July 4, 2024 2:31 PM

খিতাপজয়ী ভাৰতীয় পুৰুষ ক্রিকেট দলক প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খিতাপজয়ী ভাৰতীয় পুৰুষ ক্রিকেট দলটোক আজি নতুন দিল্লীত সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে দলটো ৰাষ্ট্ৰীয় ৰাজধানীৰ ছেভেন লোক কল্যাণ মাৰ্গত থকা থকা প্রধানমন্ত্রী বাসগৃহত উপস্থিত হয়। উল্লেখযোগ্য যে কেন্দ্রীয় ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়াই দলটোক আদৰণি জনাই কয় যে, সমগ্র দেশে বাৰবাডোজৰ ভূমিত ভাৰতীয় ত্ৰিৰংগা উৰুৱাই অহা দলটোক স্বাগতম জনাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল। বি চি চি আইৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই খিতাপ জয়ৰ বাবে সকলো খেলুৱৈ, দলৰ ব্যৱস্থাপনা আৰু বি চি চি আইৰ বিষয়া...

June 30, 2024 11:41 AM

১৭ বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে ভাৰতৰ আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল

ভাৰতে যোৱানিশা দক্ষিণ আফ্রিকাক ৭ ৰানত পৰাস্ত কৰি ১৭ বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল কৰে। ভাৰতে কিংস্টন অভেলত অনুষ্ঠিত খেলখনত প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ বিৰাট কোহলিৰ ৭৬ আৰু অক্সৰ পেটেলৰ ৪৭ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৭৬ ৰান কৰে। আই চি চি টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ইতিহাসত এয়া হৈছে ফাইনেলত কোনো দলে সংগ্ৰহ কৰা সৰ্বাধিক স্ক'ৰ। দক্ষিণ আফ্ৰিকাৰ হৈ এনৰিক ন'ৰ্টজে আৰু কেশৱ মহাৰাজে দুটাকৈ উইকেট দখল কবে। প্রত্য...

June 28, 2024 2:57 PM

কাইলৈ আই চি চি টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত কাইলৈ বাৰবাডোছত হ'বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অৰম্ভ হ'ব। ভাৰতে যোৱা নিশা গায়ানাত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৭১ ৰান কৰে। ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই ৩৯ টা বলত সৰ্বাধিক ৫৭ ৰান কৰাৰ বিপৰীতে সূর্যকুমাৰ যাদবে ৩৬টা বলত ৪৭ আৰু হার্ডিক পা...

June 28, 2024 12:04 PM

টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

ভাৰতে আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱানিশা গায়ানাত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৭১ ৰান কৰে। ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই ৩৯ টা বলত সৰ্বাধিক ৫৭ ৰান কৰাৰ বিপৰীতে সূর্যকুমাৰ যাদবে ৩৬টা বলত ৪৭ আৰু হার্ডিক পাণ্ডিয়াই ১৩ বলত ২৩ ৰানৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ ক্ৰিছ জর্ডানে ৩টা উইকেট দখল কৰে। ৰীচি টোপলে, জোফ্র...

June 27, 2024 6:45 PM

টি-২০ বিশ্বকাপত আজি নিশা দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি নিশা গায়ানাৰ প্ৰভিডেন্স ষ্টেডিয়ামত হ’বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ভাৰতে এতিয়ালৈকে আটাইকেইখন খেলতে জয়লাভ কৰিছে। ত্রিনিদাদৰ ব্ৰায়ন লাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্রিকাই আফগানিস্তানক ৯ উইকেটত পৰাস্ত কৰে। ৫৭ ৰানৰ বিজয়ৰ লক্ষ্যৰে খেলি দক্ষিণ আফ্ৰিকাই ৮ অ’ভাৰ ৫টা বলত এটা উইকেটৰ বিনিময়ত ৬০ ৰান কৰি ...

June 25, 2024 6:55 PM

টি-২০ বিশ্বকাপত ভাৰত, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ ছেমি ফাইনেললৈ যোগ্যতা অর্জন

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা দলসমূহ নিশ্চিত হৈছে। ভাৰত, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানে ছেমি ফাইনেললৈ যোগ্যতা অর্জন কৰিছে। আফগানিস্তানে আজি কিংষ্টনত অনুষ্ঠিত প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ এখন ৰোমাঞ্চকৰ খেলত বাংলাদেশক ডাক ৱৰ্থ লুইছ পদ্ধতিৰ সহায়ত ৮ ৰানত পৰাস্ত কৰি চতুৰ্থটো দল হিচাপে ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। খেলখনত আফগানিস্তানে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অ’ভাৰত ৫ টা উইকেটৰ বিনিময়ত ১১৫ ৰান সংগ্ৰহ কৰে। খেলখনত বৰষুণে ব...

June 23, 2024 7:35 PM

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটত আফগানিস্তানৰ বিৰুদ্ধে ২১ ৰাণত পৰাস্ত অষ্ট্ৰেলিয়া

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি পুৱা কিংষ্টনত অনুষ্ঠিত ছুপাৰ এইট পর্যায়ৰ খেলত আফগানিস্তানে অষ্ট্ৰেলিয়াক ২১ ৰাণত পৰাস্ত কৰে। খেলখনত আফগানিস্তানে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অ’ভাৰত পাঁচটা উইকেটৰ বিনিময়ত ১৪৮ ৰাণ কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ১৯ অ’ভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১২৭ ৰাণহে কৰিবলৈ সমৰ্থ হয়। আফগানিস্তানৰ হৈ গুলবাদিন নঈবে চাৰিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। গুলবাদিনক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। অষ্ট্ৰেলিয়াই কাইলৈ ভাৰতৰ বিৰুদ্ধে ছু...

June 23, 2024 12:08 PM

আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ ৫০ ৰানত জয়

ভাৰতে যোৱানিশা এণ্টিগুৱাৰ ছাৰ ভিভিয়ান ৰিছাৰ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ এখন খেলত বাংলাদেশক ৫০ ৰানত পৰাস্ত কৰে। খেলখনত ভাৰতে প্রখমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেটৰ বিনিময়ত ১৯৫ ৰান কৰে। ভাৰতৰ হৈ হার্দিক পাণ্ডিয়াই ২৭টা বলত ৫০ ৰান কৰাৰ বিপৰীতে বিৰাট কোহলিয়ে ২৮টা বলত ৩৭ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত বাংলাদেশে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৪৬ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ কম বলত অর্ধশতক অৰ্জন কৰাৰ লগতে এ...

June 21, 2024 1:14 PM

আই চি চি টি-২০ বিশ্বকাপত ছুপাৰ এইট পর্যায়ৰ এখন খেলত ভাৰতৰ হাতত আফগানিস্তান ৪৭ ৰানত পৰাস্ত

ভাৰতে যোৱা নিশা বাৰবাডোছৰ ব্ৰীজটাউনত অনুষ্ঠিত আই চি চি টি-২০বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পর্যায়ৰ এখন খেলত আফগানিস্তানক ৪৭ ৰানত পৰাস্ত কৰে। আফগানিস্তানে ১৮২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৩৪ ৰানহে কৰিবলৈ সমৰ্থ হয়। প্রতিযোগিতাত আজিৰ দুখন খেলৰ প্ৰথমখনত অষ্ট্ৰেলিয়া বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনত বাংলদেশে প্রথমে বেট ধৰি অষ্ট্ৰেলিয়াক ১৪১ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমালৈ বাতৰি অহাৰ পৰলৈকে অষ্ট্ৰেলিয়াই ৬ অভাৰত ১টা উইকেট হে...

June 18, 2024 5:11 PM

আই চি চি টি-২০ বিশ্বকাপত নেপালক পৰাস্ত কৰি বাংলাদেশৰ অন্তিমটো দল হিচাপে ছুপাৰ-৮ত স্থান লাভ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ত স্থান পোৱা দলসমূহ নিশ্চিত কৰা হৈছে। বাংলাদেশে নেপালক পৰাস্ত কৰি অন্তিমটো দল হিচাপে ছুপাৰ এইট পর্যায়ত স্থান লাভ কৰিছে। প্ৰতিযোগিতাত ছুপাৰ এইট পর্যায়ৰ খেলসমূহ কাইলৈ আৰম্ভ হৈ ২৫ জুনত সামৰণি পৰিব। এই পৰ্যায়ৰ প্ৰথমটো গ্ৰুপত ভাৰত, অষ্ট্ৰেলিয়া, বাংলাদেশ আৰু আফগানিস্তানক স্থান দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্রিকাক দ্বিতীয়টো গ্ৰুপত অন্তৰ্ভুক্ত কৰা হৈছে। ছুপাৰ এইট পৰ্যায়ৰ প্ৰথমখন খেলত কাইলৈ আমেৰিকা ...