September 6, 2024 8:24 PM

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ

উত্তৰ পূৰ্বাঞ্চলত মহাকাশ প্রযুক্তিৰ শিক্ষা, দক্ষতা বিকাশ, গৱেষণা আৰু উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীৰ হৈ সঞ্চালক প্ৰফেচাৰ দেবেন্দ্ৰ জালিহাল আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ হৈ উপাধ্যক্ষ সূৰয চেত্ৰীয়ে এই চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিয়ে অসমত উদ্ভাৱন, উৎকৰ্ষ সাধন আৰু মহাকাশ প্রযু...

September 5, 2024 9:07 PM

আই আই টি গুৱাহাটী চৌহদত কাইলৈ আই আই টি গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ আয়োজন

আই আই টি গুৱাহাটী চৌহদত কাইলৈ আই আই টি গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জেলিহালৰ উপস্থিতিত বিয়লি চাৰে ৩ বজাৰ পৰা চুক্তি স্বাক্ষৰ অনুষ্ঠানটি অনুষ্ঠিত হ'ব।

August 12, 2024 7:34 PM

ভাৰতীয় উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত আই আই টি গুৱাহাটীৰ নৱম স্থান অধিকাৰ

ভাৰতীয় উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত আই আই টি গুৱাহাটীয়ে নৱম স্থান অধিকাৰ কৰিছে । কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে নতুন দিল্লীত ভাৰত মণ্ডপমত আজি ২০২৪ বৰ্ষত শীর্ষ স্থানত থকা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ তালিকা প্রকাশ কৰে। এই তালিকাত আই আই টি মাদ্রাছে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে আই আই টি বোম্বেয়ে দ্বিতীয় স্থান দখল কৰিছে।