September 12, 2024 6:10 PM

উত্তৰ-পূব মধ্য, পূব আৰু পশ্চিম অঞ্চলৰ বিভিন্ন প্ৰান্তত অহা ৪ দিনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ উত্তৰ-পূব মধ্য, পূব আৰু পশ্চিম অঞ্চলৰ বিভিন্ন প্ৰান্তত অহা ৪ দিনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত আজিৰ দিনটোত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, বিহাৰ, ওড়িশা আৰু ঝাৰখণ্ডতো আজি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে মধ্য ভাৰত, কোংকন, গোৱা আৰু গুজৰাটত চলিত সপ্তাহটোত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে। ইতিমধ্যে দিল্লী আৰু ইয়াৰ ক...

September 11, 2024 6:00 PM

অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত অহা ৬ দিনলৈ মুষলধাৰ বৰষুণ হোৱাৰ পূৰ্বাভাস ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত অহা ৬ দিনলৈ মুষলধাৰ বৰষুণ হোৱাৰ পূৰ্বাভাস দিছে। নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, পশ্চিমবংগ, ছিকিম আৰু বিহাৰতো অহা ১৪ ছেপ্তেম্বৰ পৰ্যন্ত ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইফালে বতৰ বিজ্ঞান বিভাগে ৰাজস্থান, মধ্যপ্রদেশ, বিদর্ভ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ কোনো কোনো অঞ্চলত আজি প্ৰবলৰ পৰা প্ৰবলতৰ বৰষুণ হোৱাৰ পূৰ্বাভাস প্রকাশ কৰিছে। মধ্যপ্ৰদেশৰ উত্তৰ পূব অংশ আৰু ইয়াৰ আশে পাশে থকা অঞ্চলত নিম্নচাপৰ প্ৰভাৱত উত্তৰ মধ্যপ্ৰদেশৰ মধ্য অংশ আৰ...

September 11, 2024 1:24 PM

অহা ৬ দিনত অসম, মেঘালয় আৰু অৰুণাচল প্রদেশৰ ঠাই বিশেষে ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয় আৰু অৰুণাচল প্রদেশৰ ঠাইবিশেষে অহা ৬ দিনত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে নগতে ছিকিম, পশ্চিম বংগ আৰু বিহাৰত ১৪ ছেপ্তেম্বৰ পৰ্যন্ত প্ৰৱল বৰষুণ হ'ব পাৰে বুলি সম্ভাৱনা প্রকাশ কৰিছে।

September 3, 2024 6:15 PM

আজি আৰু কাইলৈ গুৱাহাটীৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলত ধাৰাষাৰ বৰষুণৰ আগজাননী ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু কাইলৈ গুৱাহাটী তথা ইয়াৰ উপকণ্ঠ অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱা আগজাননী দিছে। বিভাগটোৱে প্ৰকাশ কৰা অনুসৰি অহা ২৪ ঘণ্টাৰ ভিতৰত অঞ্চলটোত ৭ৰ পৰা ১১ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলস্বৰূপে অঞ্চলটোত ৰাস্তাঘাটত পানী হোৱাৰ লগতে দিছপুৰ তথা ইয়াৰ কাষৰীয়া অঞ্চলত বৰষুণৰ পানী জমা হোৱাৰ সম্ভাৱনা আছে। মুষলধাৰ বৰষুণৰ ফলত অঞ্চলটোৰ ৰাস্তা-ঘাটৰ ক্ষতি হোৱাৰ লগতে আবদ্ধ পানীয়ে যানযটৰ সমস্যাৰ সৃষ্টি কৰাৰ আশংকা প্ৰকাশ কৰিছে।

August 21, 2024 12:20 PM

দেশৰ কেইবাটাও স্থানত অহা ২৫ তাৰিখ পর্যন্ত অ’ৰেঞ্জ এলার্ট ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

■ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ পূব আৰু দক্ষিণ প্ৰান্তত অহা ২৫ তাৰিখ পর্যন্ত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা দি অ’ৰেঞ্জ এলার্ট জাৰি কৰিছে । বতৰ বিজ্ঞান বিভাগে কৈছে যে এই সময়ছোৱাত বাংলাদেশৰ মধ্য ভাগত সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ছিকিমত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটী মহানগৰীতো পৰহি নিশাৰেপৰা দি থকা নেৰানেপেৰা বৰষুণৰ ফলত চানমাৰি, শিলপুখুৰী, ছয়মাইল, পাঞ্জাবাৰী, বেলতলা আদি বিভিন্ন অঞ্চল জলমগ্ন হৈ প...

August 17, 2024 10:51 AM

পৰৱৰ্তী ৬ দিনত দেশৰ পূব আৰু মধ্য ভাগত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৬ দিনত দেশৰ পূব আৰু মধ্য ভাগত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে, উত্তৰ-পশ্চিম বংগোপ সাগৰ আৰু কাষৰীয়া পশ্চিমবংগত সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত ২২ আগষ্ট পর্যন্ত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ছিকিম, অৰুণাচল প্ৰদেশ, ছত্তিছগড়, মধ্যপ্রদেশ, ওড়িশা, পশ্চিমবংগ, ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ মধ্য ভাগত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

August 11, 2024 7:45 PM

দেশৰ পূব, উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম অংশত ১৬ আগষ্ট পর্যন্ত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ পূব, উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম অংশত ১৬ আগষ্ট পর্যন্ত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পৰৱৰ্তী ৫ দিনত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি অনুমান কৰিছে। এই সময়ছোৱাত হিমাচল প্রদেশ, উত্তৰাখণ্ড, ৰাজস্থান আৰু উত্তৰ প্ৰদেশতো ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগ প্রকাশ কৰিছে।

August 6, 2024 8:46 PM

উত্তৰ-পশ্চিম আৰু পূব ভাৰতত অহা দুই-তিনি দিনত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পশ্চিম আৰু পূব ভাৰতত অহা দুই-তিনি দিনত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বিভাগৰ মতে অসমকে ধৰি অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, পশ্চিমবংগ আৰু ছিকিমত অহা ১০ আগষ্টলৈকে পাতলীয়া তথা সময়ে সময়ে মুষলধাৰে বৰষুণ হ'ব বুলি সতর্কতা জাৰি কৰিছে।

June 13, 2024 7:57 PM

পৰৱৰ্তী ৪-৫ দিনলৈ উত্তৰ-পূৰ্বাঞ্চল, পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চল আৰু ছিকিমত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৪-৫ দিনলৈ উত্তৰ-পূৰ্বাঞ্চল, পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চল আৰু ছিকিমত ধাৰাসাৰ বৰষুণ দিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে লগতে উত্তৰপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ডত গ্ৰীষ্ম প্রবাহৰ প্ৰকোপ বৃদ্ধি পাব পাৰে বুলি সকিয়াই দিছে। বিভাগটোৱে কৈছে যে, উত্তৰ প্ৰদেশত পৰৱৰ্তী ৩-৪ দিনৰ বাবে, ঝাৰখণ্ডত তিনি দিনৰ বাবে আৰু বিহাৰত পৰৱৰ্তী দুদিন পর্যন্ত গ্রীষ্ম প্রবাহ অব্যাহত থাকিব পাৰে।

June 1, 2024 2:46 PM

কেৰালাত ৰাজ্যখনৰ উত্তৰ অংশত প্ৰৱল বৃষ্টিপাত অব্যাহত

কেৰালাত ৰাজ্যখনৰ উত্তৰ অংশত প্ৰৱল বৃষ্টিপাত অব্যাহত আছে। ৰাজ্যখনৰ মালাপ্পুৰম, কোঝিকোৰ, ৱায়ানাড আৰ্ণাকুলম আৰু ইডুক্কি জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যখনত কাইলৈ পৰ্যন্ত বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে৷ কাইলৈ পৰ্যন্ত দক্ষিণ কেৰালা আৰু লাক্ষাদ্বীপ অঞ্চলত মাছমৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।