June 29, 2024 12:36 PM

বিশ্বকাপ আই চি চি টি-২০ বিশ্বকাপত আজি ভাৰত বনাম দক্ষিণ আফ্ৰিকা

ভাৰত আজি বাৰবাডোছত হ'বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।আনহাতে দক্ষিণ আফ্রিকাই ছেমি ফাইনেলত আফগানিস্তানক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত আৰু দক্ষিণ আফ্রিকা এইবাৰৰ প্ৰতিযোগিতাত বৰ্তমানলৈকে এখনো খেলত পৰাজিত হোৱা নাই। ভাৰতীয় ক্রিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ...

June 25, 2024 1:03 PM

ভাৰত আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ

ভাৰতে আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কালি ছেণ্ট লুছিয়াৰ ডাৰেন ছাম্মী নেচনেল ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ ছুপাৰ এইট পর্যায়ৰ এখন খেলত অষ্ট্ৰেলিয়াক ২৪ ৰানত পৰাজিত কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ২০৫ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰোহিত শর্মাই সৰ্বাধিক ৯২ ৰান কৰাৰ বিপৰীতে সূর্যকুমাৰ যাদৱে ৩১ আৰু শিৱম ডুবে ২৮ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱ...

June 24, 2024 6:20 PM

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰতে ছুপাৰ এইট পৰ্যায়ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছেণ্ট লুছিয়াৰ ডানে ছাম্মী নেচনেল ক্রিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত খেলখন আৰম্ভ হ'ব। দুয়োটা দলৰ মাজত অনুষ্ঠিত পূৰ্বৰ ৩১ খন টি-২০ খেলত ভাৰতে ১৯ খনত আৰু অস্ট্রেলিয়াই ১১ খনত জয়লাভ কৰাৰ বিপৰীতে এখন খেল অমিমাংসিত হৈ ৰয় । ইফালে, এণ্টিগুৱাৰ ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত আজি পুৱা অনুষ্ঠিত এখন খেলত ৱেষ্ট ইণ্ডিজক তিনি উইকেটত পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই ছেমি ফাইনেলত প্রবেশ ...

June 22, 2024 12:57 PM

আই চি চি টি-টুৱেণ্টি ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ সপ্তমখন খেলত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰত আজি এণ্টিগুৱাৰ নৰ্থ ছাউণ্ডৰ ছাৰ ভিভিয়ান ৰিছাৰ্ডছ ষ্টেডিয়ামত হ'বলগীয়া আই চি চি টি-টুৱেণ্টি ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ সপ্তমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ব্ৰীজটাউনত অনুষ্ঠিত ছুপাৰ-এইট পর্যায়ৰ ষষ্ঠখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজে জয় লাভ কৰিছে। প্ৰথমে বেট ধৰি আটাইকেইটা উইকেট হেৰুৱাই ১৯ অভাৰ ৫টা বলত আমেৰিকা যুক্তৰাষ্ট্ৰই ১২৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে ১০ অভাৰ ৫টা বলতেই নিৰ্ধাৰিত লক্ষ্...

June 20, 2024 7:54 PM

আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত আফগানিস্তানৰ মুখামুখি

আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি বাৰবাডোছৰ ব্ৰিছটাউনত হ'বলগীয়া ছুপাৰ এইট পৰ্যায়ৰ খেলত ভাৰত আফগানিস্তানৰ মুখামুখি হ'ব। খেলখন খন্তেক পিছতে আৰম্ভ হ'ব। ইপিনে, ভাৰতীয় সময় অনুসৰি আজি পুৱা ছেইণ্ট লুছিয়াত অনুষ্ঠিত ছুপাৰ এইট পর্যায়ৰ খেলত ইংলেণ্ডে ৱেষ্ট ইণ্ডিজক ৮ উইকেটত পৰাস্ত কৰে। টছত জিকি ইংলেণ্ডে ৱেষ্ট ইণ্ডিজক প্রথমে বেট ধৰাৰ বাবে আমন্ত্রণ জনায়। ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত ২০ অ’ভাৰত ৪টা উইকেটৰ বিনিময়ত ১৮০ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ ফিল' ছল্টক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়।

June 19, 2024 12:35 PM

আজিৰে পৰা আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ খেলসমূহ আৰম্ভ

আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব। এই পৰ্যায়ৰ আটাইকেইখন খেল ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ'ব। ছুপাৰ এইট পৰ্যায়ৰ প্ৰথমখন খেলত আজি আমেৰিকা যুক্তৰাষ্ট্ৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মুঠ আঠটা দলে এই পর্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। দলসমূহক দুটা ভাগত বিভক্ত কৰা হৈছে। ভাৰত, অষ্ট্ৰেলিয়া, বাংলাদেশ আৰু আফগানিস্তানক প্ৰথমটো গ্ৰুপত স্থান দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাক দ্বিতীয়টো গ্ৰুপত অন্তৰ্ভুক্ত কৰা...

June 16, 2024 12:56 PM

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতীয় দলৰ ছুপাৰ -৮ লৈ যোগ্যতা অৰ্জন

ভাৰতীয় ক্রিকেট দলে আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা গ্রুপ পর্যায়ত অপৰাজেয় হৈ থকাৰ লগতে ৭ পইণ্ট লাভ কৰি শীৰ্ষস্থানত উপনীত হৈ ছুপাৰ -৮ লৈ যোগ্যতা অৰ্জন কৰিছে। যোৱা নিশা ভাৰতে নিজৰ চতুৰ্থ তথা অন্তিম লীগ খেলখনত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হয় যদিও বৰষুণৰ বাবে খেলখন পৰিত্যক্ত হয়। ফলত উভয় দলে ১ পইণ্টকৈ লাভ কৰে। ভাৰতে ইয়াৰ পূৰ্বে আয়াৰলেণ্ড, পাকিস্তান আৰু আমেৰিকাক পৰাস্ত কৰিছিল। উল্লেখযোগ্য যে ছুপাৰ-৮ত ভাৰতে তিনিখন খেল খেলিব। অহা ২০ জুনত আফগানিস্তান আৰু ২৪...

June 15, 2024 12:37 PM

টি-টুৱেণ্টি বিশ্বকাপত আজি নিশা ৮ বজাত ভাৰত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত আজি ফ্লৰিডাত হ'বলগীয়া আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে, আয়াৰলেণ্ডৰ বিৰুদ্ধে লৌডেৰহিলত হ'বলগীয়া খেলখন নেৰা নেপেৰা বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰাত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰতিযোগিতাৰ ছুপাৰ এইট পর্যায়ত স্থান লাভ কৰে। আমেৰিকাই এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰতৰ পাছত আমেৰিকা ছুপাৰ এইট পৰ্যায়ত প্ৰৱেশ কৰা গ্ৰুপ-এৰ...

June 4, 2024 8:58 PM

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত উগাণ্ডাক ১২৫ ৰানত পৰাস্ত আফগানিস্তানৰ

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিঞ্জত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি অনুষ্ঠিত এখন খেলত আফগানিস্তানে উগাণ্ডাক ১২৫ ৰানত পৰাস্ত কৰে। প্ৰভিডেন্সত অনুষ্ঠিত খেলখনত আফগানিস্তানে প্রথমে বেটিং কৰি ৫ উইকেটৰ বিনিময়ত ১৮৩ ৰান কৰাৰ প্ৰত্যুত্তৰত উগাণ্ডা ৫৮ ৰানত অল আউট হয়। আফগানিস্তানৰ হৈ ফজলহক ফাৰুকীয়ে ৪ অভাৰত ৯ ৰান খৰচ কৰি ৫টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে আফগানিস্তানৰ ইনিংছত ৰহমনউল্লাহ গুৰবাজে ৭৬ আৰু ইব্রাহিম জাদানে ৭০ ৰানৰ বৰঙণি আগবঢ়ায়। ইপিনে আজি ৱেষ্ট ইণ্ডিজৰ ব্ৰীজটাউনত নিশা ৮ বজাৰ পৰা অ...

June 2, 2024 9:04 PM

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটত ৱেষ্ট ইণ্ডিজ পাপুৱা নিউগিনিৰ বিৰুদ্ধে অৱতীৰ্ণ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা আজি গায়ানাৰ প্ৰভিডেন্স ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত সহআয়োজক ৱেষ্ট ইণ্ডিজ পাপুৱা নিউগিনিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা ৮ বজাত আৰম্ভ হ'ব। আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে এইবাৰ যৌথভাৱে আয়োজন কৰা প্ৰতিযোগিতাৰ নৱম সংস্কৰণ আজি আমেৰিকাত আৰম্ভ হৈছে। আজি ডালাছৰ প্ৰেইৰি ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত আমেৰিকা যুক্তৰাষ্ট্ৰই কানাডাক ৭ উইকেটত পৰাস্ত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই ১৯৫ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ আৰু...