজলীয়াৰ পৰা প্ৰবল বৰষুণ হোৱাৰ আশংকা প্রকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই দক্ষিণ শালমাৰা, গোৱালপাৰা, বজালি, নলবাৰী আৰু কাৰ্বি আংলং জিলাত প্ৰচণ্...