June 17, 2024 6:47 PM
টি-২০ বিশ্বকাপ ক্রিকেটত নেপালক ২১ ৰানত পৰাস্ত বাংলাদেশৰ, নেডাৰলেণ্ডছৰ বিৰুদ্ধে শ্ৰীলংকাৰ জয়
আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গ্রুপ 'ডি'ৰ এখন খেলত বাংলাদেশে নেপালক ২১ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি বাংলাদেশে নেপালক জয়ৰ বাবে ১০৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে যদিও নেপালে ১৯ অ'ভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৮৫ ৰানহে সংগ্ৰহ কৰে। এই জয়ৰ লগে লগে বাংলাদেশে ছুপাৰ এইট পৰ্যায়ত স্থান নিশ্চিত কৰে। আনহাতে, ছেইণ্ট লুছিয়াৰ ডাৰেনছেমি নেচনেল ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ ডিৰ দ্বিতীয়খন খেলত শ্রীলংকাই নেডাৰলেণ্ডছক ৮৩ ৰানত পৰাস্ত কৰে। খেলখনত টছত জয়ী হৈ শ্রীলংকাক বেটিঙৰ বা...